ETV Bharat / state

Serial rape in Laharighat: চাৰিদিনত তিনি নাবালিকাক ধৰ্ষণ কৰা অপৰাধী আৰক্ষীৰ জালত

author img

By

Published : Dec 22, 2021, 10:24 PM IST

চাৰিদিনত ধৰ্ষণ তিনিগৰাকী নাবালিকাক (Minors rape in Assam)৷ এটা বিকৃত মস্তিষ্কৰ মানৱ ৰূপী পিশাচৰ কামনাৰ বলি তিনি নাবালিকা ৷ আৰক্ষীৰ জালত ধৰ্ষণকাৰী ৷ তাৰ পাচত কি হ’ব ?

Serial rape in Laharighat
Serial rape in Laharighat

ধিং, 22 ডিচেম্বৰ: আপোনাৰ মন-মগজুক জোঁকাৰি যোৱা এটা ঘটনা ৷ এই ঘটনা পঢ়াৰ পাচত আপোনাৰ মনতো প্ৰশ্ন হ’ব সঁচাকৈয়ে আমি মানুহ নে ? ঘটনাটো সংঘটিত হৈছে লাহৰীঘাট থানাৰ অৰ্ন্তগত জেঙৰবড়ী গাৱঁত ৷ এজন 55 বছৰীয়া ব্যক্তিয়ে নিজৰ অসৎ কামনা চৰিতাৰ্থ কৰিবলৈ বাচি ল’লে তিনিগৰাকীকৈ নাবালিকাক ৷

অভিযুক্ত এই লম্পট প্ৰকৃতিৰ লোকজনৰ নাম ৰজনীকান্ত দৈমাৰী ৷ একেখন গাঁৱৰে তিনিগৰাকী 6,7 আৰু 9 বছৰীয়া নাবালিকা কামনাৰ বলি হ’ল এইটো ৰজনীকান্তৰ (Three minors raped by single person) ৷ চাৰি দিনৰ ভিতৰত এজনী এজনীকৈ তিনিওজনী নাবালিকাক ফুচুলাই নিজৰ ঘৰলৈ নি ধৰ্ষণ কৰে মানুহৰূপী এই দানৱটোৱে ৷

চাৰিদিনত তিনি নাবালিকাক ধৰ্ষণ কৰা অপৰাধী আৰক্ষীৰ জালত

যেতিয়া তিনিও গৰাকী নাবালিকাৰ শাৰীৰিক অৱস্থা অস্বাভাৱিক হৈ পৰে, তেতিয়া অভিভাৱকে সোধা পোচা কৰাত ওলাই পৰে উৰহী গছৰ ওৰ ৷

ৰজনীকান্তৰ এই কুকীৰ্তি পোহৰলৈ অহাৰ পাচতে নাবালিকাৰ পৰিয়ালে গোচৰ দিয়ে লাহৰীঘাট থানাত (Case registered in Laharighat Police station) ৷ কিন্তু নিজৰ অসৎ কাৰ্য ধৰা পৰা বুলি জানিব পাৰি পলায়ন কৰে অভিযুক্ত ৰজনীকান্তই ৷ আৰক্ষীয়ে গোচৰৰ ভিত্তিত 888/21 নম্বৰত এটা গোচৰ ৰুজু কৰি পলাতক অৱস্থাৰ পৰা গ্ৰেপ্তাৰ কৰে ৰজনীকান্তক ৷

অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam police against crime)৷ ইতিমধ্যে কেইবাটাও অপৰাধীৰ আৰক্ষীৰ গুলীত প্ৰাণ যোৱাৰ লগতে ঘূণীয়াও হৈছে বহুকেইটা ৷ কিছুমাহ পূৰ্বে মৈৰাবাৰী অঞ্চলত ধৰ্ষণত অভিযুক্ত পাঠা নামৰ এটা অপৰাধী আহত হৈছিল আৰক্ষীৰ গুলীত ৷ তাৰ পাচতো কিন্তু এচাম বিকৃত মানসিকতাৰ লোকে অব্যাহত ৰাখিছে অপৰাধৰ ধাৰা ৷

লগতে পঢ়ক : গৃহৰক্ষী বাহিনীৰ দুই জোৱানক যাৱজ্জীৱন কাৰাদণ্ড তেজপুৰ সত্ৰ ন্যায়াধীশৰ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.