ETV Bharat / entertainment

তীৰ্থযাত্ৰীৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, একেমুখে গৰিহণা বলীউডৰ - TERROR ATTACK ON YATRA BUS

author img

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 5:21 PM IST

Reasi Terror Attack: জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছ এখনত সংঘটিত সন্দেহজনক সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিয়ে বলীউডৰ তাৰকাসকলে । শিৱ খোৰী মন্দিৰলৈ যোৱাৰ পথত সন্ত্ৰাসবাদীয়ে বাছখনত কৰা আক্ৰমণৰ ফলত বাছখন দ খাৱৈত বাগৰি পৰে । উদ্ধাৰ অভিযান আৰু অনুসন্ধানৰ কাম চলি আছে ৷

'All Eyes on Reasi': Kangana Ranaut, Varun Dhawan, Anupam Kher and Others React As 9 Dead in J-K's Reasi Terror Attack
সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা (ETV Bharat)

চিটাৰা ডেস্ক, 10 জুন : এক মৰ্মান্তিক ঘটনা, জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ শিৱ খোৰী মন্দিৰলৈ তীৰ্থযাত্ৰী কঢ়িয়াই অনা বাছ এখন সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰে । স্তম্ভিত বলীউডৰ চেলেব্ৰিটীসকলে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই ঘটনাক গৰিহণা দি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিচত দেওবাৰে সন্ধিয়া দহজন লোকৰ মৃত্যু হয় ৷ কংগনা ৰনৌত, বৰুণ ধৱন, ৰিতেশ দেশমুখ আৰু অনুপম খেৰৰ দৰে চেলেব্ৰিটীয়ে ৰিয়াছিত যাত্ৰীবাহী বাছখনত হোৱা বৰ্বৰোচিত আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে ।

গভীৰ দুখ প্ৰকাশ কৰি অভিনেতা ৰিতেশ দেশমুখে টুইট কৰি কয়, "ৰিয়াছি সন্ত্ৰাসবাদী আক্ৰমণত শোকস্তব্ধ আৰু বিধ্বস্ত। ভুক্তভোগী আৰু পৰিয়ালৰ বাবে প্ৰাৰ্থনা ।"

এক্স/টুইটাৰত কংগনা ৰনৌতে এই আক্ৰমণৰ ধিক্কাৰ দি লিখিছে, "জম্মু-কাশ্মীৰৰ ৰিয়াছিত তীৰ্থযাত্ৰীসকলৰ ওপৰত কাপুৰুষীয়া সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো । বিদেহীসকলৰ বাবে প্ৰাৰ্থনা কৰিছো আৰু আহতসকলৰ শীঘ্ৰে আৰোগ্যৰ আশা কৰিছো । ওম শান্তি ।"

লগতে পঢ়ক : এসময়ত কটু মন্তব্যৰে আক্ৰমণ কৰা আলিয়া-হৃত্বিক আছেনে কংগনাৰ সমৰ্থনত ? - KANGANA RANAUT SLAP INCIDENT

অনুপম খেৰেও ছ’চিয়েল মিডিয়াত নিজৰ দুখ প্ৰকাশ কৰি ভুক্তভোগী পৰিয়ালৰ বাবে শক্তি আৰু আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে । "ৰিয়াছিত তীৰ্থযাত্ৰীৰ ওপৰত হোৱা কাপুৰুষৰ আক্ৰমণত ক্ষুব্ধ আৰু দুখী । জম্মু ! সৰ্বশক্তিমানে ভুক্তভোগীৰ আপোনজনক যন্ত্ৰণা আৰু ক্ষতি সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক । আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা । 💔🕉 #ReasiAttack #AllEyesOnReasi, " খেৰে এইদৰে লিখে ।

'All Eyes on Reasi': Kangana Ranaut, Varun Dhawan, Anupam Kher and Others React As 9 Dead in J-K's Reasi Terror Attack
সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা (Varun Dhawan reacts to terror attack on pilgrims in Reasi (Instagram))

ইয়াৰ লগতে হতবাক বৰুণ ধৱনে নিজৰ শোক প্ৰকাশ কৰি কাপুৰুষালিৰ কাৰ্যক গৰিহণা দি বিদেহী আত্মাৰ বাবে শান্তি আৰু পৰিয়ালৰ দুখ উপশমৰ বাবে প্ৰাৰ্থনা জনায় ।

বিষয়াসকলৰ মতে, শিৱ খোৰী মন্দিৰৰ পৰা কাটৰালৈ যাত্ৰা কৰি থকা বাছখনত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে, যাৰ ফলত বাছখন ৰাস্তাৰ পৰা আঁতৰি যায় আৰু ৰিয়াছি জিলাৰ পোনি অঞ্চলত এটা খাৱৈত বাগৰি পৰে ।

উদ্ধাৰ অভিযান সম্পূৰ্ণ কৰা হৈছে, আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ যাত্ৰীসকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই ।

ভাৰতীয় সেনাই ৰিয়াছিত অনুসন্ধান অভিযান আৰম্ভ কৰে আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ)ও উক্ত স্থানত উপস্থিত হৈছে ৷ ড্ৰ’ন ব্যৱহাৰ কৰি ঘটনাস্থলীৰ চাৰিওফালে থকা ঘন বনাঞ্চলসমূহ চাই থকা হৈছে ।

লগতে পঢ়ক : ধৰ্ষণ তেনেহ’লে আপোনালোকৰ বাবে সহজ কথা ! - CISF Woman Slapping Kangana Ranaut

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.