ETV Bharat / state

Laharighat Rape Case Encounter: তিনি নাবালিকাৰ ধৰ্ষণকাৰী ৰজনীক গুলীয়ালে আৰক্ষীয়ে

author img

By

Published : Dec 23, 2021, 2:58 PM IST

চাৰিদিনত তিনিগৰাকী নাবালিকাক ধৰ্ষণ কৰা ৰজনী অৱশেষত আহত হ’ল আৰক্ষীৰ গুলীত (Police gun fire to rape accused)৷ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে গুলী চলাই আৰক্ষীয়ে (Laharighat rape case encounter) ৷ পাঠাৰ পাচত লাহৰীঘাট অঞ্চলত এইদৰে গুলীবিদ্ধ হ’ল ৰজনী ৷

Assam police gun fire
Assam police gun fire

ধিং, 23 ডিচেম্বৰ : আকৌ অপৰাধীলৈ গুলী বৰ্ষণ অসম আৰক্ষীৰ ৷ ধৰ্ষণৰ গোচৰত অভিযুক্ত এজন লোকলৈ এইবাৰ গুলী চলালে আৰক্ষীয়ে (Police gun fire to rape accused) ৷ এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাটত ৷ চাৰিদিনত তিনিগৰাকীকৈ নাবালিকাক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ৰাজনীকান্ত দৈমাৰী নামৰ 55 বছৰীয়া এজন লোক ৷ আৰক্ষীয়ে ঘটনাৰ পুনৰ চিত্ৰায়নৰ বাবে লৈ যোৱাৰ সময়তে পলায়নৰ চেষ্টা চলোৱাত গুলীচালনা কৰিবলৈ বাধ্য হয় আৰক্ষী (Laharighat rape case encounter) ৷

লাহৰীঘাট থানাৰ অন্তৰ্গত জেঙৰবড়ী গাঁৱত এজন 55 বছৰীয়া ব্যক্তিয়ে নিজৰ অসৎ কামনা চৰিতাৰ্থ কৰিবলৈ বাচি লয় তিনিগৰাকীকৈ নাবালিকাক (Three minor raped in Morigaon)৷ অভিযুক্ত এই লম্পট প্ৰকৃতিৰ লোকজনৰ নাম ৰজনীকান্ত দৈমাৰী ৷ একেখন গাঁৱৰে তিনিগৰাকী 6, 7 আৰু 9 বছৰীয়া নাবালিকা কামনাৰ বলি হ’ল এইটো ৰজনীকান্তৰ (Three minors raped by single person) ৷

চাৰি দিনৰ ভিতৰত এজনী এজনীকৈ তিনিওজনী নাবালিকাক ফুচুলাই নিজৰ ঘৰলৈ নি ধৰ্ষণ কৰে মানুহৰূপী এই দানৱটোৱে ৷

যেতিয়া তিনিও গৰাকী নাবালিকাৰ শাৰীৰিক অৱস্থা অস্বাভাৱিক হৈ পৰে, তেতিয়া অভিভাৱকে সোধা পোচা কৰাত ওলাই পৰে উৰহী গছৰ ওৰ ৷ ৰজনীকান্তৰ এই কুকীৰ্তি পোহৰলৈ অহাৰ পাচতে নাবালিকাৰ পৰিয়ালে গোচৰ দিয়ে লাহৰীঘাট থানাত (Case registered in Laharighat Police station) ৷

কিন্তু নিজৰ অসৎ কাৰ্য ধৰা পৰা বুলি জানিব পাৰি পলায়ন কৰে অভিযুক্ত ৰজনীকান্তই ৷ আৰক্ষীয়ে গোচৰৰ ভিত্তিত 888/21 নম্বৰত এটা গোচৰ ৰুজু কৰি পলাতক অৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰে ৰজনীকান্তক ৷ তাৰ পাচতেই বুধবাৰে নিশা তদন্তৰ খাতিৰত ঘটনাস্থলীলৈ লৈ যোৱাৰ সময়তে পলায়নৰ চেষ্টা কৰা ৰজনী আহত হয় আৰক্ষীৰ গুলীত ৷

লগতে পঢ়ক : Serial rape in Laharighat: চাৰিদিনত তিনি নাবালিকাক ধৰ্ষণ কৰা অপৰাধী আৰক্ষীৰ জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.