ETV Bharat / state

Job Mela in Tezpur : পচন্দৰ চাকৰি বিচাৰি তেজপুৰত নিবনুৱাৰ ভীৰ

author img

By

Published : Dec 23, 2021, 2:15 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ তেজপুৰতো আয়োজন কৰা হয় নিয়োগ মেলাৰ (Job Mela at Tezpur)। ব্যক্তিগত কোম্পানীৰ বিভিন্ন পদৰ বাবে ঠাইতে নিযুক্তি দিয়া হয় অৰ্হতা সম্পন্ন প্ৰাৰ্থিক ।

Job Mela in Assam
তেজপুৰত শ শ শিক্ষিত নিবনুৱাৰ ভিৰ

তেজপুৰ, ২৩ ডিচেম্বৰ : ৰাজ্যজুৰি বৃহস্পতিবাৰে অনুষ্ঠিত হৈছে নিয়োগ মেলা । শোণিতপুৰ জিলাৰ তেজপুৰস্থিত নিয়োগ বিনিময় কেন্দ্ৰৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়তো বৃহস্পতিবাৰে পুৱাৰ পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ‘নিয়োগ মেলা’ (Job Mela at Tezpur) ।

Job Mela in Assam
তেজপুৰত শ শ শিক্ষিত নিবনুৱাৰ ভিৰ

প্ৰথমবাৰৰ বাবে অসমত শিক্ষিত নিবনুৱাসকলৰ সুবিধাৰ্থে অৰ্হতা অনুসৰি ঠাইতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব লগা এই ‘নিয়োগ মেলা’ত বিভিন্ন পদৰ বাবে প্ৰাৰ্থী নিৰ্বাচিত কৰা হ’ব । এই নিয়োগ মেলাত তেজপুৰত বহু প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷

বিষয় সন্দৰ্ভত শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে কয় যে, মুঠ ১০ টা ব্যক্তিগত খণ্ডৰ কোম্পানীৰ তৰফৰ পৰা মুঠ ১০০ টা পদৰ বাবে এই মেলা অনুষ্ঠিত কৰা হৈছে । প্ৰাৰ্থীসকলৰ অৰ্হতা আৰু যোগ্যতা অনুসৰি ঠাইতে নিযুক্তি প্ৰদান কৰা হ'ব ।

Job Mela in Assam
তেজপুৰত শ শ শিক্ষিত নিবনুৱাৰ ভিৰ

উল্লেখ্য যে, বিভিন্ন বিভাগত ব্যক্তিগত খণ্ডৰ খালী হৈ থকা বিভিন্ন পদসমূহৰ বাবে শিক্ষাগত অৰ্হতা ক্ৰমে ৰসায়ন বিজ্ঞান বিভাগত স্নাতকোত্তৰ, স্নাতক ডিগ্ৰী থকা আৰু জুনিয়ৰ কেমিষ্ট হিচাপে তিনি বছৰ কাম কৰাৰ অভিজ্ঞতা থকা, ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ বা স্নাতক ডিগ্ৰী থকা আৰু এফ এম চি জিৰ উদ্যোগত দুই বছৰৰ কাম কৰাৰ অভিজ্ঞতা থকা হ’ব লাগিব ।

আনহাতে, চিভিল আৰু মেকানিকেল শাখাত বি ই অথবা বি টেক ডিগ্ৰী থকা প্ৰাৰ্থী আৰু ফুড টেকন’ল’জি, বেকাৰী, হোটেল মেনেজমেণ্ট ডিপ্ল'মা থকা আৰু অ'ভেন অপাৰেটৰ হিচাপে আঠৰ পৰা দহ বছৰৰ কাম কৰাৰ অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থীয়ে এই মেলাত অংশগ্ৰহণ কৰিব পাৰিব বুলি কোৱা হৈছিল যদিও অৰ্হতা নথকাকৈও বহু প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে ।

Job Mela in Assam
তেজপুৰত শ শ শিক্ষিত নিবনুৱাৰ ভিৰ

তদুপৰি মেকানিকেল, ফিটাৰ আৰু ইলেক্ট্ৰিচিয়ান বিভাগত আই টি আই উত্তীৰ্ণ হোৱাৰ লগতে দুইৰ পৰা তিনি বছৰ কাম কৰাৰ অভিজ্ঞতা থকা প্ৰাৰ্থীয়ে এই নিয়োগ মেলাত অংশগ্ৰহণ কৰিব পাৰিব । একেদৰে লেবৰেটৰী পাৰ্চন, লেবৰেটৰী সহায়ক পদৰ প্ৰাৰ্থীসকলৰ দুই বছৰৰ কাম কৰাৰ অভিজ্ঞতা সম্পন্ন হ’ব লাগিব ৷ কেচিয়াৰ, একাউণ্টেট পদৰ ক্ষেত্ৰত তিনিৰ পৰা পাঁচ বছৰ অভিজ্ঞতা সম্পন্ন প্ৰাৰ্থী লগতে কাষ্টমাৰ ৰিলেশ্বনশ্বিপ মেনেজাৰ পদৰ বাবে স্নাতক ডিগ্ৰী থকা আৰু এম আই এচ পদৰ‌ বাবে কম্পিউটাৰ এপ্লিকেশ্বনত স্নাতকোত্তৰ ডিপ্ল’মা থকা হ’ব লাগিব ৷

Job Mela in Assam
তেজপুৰত শ শ শিক্ষিত নিবনুৱাৰ ভিৰ

তদুপৰি চেলছ আৰু মাৰ্কেটিং এগজিকিউটিভ, হাউচ কিপিং আদি ভালেমান পদৰ বাবে মকৰল অনুষ্ঠিত হৈছে । সম্পূৰ্ণ বিনামূলীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতাত আয়োজিত এই ‘নিয়োগ মেলা’ত প্ৰাৰ্থীসকলক কোনা ভ্ৰমণ বানচ আদি বিভাগৰ পৰা প্ৰদান কৰা নহয় ।

লগতে পঢ়ক : SPO জোৱানৰ স্থায়ী নিযুক্তি আৰু মণিপুৰী স্বায়ত্বশাসিত পৰিষদ গঠনৰ দাবীত উত্তাল হ’ল মহানগৰীৰ চচল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.