Free roaming of Rhino near Majuli : গঁড়ৰ মুক্ত বিচৰণত ভীতিগ্ৰস্ত মাজুলীবাসী

By

Published : Dec 23, 2021, 12:53 PM IST

thumbnail

পুনৰ মাজুলীত চলিছে গঁড়ৰ মুক্ত বিচৰণ (Free roaming of Rhino near Majuli) ৷ বিগত পাঁচদিন ধৰি মাজুলীৰ ঘন বসতি প্ৰধান অঞ্চল গুৱাল গাঁৱত মুক্ত বিচৰণ কৰি আছে এটি গঁড়ে (Rhino walking out side forest) ৷ ফলত শংকিত হৈ পৰিছে গুৱাল গাঁৱৰ স্থানীয় লোক । গঁড়টোৱে খাদ্যৰ সন্ধানত কাজিৰঙাৰ পৰা ওলাই আহি মাজুলীত প্ৰৱেশ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ৷ এই গঁড়টোৱে বুধবাৰে নিশা কৰদৈগুৰি, ভালুকমৰা হৈ গুৱাল গাঁৱত প্ৰৱেশ কৰে ৷ অঞ্চলটোৰ খেতিপথাৰত গঁড়টোৱে প্ৰৱেশ কৰি মাহ, সৰিয়হৰ লগতে কুঁহিয়াৰৰ খেতি গচকি বিনষ্ট কৰা বুলি স্থানীয় ৰাইজে অভিযোগ চলায় ৷ ইয়াৰ পাচতে স্থানীয় লোকে খবৰ দিয়ে বন বিভাগক ৷ পৰৱৰ্তী সময়ত বন বিভাগে উক্ত স্থানত উপস্থিত হৈ গঁড়টোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পঠোৱাৰ চেষ্টা অব্যাহত ৰাখে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.