ETV Bharat / city

মুখ্যমন্ত্ৰীৰ ঘৰলৈ পুৱাই কোন গৈছিল: সদনত তদন্ত বিচাৰিলে স্বয়ং মুখ্যমন্ত্ৰীয়েই

author img

By

Published : Apr 1, 2022, 9:40 PM IST

‘‘মই কাৰো বিৰুদ্ধে কিবা শাস্তিমূলক ব্যৱস্থা লোৱা বা বিশেষাধিকাৰ ভংগৰ অভিযোগত অভিযুক্ত কৰা এই বিষয় বিলাকলৈ যাব খোজা নাই... ’’ এইবুলি শুকুৰবাৰে সদনত মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ।

assam-cm-demands-high-level-enquiry
মুখ্যমন্ত্ৰীৰ ঘৰলৈ পুৱাই কোন গৈছিল: সদনত তদন্ত বিচাৰিলে স্বয়ং মুখ্যমন্ত্ৰীয়েই

গুৱাহাটী, 1 এপ্ৰিল: শুকুৰবাৰে পুৱাই প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা জাৰি কৰা এক বিবৃতিয়ে আজি ওৰেটো দিন কংগ্ৰেছ, বিজেপি আৰু এ আই ইউ ডি এফৰ ভিতৰচ'ৰা উত্তপ্ত কৰি ৰখাৰ উপৰি বিধানসভাৰ মজিয়াতো চৰ্চিত হৈ পৰিছে এই প্ৰসংগ ।

সঁচাকৈয়ে কংগ্ৰেছে অভিযোগ কৰাৰ দৰে শুকুৰবাৰে পুৱা ছয় বজাতে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত হাজিৰ হৈছিল নেকি এ আই ইউ ডি এফৰ পাঁচ বিধায়ক (Who went to CMs house in morning on Friday) ? আনহাতে, মুখ্যমন্ত্ৰীয়ে এই অভিযোগ নাকচ কৰিলেও কংগ্ৰেছ কিন্তু অটল হৈয়ে আছে এই অভিযোগত ।

বিধানসভাত আজি কংগ্ৰেছে জাৰি কৰা এই বিবৃতিৰ বিষয়টো প্ৰথমে উত্থাপন কৰে এ আই ইউ ডি এফৰ ধিঙৰ বিধায়ক আমিনুল ইছলামে । তেওঁ কয় যে, এয়া সম্পূৰ্ণ এক মিছা কথা । এনে বিবৃতি জাৰি কৰি কংগ্ৰেছে কেৱল এ আই ইউ ডি এফৰ বিধায়কসকলৰে বিশেষাধিকাৰ ভংগ কৰা নাই, মুখ্যমন্ত্ৰীকো অপমান কৰিছে ।

একেদৰে, জনিয়াৰ এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল ইছলামে কয় যে, মুখ্যমন্ত্ৰীৰ বাসগৃহ কলা নে বগা তেওঁ আজিলৈকে দেখাই নাই । আনহাতে, সমগ্ৰ বিষয়টো সন্দৰ্ভত সদনত নিজৰ মতামত ব্যক্ত কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, তেওঁৰ ঘৰলৈ সঁচাকৈ কংগ্ৰেছে কোৱাৰ দৰে এ আই ইউ ডি এফৰ বিধায়কৰ দল এটা গৈছিল নেকি সেয়া অধ্যক্ষই এক তদন্তৰ ব্যৱস্থা কৰক । "

‘‘মই কাৰো বিৰুদ্ধে কিবা শাস্তিমূলক ব্যৱস্থা লোৱা বা বিশেষাধিকাৰ ভংগৰ অভিযোগত অভিযুক্ত কৰা এই বিষয় বিলাকলৈ যাব খোজা নাই । মুঠতে অধ্যক্ষই এই বিষয়টো তদন্তৰ ব্যৱস্থা কৰক । এজন মুখ্যমন্ত্ৰীৰ ঘৰলৈ এনেকৈ পুৱা 6 বজাতেই কোনো লোক যাব নোৱাৰে’’ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে, তাকো এ আই ইউ ডি এফৰ বিধায়কৰ এটা দল বুলি মন্তব্য কৰি মোৰ চৰকাৰী বাসগৃহত চি আৰ পি এফৰ নিৰাপত্তা আছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । তদুপৰি মই নিজেও নিবিচাৰো এ আই ইউ ডি এফৰ সৈতে এটা সম্পৰ্ক গঢ়িব " সদনত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক : বিধায়কৰ কিনা বেচা কংগ্ৰেছৰ দিনৰ পৰাই আৰম্ভ কৰিছিল হিমন্তই: মানস বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.