Viral Video of Manas national Park : মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ গাড়ীত আক্ৰমণৰ চেষ্টা গঁড়ৰ

By

Published : Dec 23, 2021, 2:01 PM IST

thumbnail

মানাহ ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ জীপ চাফাৰীলৈ যোৱা পৰ্যটকৰ এটা দলক আক্ৰমণৰ চেষ্টা এটা গঁড়ৰ (Rhino rushed to tourist group in Manas) ৷ প্ৰায় ডেৰ কিল’মিটাৰ পৰ্যন্ত পৰ্যটকৰ জীপখন খেদি আহিছিল গঁড়টোৱে ৷ অৱশেষত কথমপি প্ৰাণৰক্ষা পৰে পৰ্যটকৰ দলটোৰ ৷ মানাহৰ বাঁহবাৰী ৰেঞ্জৰ সমীপত সংঘটিত এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ পাছত মানাহৰ বনকৰ্মীৰ প্ৰচেষ্টাত গঁড়টো পুনৰ গভীৰ অৰণ্যলৈ খেদি পঠোৱা হয় ৷ মানাহৰ ভিতৰত ৰঙা গাড়ী বা ৰঙা কাপোৰ পিন্ধি প্ৰৱেশ কৰিলে জীৱ-জন্তুৱে উগ্ৰ আচৰণ কৰে বুলি বনকৰ্মীয়ে জানিবলৈ দিছে ৷ ইতিমধ্যে এই কাণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.