ETV Bharat / state

Road accident : নাওবৈচাত ভয়ংকৰ দুৰ্ঘটনা; থিতাতে নিহত এজন

author img

By

Published : Dec 23, 2021, 4:25 PM IST

Road accident at Nowboicha
নাওবৈচাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

নাওবৈচাৰ গেন্ধালিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Nowboicha) ৷ থিতাতে এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত আন তিনি গৰাকী ব্যক্তি ৷

নাওবৈচা, 23 ডিচেম্বৰ : নাওবৈচাত অঘটন ৷ বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ নাওবৈচাৰ গেন্ধালিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Nowboicha) ৷ এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় 32 বছৰীয়া চাইমন কুলি নামৰ এজন লোক আৰু গুৰুত্বৰভাৱে আহত হৈছে তিনিজনকৈ ব্যক্তি ৷

নাওবৈচাত ভয়ংকৰ দুৰ্ঘটনা

ঘটনাৰ বিৱৰণি অনুসৰি, বান্দৰদেৱাৰ পৰা লখিমপুৰ নগৰ অভিমুখে গৈ থকা এখন ডাম্পাৰে বিপৰীতে দিশৰ পৰা আহি থকা বলেৰ’ পিক আপ ভান এখনত খুন্দা মাৰে ৷ ফলত বলেৰ’ পিক আপ ভানৰ চালক চাইমন কুলি (৩২) থিতাতে নিহত হোৱাৰ লগতে আন তিনিজন ব্যক্তি গুৰুতৰ ভাৱে আহত হয় । দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰ আৰু বলেৰ’ পিক আপ ভানখনৰ নম্বৰ ক্ৰমে AS-07-AC 2500 আৰু AS-07-BC- 3695 ৷

Road accident at Nowboicha
নাওবৈচাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

জানিব পৰা মতে, এই পথ দুৰ্ঘটনাত আহত ব্যক্তি তিনিজন ক্ৰমে ফালো পাল (36), নিৰ্মল পাল(31) আৰু সঞ্জু ৱাছিং (22) ৷

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতেই তাৎক্ষনিকভাৱে খবৰ দিয়া হয় আৰক্ষীক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷ আনহাতে, গুৰুতৰভাৱে আহত তিনিজন ব্যক্তিক লখিমপুৰ চিকিৎসা মহাবিদ্যালয় (Lakhimpur Medical College)লৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক : Road Accident at Cachar : কাছাৰত পথ দুৰ্ঘটনাত 14 গৰাকী শিক্ষাৰ্থী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.