ETV Bharat / city

Gauhati HC Orders APSC : ন্যায়ালয়ৰ অনুমতিতহে হ’ব লোকসেৱা আয়োগৰ পৰীক্ষাৰ তাৰিখ ঘোষণা

author img

By

Published : Dec 23, 2021, 4:05 PM IST

মাতৃভাষা অবিহনে অসম লোক সেৱা আয়োগৰ পৰীক্ষা অনুষ্ঠিত কৰা বিতৰ্কৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰি কৰিছে এক নিৰ্দেশনা ৷ সেই অনুসৰি এতিয়াৰে পৰা অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ তাৰিখ ঘোষণাৰ ক্ষেত্ৰত ল’ব লাগিব ন্যায়ালয়ৰ অনুমতি (Gauhati High Court debars APSC to hold CCE) ৷

APSC Examination
ন্যায়ালয়ৰ অনুমতিতহে হ’ব লোকসেৱা আয়োগৰ পৰীক্ষাৰ তাৰিখ ঘোষণা

গুৱাহাটী,২৩ ডিচেম্বৰঃ এতিয়াৰে পৰা ন্যায়ালয়ৰ অনুমতি অবিহনে অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিব নোৱাৰিব । এই নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati HC Orders APSC)। মাতৃভাষা অবিহনে পৰীক্ষা পাতি ৰাজ্যত প্ৰশাসনিক সেৱাৰ বিষয়া বাচনি কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে ন্যায়ালয়ৰ অনুমতি নোলোৱাকৈ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে (Gauhati High Court debars APSC to hold CCE Main)।

উল্লেখ যে, ৰাজ্য চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ পৰিণতিত অসম লোকসেৱা আয়োগৰ পৰীক্ষা আইনী মেৰপেঁচত সোমাই পৰিছে । এ পি এছ চিৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ যোগ্যতামূলক কাকতখন প্ৰত্যাহাৰ কৰা কেবিনেটৰ সিদ্ধান্ত(withdraw Assamese language paper from APSC exam)ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হৈছে এখন ৰাজহুৱা স্বার্থজড়িত আবেদন (public interest litigation in Gauhati high court) । অধিবক্তা সিদ্ধার্থ শর্মাই দাখিল কৰা ৮৩/২০২১ নম্বৰৰ এই পি আই এলখনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰে যে, আদালতৰ অনুমতি নোলোৱাকৈ এ পি এছ চিৰ মূল পৰীক্ষাৰ তাৰিখ কর্তৃপক্ষই ঘোষণা কৰিব নোৱাৰিব ।

উল্লেখ্যযোগ্য যে, ২৪ নৱেম্বৰত বঙাইগাঁৱত অনুষ্ঠিত কেবিনেটত চৰকাৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ যোগ্যতামূলক কাকতখন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল (Government decision to withdraw Assamese language paper from APSC) । প্ৰাৰম্ভিক পৰীক্ষা হৈ যোৱাৰ পিচত মূল পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে এ পি এছ চি কর্তৃপক্ষই যাৱতীয় প্ৰক্ৰিয়া চলাই থকাৰ সময়তে হঠাতে চৰকাৰে অসমীয়া ভাষাৰ যোগ্যতামূলক কাকতখন পৰীক্ষাৰ পৰা প্ৰত্যাহাৰ কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এই প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এ পি এছ চিৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ যোগ্যতামূলক কাকতখন প্ৰত্যাহাৰ কৰা সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অধিবক্তা সিদ্ধার্থ শর্মা ।

ন্যায়ালয়ত পি আই এলখনৰ ভিত্তিত যুক্তি দর্শায় দুই জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰী আৰু ইউ কে নায়াৰে । ইয়াৰ পিচতে উচ্চ ন্যায়ালয়ে এ পি এছ চিৰ ২০২০ বৰ্ষৰ মূল পৰীক্ষাৰ তাৰিখ আদালতৰ অনুমতি অবিহনে ঘোষণা নকৰিবলৈ চৰকাৰৰ লগতে এ পি এছ চি কর্তৃপক্ষক নিৰ্দেশ দিয়ে । উল্লেখ যে, এ পি এছ চিয়ে ৮ ছেপ্টেম্বৰত অসামৰিক পৰীক্ষা-২০২০ৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল ।

উক্ত বিজ্ঞাপনত স্পষ্টভাৱে উল্লেখ আছিল যে, প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণসকলে বাধ্যতামূলকভাৱে অসমীয়া, বড়ো, বাংলা বিষয়ক ভাষা কাকতত অৱতীৰ্ণ হ'ব লাগিব । লক্ষণীয়ভাৱে পুণৰ চৰকাৰে ডিমা হাচাও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, কাছাৰ আৰু হাইলাকান্দি জিলাৰ প্ৰার্থীক ভাষা বিষয়ক যোগ্যতামূলক কাকতখনৰ পৰা ৰেহাই দিয়ে । এনেদৰে ছখন জিলাৰ প্ৰাৰ্থীক ভাষা বিষয়ক কাকতৰ পৰা ৰেহাই দি আন জিলাৰ প্ৰার্থীসকলৰ বাবে বাধ্যতামূলক কৰাক লৈ একাংশ প্ৰার্থী পুণৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় । এই প্ৰার্থীসকলৰ গোচৰৰ ভিত্তিত উচ্চ ন্যায়ালয়ত শুনানি চলি থকাৰ মাজতে অতি আশ্চর্যজনকভাৱে চৰকাৰে এ পি এছ চিৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ যোগ্যতামূলক কাকতখন প্ৰত্যাহাৰৰ সিদ্ধান্ত লয় । এতিয়া চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে দাখিল কৰা পি আই এলখনৰ ভিত্তিত ন্যায়ালয়ে কি নীতি-নিৰ্দেশনা প্ৰদান কৰে সেয়া লক্ষণীয় বিষয় হ'ব ।

লগতে পঢ়ক: Blast in Ludhiana District Court : আদালতৰ ভিতৰত ভয়ংকৰ বিস্ফোৰণত নিহত এক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.