ETV Bharat / bharat

Blast in Ludhiana District Court : আদালতৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণত নিহত এক

author img

By

Published : Dec 23, 2021, 1:10 PM IST

Updated : Dec 23, 2021, 1:37 PM IST

লুধিয়ানা জিলা আদালতত বিস্ফোৰণ (Blast in Ludhiana District Court) ৷ এই বিস্ফোৰণৰ ঘটনাত এগৰাকী ব্যক্তি নিহত হোৱাৰ বিপৰীতে আহত হৈছে চাৰিগৰাকী ৷

Blast in Ludhiana District Court
Blast in Ludhiana District Court

নিউজ ডেস্ক, 23 ডিচেম্বৰ : লুধিয়ানাৰ আদালতত বিস্ফোৰণ (Blast in Ludhiana District Court) ৷ বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা ৷ জানিব পৰা মতে, লুধিয়ানা জিলা আদালতৰ তৃতীয় মহলাত সংঘটিত হৈছে বিস্ফোৰণটো ৷ প্ৰসাধন কক্ষত সংঘটিত হোৱা বিস্ফোৰণ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

Explosion in Ludhiana District Court, several people injured
আদালতৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণ

ইতিমধ্যে এই বিস্ফোৰণৰ ঘটনাত এগৰাকী ব্যক্তি নিহত হোৱাৰ খবৰ পোৱা গৈছে ৷ বিপৰীতে আহত হৈছে চাৰিগৰাকী ব্যক্তি ৷ বিস্ফোৰণটো আদালতৰ এটা প্ৰসাধন কক্ষৰ ভিতৰত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বিস্ফোৰকখিনি আদালতৰ প্ৰসাধন কক্ষৰ ভিতৰত ৰখা হৈছিল ৷

ইয়াৰ মাজতে আন এক গুৰুত্বপূৰ্ণ কথা হৈছে যে, আদালত চৌহদত মজুত ৰখা অগ্নি নিৰ্বাপক সামগ্ৰীসমূহ কাৰ্যকৰী অৱস্থাত নাছিল ৷ বিস্ফোৰণৰ পিছতে আদালত চৌহদত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰা হৈছে ৷ তদুপৰি বাহিৰৰ লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে আদালত চৌহদত ৷

এই বিষয়ে অধিক খবৰৰ বাবে চাওক : https://www.etvbharat.com/assamese/assam

Last Updated :Dec 23, 2021, 1:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.