ETV Bharat / state

বিয়লি 5 বজাৰ শীৰ্ষ সংবাদ

author img

By

Published : Dec 23, 2021, 5:03 PM IST

বিয়লি 5 বজাৰ শীৰ্ষ সংবাদ
বিয়লি 5 বজাৰ শীৰ্ষ সংবাদ

বিয়লি 5 বজাৰ শীৰ্ষ সংবাদ

ETV Bharat Exclusive : ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মানস কোঁৱৰৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মানস কোঁৱৰৰ সৈতে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ (Exclusive interview with SMSS president Manash Konwar) ৷ পুনৰ কা' আন্দোলন তীব্রতৰ কৰি তোলাৰ হুংকাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ (CAA protest in Assam)। এইবাৰ পুনৰ ২০১৯ চনৰ ডিচেম্বৰত হোৱাৰ দৰেই কা' আন্দোলনৰ পোষকতা কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মানস কোঁৱৰে।

Gauhati HC Orders APSC : ন্যায়ালয়ৰ অনুমতিতহে হ’ব লোকসেৱা আয়োগৰ পৰীক্ষাৰ তাৰিখ ঘোষণা

মাতৃভাষা অবিহনে অসম লোক সেৱা আয়োগৰ পৰীক্ষা অনুষ্ঠিত কৰা বিতৰ্কৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰি কৰিছে এক নিৰ্দেশনা ৷ সেই অনুসৰি এতিয়াৰে পৰা অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ তাৰিখ ঘোষণাৰ ক্ষেত্ৰত ল’ব লাগিব ন্যায়ালয়ৰ অনুমতি (Gauhati High Court debars APSC to hold CCE) ৷

Job Mela in Tezpur : পচন্দৰ চাকৰি বিচাৰি তেজপুৰত নিবনুৱাৰ ভীৰ

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ তেজপুৰতো আয়োজন কৰা হয় নিয়োগ মেলাৰ (Job Mela at Tezpur)। ব্যক্তিগত কোম্পানীৰ বিভিন্ন পদৰ বাবে ঠাইতে নিযুক্তি দিয়া হয় অৰ্হতা সম্পন্ন প্ৰাৰ্থিক ।

Road accident : নাওবৈচাত ভয়ংকৰ দুৰ্ঘটনা; থিতাতে নিহত এজন

নাওবৈচাৰ গেন্ধালিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Nowboicha) ৷ থিতাতে এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত আন তিনি গৰাকী ব্যক্তি ৷

Brahmaputra Festival Controversy : শিলঘাটত ব্ৰহ্মপুত্ৰ উৎসৱৰ মঞ্চত জিলিকিল "মাজুলী"

বিতৰ্কৰ আৱৰ্তত ব্ৰহ্মপুত্ৰ ব’ৰ্ড ৷ সংস্কৃতিপূৰ্ণ অঞ্চল কলিয়াবৰত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ আজৱ কাণ্ডই হতবাক কৰিছে ৰাইজক (Controversy at Kaliabar Brahmaputra Festival) ৷

Viral Video of Manas national Park : মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ গাড়ীত আক্ৰমণৰ চেষ্টা গঁড়ৰ

মানাহ ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ জীপ চাফাৰীলৈ যোৱা পৰ্যটকৰ এটা দলক আক্ৰমণৰ চেষ্টা এটা গঁড়ৰ (Rhino rushed to tourist group in Manas) ৷ প্ৰায় ডেৰ কিল’মিটাৰ পৰ্যন্ত পৰ্যটকৰ জীপখন খেদি আহিছিল গঁড়টোৱে ৷ অৱশেষত কথমপি প্ৰাণৰক্ষা পৰে পৰ্যটকৰ দলটোৰ ৷ মানাহৰ বাঁহবাৰী ৰেঞ্জৰ সমীপত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

বিয়া পাতিবলৈ চপালে চিঠি; কইনাই দিলে দৰালৈ পিঠি !

বিয়া পাতিম বুলি ছোৱালী চালে দৰাৰ পৰিয়ালে গৈ ৷ কইনাক পছন্দ কৰি তাৰিখ আহিলে লৈ ৷ কইনা ঘৰৰ আৰ্থিক অনাটন টকা-পাইচাও দিলে ৷ হোমৰ গুৰিত বহিবলৈ নাপালে ৰাম ঠগনহে খালে ৷

Protest of Akhil Gogoi : বিধানসভা চৌহদত পুনৰ ব্যতিক্ৰমী ৰূপত বিধায়ক অখিল গগৈ

"ভাষা নাথাকিলে জাতি নাথাকে' আৰু 'এপিএছচিত অসমীয়া ভাষা শেষ" লিখা টি-ছাৰ্ট পৰিধান কৰি ডিঙিত গামোচা লৈ এই প্ৰতিবাদ অখিল গগৈৰ (Akhil Gogoi protests in assembly)। এপিএছচিৰ পৰা তথা অসমৰ প্ৰশাসনৰ পৰা অসমীয়া ভাষা নোহোৱা কৰিবলৈ বিজেপি চৰকাৰে ষড়যন্ত্ৰ কৰিছে । এই সিদ্ধান্ত অসমীয়া জাতিৰ বাবে আত্মঘাটী সিদ্ধান্ত । এই সিদ্ধান্তই অসমীয়া জাতি সম্পূৰ্ণৰূপে শেষ কৰিব ।

Laharighat Rape Case Encounter: তিনি নাবালিকাৰ ধৰ্ষণকাৰী ৰজনীক গুলীয়ালে আৰক্ষীয়ে

চাৰিদিনত তিনিগৰাকী নাবালিকাক ধৰ্ষণ কৰা ৰজনী অৱশেষত আহত হ’ল আৰক্ষীৰ গুলীত (Police gun fire to rape accused)৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে গুলী চলাই আৰক্ষীয়ে (Laharighat rape case encounter) ৷ পাঠাৰ পাচত লাহৰীঘাট অঞ্চলত এইদৰে গুলীবিদ্ধ হ’ল ৰজনী ৷

Free roaming of Rhino near Majuli : গঁড়ৰ মুক্ত বিচৰণত ভীতিগ্ৰস্ত মাজুলীবাসী

পুনৰ মাজুলীত চলিছে গঁড়ৰ মুক্ত বিচৰণ (Free roaming of Rhino near Majuli) ৷ বিগত পাঁচদিন ধৰি মাজুলীৰ ঘন বসতি প্ৰধান অঞ্চল গুৱাল গাঁৱত মুক্ত বিচৰণ কৰি আছে এটি গঁড়ে (Rhino walking out side forest) ৷ ফলত শংকিত হৈ পৰিছে গুৱাল গাঁৱৰ স্থানীয় লোক । গঁড়টোৱে খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই আহি মাজুলীত প্ৰৱেশ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.