ETV Bharat / state

Firing in Dibrugarh: ডিব্ৰুগড়ত নিজকে গুলীয়ালে কিশোৰীয়ে

author img

By

Published : Apr 1, 2022, 6:03 PM IST

Updated : Apr 1, 2022, 10:16 PM IST

ডিব্ৰুগড়ত গুলীচালনাৰ ঘটনা ৷ ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এগৰাকী 15 বছৰীয়া কিশোৰী (Minor girl shoots self in Dibrugarh)৷

Firing in Dibrugarh
ডিব্ৰুগড়ত নিজকে গুলীয়ালে কিশোৰীয়ে

ডিব্ৰুগড়, 1 এপ্ৰিল: ডিব্ৰুগড়ত সংঘটিত হৈছে গুলীচালনাৰ ঘটনা । গুলীচালনাত গুৰুতৰভাৱে আহত হয় এগৰাকী ১৫ বছৰীয়া কিশোৰী । ঘটনাক লৈ ডিব্ৰুগড়ৰ আমোলাপট্টিৰ গাৰ্ড কোৰ্টাৰত সৃষ্টি হৈছে চাঞ্চল্যৰ (Minor girl shoots self in Dibrugarh) ৷

১৫ বছৰীয়া কিশোৰীগৰাকীয়ে পিষ্টলেৰে গুলীবিদ্ধ কৰে নিজকে । ফলত মুখমণ্ডলত গুৰুতৰভাৱে আঘাত পোৱা কিশোৰীগৰাকীক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে ডিব্ৰুগড়স্থিত চিকিৎসা মহাবিদ্যালয়ত । যুৱতীগৰাকীৰ পিতৃ এখন Gun house ৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে ।

Firing in Dibrugarh: ডিব্ৰুগড়ত নিজকে গুলীয়ালে কিশোৰীয়ে

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কিশোৰীগৰাকীৰ মুখমণ্ডলৰ বাওঁঅংশটোৰ সম্পূৰ্ণৰূপে ক্ষতি হোৱা বুলি চিকিৎসকে জানিবলৈ দিছে ৷ কিশোৰীগৰাকীয়ে এইদৰে গুলীচালনা কৰিবলগা হোৱাৰ কাৰণ স্পষ্ট হোৱা নাই যদিও এয়া আত্মহত্যাৰ প্ৰচেষ্টা বুলি সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক: Threats To PM Modi: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যাৰ ভাবুকি

Last Updated : Apr 1, 2022, 10:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.