ETV Bharat / state

Brahmaputra Festival Controversy : শিলঘাটত ব্ৰহ্মপুত্ৰ উৎসৱৰ মঞ্চত জিলিকিল "মাজুলী"

author img

By

Published : Dec 23, 2021, 12:43 PM IST

বিতৰ্কৰ আৱৰ্তত ব্ৰহ্মপুত্ৰ ব’ৰ্ড ৷ সংস্কৃতিপূৰ্ণ অঞ্চল কলিয়াবৰত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ আজৱ কাণ্ডই হতবাক কৰিছে ৰাইজক (Controversy at Kaliabar Brahmaputra Festival) ৷ আচলতে কলিয়াবৰত এনে কি হৈছিল চাওক এই প্ৰতিবেদনত ৷

Kaliabar Brahmaputra Festival
বেনাৰত মাজুলীৰ উল্লেখেৰে ব্ৰহ্মপুত্ৰ ব’ৰ্ডে কলিয়াবৰত পাতিলে ‘ব্ৰহ্মপুত্ৰ উৎসৱ’

কলিয়াবৰ, 23 ডিচেম্বৰ : স্বাধীনতাৰ 75 বছৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে 'আজাদী কা অমৃত মহোৎসৱ' (Azadi ka amrit mahotsav) নামেৰে নতুন পদক্ষেপ হাতত লৈছে ৷ তাৰ লগত সংগতি ৰাখিয়েই কলিয়াবৰৰ শিলঘাট জাহাজঘাটত 19 ডিচেম্বৰৰ পৰা 21 ডিচেম্বৰলৈকে আয়োজন কৰে ব্ৰহ্মপুত্ৰ উৎসৱ ৷

জল শক্তি মন্ত্ৰালয়, জলসম্পদ বিভাগ আৰু গংগা পুনৰুজ্জীৱন মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই ব্ৰহ্মপুত্ৰ উৎসৱত হোৱা বেমেজালিয়ে (Controversy at Kaliabar Brahmaputra Festival) ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজক ৷ 'স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱ’ ৰ নামত চূড়ান্ত বেমেজালি আৰু কাণ্ডজ্ঞানহীনতাৰ পৰিচয় দি ৰাইজক আঁভূৱা ভাৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ বিৰুদ্ধে ৷

বিতৰ্কৰ আৱৰ্তত ব্ৰহ্মপুত্ৰ ব’ৰ্ড

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উপাধ্যক্ষ বি কে কিৰ্জিৰ নেতৃত্বত শিলঘাট জাহাজঘাটৰ ব্ৰহ্মপুত্ৰৰ বালিত আয়োজিত অনুষ্ঠানটিত আয়োজকৰ কাণ্ডজ্ঞানহীন কাৰ্যই কলিয়াবৰবাসীক চূড়ান্ত অপমান কৰাৰ অভিযোগ আনিছে স্থানীয় ৰাইজে ৷ কলিয়াবৰৰ সলনি মাজুলীত এই উৎসৱ উদযাপিত হোৱা বুলি উল্লেখ কৰাক লৈ চৰকাৰ তথা বিভাগক ধিক্কাৰ দিছে সকলোৱে ৷ জনসাধাৰণক সম্পূৰ্ণ অন্ধকাৰত ৰাখি ’ট্ৰেণ্ড এম এম এছ’ নামৰ এটা সংস্থাক ঠিকা প্ৰদানেৰে চৰম ল’ৰা-ধেমালি কৰিছে ব্ৰহ্মপুত্ৰ উৎসৱ পালনৰ দ্বায়িত্বত থকা বিভাগকেইটাই ৷

এই ব্ৰহ্মপুত্ৰ উৎসৱৰ পৰা অতি ৰহস্যজনকভাৱে আঁতৰাই ৰখা হ’ল কলীয়াবৰবাসীক ৷ তদুপৰি নিৰ্দিষ্ট একাংশ ৰাইজকহে নিমন্ত্ৰণ কৰি অপমান কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, দহ লাখ টকা ব্যয় সাপেক্ষে পতা অনুষ্ঠান বুলি প্ৰচাৰ চলাই থকা আয়োজকে সমগ্ৰ অনুষ্ঠাটিত এক লক্ষাধিক টকাও ব্যয় কৰা নাই ৷ কলিয়াবৰত অনুষ্ঠান পাতি মাজুলীক সন্নিৱিষ্ট কৰাৰ প্ৰশ্নত গা এৰা দিয়া মন্তব্য দিলে স্বয়ং ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ উপাধ্যক্ষ বি কে কিৰ্জিয়ে ৷

আনহাতে, এই কাণ্ডক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই ৷ দুনাই তেনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়নী দিয়ে সন্থাৰ সদস্যই ৷ অনুষ্ঠানটিত মন্ত্ৰী কেশৱ মহন্ত বিশেষ অতিথি হিচাপে উপস্থিত থাকি দেশৰ লগতে ৰাজ্যৰ তথা কলিয়াবৰৰ স্বাধীনতা আন্দোলনৰ সেনানীসকলক সোঁৱৰণ কৰি শিলঘাটৰ স্বাধীনতাৰ ঐতিহ্য সোঁৱৰণ কৰে ৷

ব্ৰহ্মপুত্ৰ উৎসৱত মন্ত্ৰী কেশৱ মহন্ত

লগতে পঢ়ক: Neer Nirmal Yojana Scheme : আছে আঁচনি, নাই কাম...প্ৰতিবাদত বহিল কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.