ETV Bharat / bharat

বিয়া পাতিবলৈ চপালে চিঠি; কইনাই দিলে দৰালৈ পিঠি !

author img

By

Published : Dec 23, 2021, 2:18 PM IST

Updated : Dec 23, 2021, 2:48 PM IST

বিয়া পাতিম বুলি ছোৱালী চালে দৰাৰ পৰিয়ালে গৈ ৷ কইনাক পছন্দ কৰি তাৰিখ আহিলে লৈ ৷ কইনা ঘৰৰ আৰ্থিক অনাটন টকা-পাইচাও দিলে ৷ হোমৰ গুৰিত বহিবলৈ নাপালে ৰাম ঠগনহে খালে ৷ ক’ত, কিয়, কেনেকৈ ঘটিল এই ঘটনা সবিশেষ পঢ়ক...

group of fraud cheating family name of marriage
বিয়া পাতিবলৈ চপালে চিঠি

নিউজ ডেস্ক, 23 ডিচেম্বৰ : এখন বিয়াৰ কাহিনী ৷ যিটো কাহিনী পঢ়িলে আপুনিও ভাবিব হাঁহিম নে কান্দিম ৷ বিয়াৰ নামত ঠগ বাজি বহু শুনিছে কিন্তু এনেকৈ বাৰু ঠগিব লাগে নে (Fraud in marriage) ৷ কিমান আশা বুকুত বান্ধি এটা নতুন জীৱন আঁকোৱালি ল’বলৈ আগবাঢ়ে দৰা-কইনা ৷ তাৰ পাচত এনেকুৱাবোৰ ঘটিলে বিয়াৰ ওপৰত থকা বিশ্বাসেই কেতিয়াবা নোহোৱা হৈ যায় ৷ বিধিৰ কি যে বিড়ম্বনা, চুপহি নেমেলোতেই সৰি পৰিল সুখী হোৱাৰ আশাৰ কলি ৷

মধ্যপ্ৰদেশৰ কটনী জিলাৰ বডৰীৰ জগদম্ভা প্ৰসাদৰ আছিল দুজন বিবাহযোগ্য পুত্ৰ ৷ নাম বসন্ত লাল দীক্ষিত আৰু ৰাজেশ দীক্ষিত ৷ দুয়োৰে বাবে পাত্ৰীৰ সন্ধান কৰিছিল পিতৃয়ে ৷ দুমাহ পূৰ্বে এজন শুভাংকাক্ষীয়ে দিয়ে দুগৰাকী পাত্ৰীৰ সন্ধান ৷ সিন্ধীৰ সতনাৰ বাসিন্দা ববীতা তিৱাৰীৰ দুগৰাকী বিবাহযোগ্য কন্যা আছে ৷ সেয়ে অক্টোবৰ মাহত কইনা চাবলৈ গ’ল জগদম্ভাৰ পৰিয়াল ৷ সাধনা আৰু শিবানী দুয়োগৰাকীকে পচন্দ কৰে দৰাৰ পৰিয়ালে ৷ এতিয়া বিয়াৰ তাৰিখ ঠিক কৰাৰহে কথা ৷

বিয়াৰ তাৰিখ ঠিক কৰিবলৈ কইনাৰ মাকক বডৰীলৈ মাতিলে দৰাৰ পৰিয়ালে ৷ কইনাৰ মাক ববীতা, ভায়েক আৰু এজন মোমায়েক আহিল দৰাৰ ঘৰলৈ ৷ দুয়োটা পৰিয়ালে মিলি বিয়াৰ তাৰিখ ঠিক কৰিলে 29 নৱেম্বৰ ৷ একেলগে হ’ব দুয়োখন বিয়া ৷ আৰ্থিক দুৱস্থাৰ কথা কৈ বিয়া আয়োজনৰ বাবে দৰাৰ পিতৃৰ পৰা দুটা বেলেগ বেলেগ তাৰিখত এক লাখ দহ হাজাৰকৈ মুঠ দুই লাখ বিশ হাজাৰ টকা লৈ যায় কইনাৰ পৰিয়ালে ৷

জগদম্ভাৰ পৰিয়াল আনন্দত আত্মহাৰা হৈ পৰিল ৷ ঘৰলৈ নতুন বোৱাৰী আহিব ৷ বিয়াৰ নিমন্ত্ৰণী পত্ৰও প্ৰকাশ কৰিলে ৷ লগতে বিয়াৰ ৰভা, কেটাৰিং, ঘোঁৰা, বেণ্ডপাৰ্টীকো আগধন দিয়া হৈ গ’ল ৷ মুঠতে ঘৰত উথপথপ লাগিল ৷

কিন্তু বিয়াৰ এদিন পূৰ্বে কইনাৰ মাকে ফোন কৰি কয় যে, বৰদেউতাকৰ মৃত্যু হোৱা বাবে বিয়া নিৰ্ধাৰিত তাৰিখত পতা সম্ভৱ নহ’ব ৷ নতুনকৈ হ’বলগীয়া মিতিৰৰ ঘৰত মানুহ ঢুকাইছে ৷ সেয়ে দুখৰ সমভাগী হ’বলৈ দৰাৰ পৰিয়াল সতনাৰ ববীতা তিৱাৰীৰ ঘৰত উপস্থিত হ’ল ৷ পিচে, তালৈ গৈ যি গম পালে, তেওঁলোকৰ ভৰিৰ তলৰ মাটি খিনিও খহি পৰা যেন হ’ল ৷

কাৰণ তেওঁলোকে জানিব পাৰে যে, যিটো ঘৰ ববীতা তিৱাৰীয়ে নিজৰ বুলি কৈছিল সেইটো আছিল ভাড়া ঘৰহে ৷ এমাহ পূৰ্বে সেইঘৰ খালী কৰি গুচি গৈছে ববীতা ৷ তাৰোপৰি ববীতাৰ কোনো জীয়াৰীও নাছিল ৷ দুখত ভাগি পৰা দীক্ষিত পৰিয়ালে কা-খবৰ কৰাত ববীতা তিৱাৰী আৰু তেওঁৰ চক্ৰৰ চিকাৰ হোৱা আন এটা ব্ৰাহ্মণ পৰিয়ালো লগ পায় ৷ সেইটো পৰিয়ালক শিৱানীৰ বিয়াৰ নামত টুপী পিন্ধাইছিল এই প্ৰৱঞ্চক চক্ৰটোৱে (Bride family cheat groom in Madhya Pradesh) ৷

এতিয়া আৰক্ষীৰ কাষ চাপিছে জগদম্ভাৰ পৰিয়াল ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে, কইনাৰ ভায়েক আৰু মোমায়েক দুটাও আছিল ভুৱা ৷ ঘৰলৈ লখিমী আদৰৰ যো-জা চলাই এতিয়া আমানতৰ ধনো হেৰুৱাবহে লগা গ’ল জগদম্ভাৰ পৰিয়ালে ৷

লগতে পঢ়ক : Demand for divorce : 70 বছৰীয়া পুষ্পলতা আইতাক লাগে ডিভোৰ্চ !

Last Updated : Dec 23, 2021, 2:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.