ETV Bharat / state

Road Accident at Cachar : কাছাৰত পথ দুৰ্ঘটনাত 14 গৰাকী শিক্ষাৰ্থী আহত

author img

By

Published : Dec 23, 2021, 12:53 PM IST

Updated : Dec 23, 2021, 2:08 PM IST

road-accident-at-chachar
কাছাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

কাছাৰত ভয়াৱহ পথ দুৰ্ঘটনা (Road Accident at Chachar) ৷ স্কুলীয়া ভান বাগৰি আহত 14 গৰাকী ছাত্ৰ-ছাত্ৰী ৷

কাছাৰ, 23 ডিচেম্বৰ : কাছাৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident at Cachar) ৷ বৃহস্পতিবাৰে কাছাৰৰ উধাৰবন্ধ চলতাকান্দিত এখন স্কুল ভান দুৰ্ঘটনাত পতিত হয় ৷

তথ্য অনুসৰি, ভানখনে দুধপাতীল দুৰ্গা নগৰৰ পৰা ছাত্ৰ-ছাত্ৰীক স্কুললৈ লৈ যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷ ৰংপুৰ ৰেডৰোজ স্কুলৰ এই ভানখন ব্ৰেক ফেইল হোৱাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে ৷ দুৰ্ঘটনাটোৰ ফলত চালকসহ 14 গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয় (14 student injured at a road accident in Cachar) ৷

কাছাৰত পথ দুৰ্ঘটনাত 14 গৰাকী শিক্ষাৰ্থী আহত

ইতিমধ্যে স্থানীয় লোকসকলে আহত ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসাৰ বাবে উধাৰবন্ধ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰে ৷ আহত সকলৰ মাজত 7 জনৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় ৷

আহত ছাত্ৰ-ছাত্ৰীসকল ক্ৰমে- দেৱাশীষ দাস (11), জয়ন্তী দাস (8), শেখৰ দাস (58), আয়ুস দাস (10), শান্তাশ্ৰী দাস (9) আৰু প্ৰীতি দাস (11) বুলি জানিব পৰা গৈছে ৷ আন একাংশ ছাত্ৰ-ছাত্ৰীৰ নাম বৰ্তমানেও জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক : Blast in Ludhiana District Court : আদালতৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণ

Last Updated :Dec 23, 2021, 2:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.