ETV Bharat / state

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 11, 2022, 1:04 PM IST

top-10-at-1pm
1 বজাৰ শীৰ্ষ 10 টা বাতৰি

1 বজাৰ শীৰ্ষ 10 টা বাতৰি

Boat accident: জোনাইত নাও দুৰ্ঘটনা, সন্ধানহীন এটি এবছৰীয়া শিশু

জোনাইত নাও দুৰ্ঘটনা (Boat accident in Jonai) ৷ ছয়গৰাকী যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা ৷ কিন্তু বৰ্তমানেও সন্ধানহীন এটি এবছৰীয়া শিশু ৷ জোনাই চিমেন চাপৰিৰ কাংকান চাপৰিত সংঘটিত হৈছে এই ঘটনা ৷

Kedarnath Ransi trek: কেদাৰনাথ দৰ্শনৰ বাবে যোৱা দৰ্শনাৰ্থীৰ মৃতদেহ উদ্ধাৰ

কেদাৰনাথ দৰ্শনৰ বাবে যোৱা কেদাৰনাথ ৰান্সী ট্ৰেকত বৰফৰ মাজত আৱদ্ধ হৈছিল দুই পৰ্যটক ৷ এছডিআৰএফৰ দলে অভিযান চলাই উদ্ধাৰ কৰে ইয়াৰে এজনৰ মৃতদেহ (Body rescued on Kedarnath Ransi trek)৷

Gang Rape in Jharkhand: ঝাৰখণ্ডত নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনা

মানৱ সমাজক লজ্জানত কৰা আন এক ঘটনা পোহৰলৈ আহিছে ঝাৰখণ্ডত ৷ দেওবাৰে নিশা এগৰাকী নাবালিকাক মাতৃৰ সন্মুখতে দলবদ্ধ ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে 5 মানৱ ৰূপী অসুৰৰ বিৰুদ্ধে ৷ ইতিমধ্যেই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুই অভিযুক্তক ৷ আন তিনি অভিযুক্ত বৰ্তমানেও পলাতক হৈ আছে (Gang Rape in Jharkhand) ৷

President to visit Tripura: ৰাষ্ট্ৰপতিৰ আগমনৰ পূৰ্বে নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা DGPৰ

বুধবাৰে পুৱা ত্ৰিপুৰাত উপস্থিত হ'ব দেশৰ ৰাষ্ট্ৰপতি দৌপদী মুৰ্মু (President Murmu to visit Tripura)। তাৰ প্ৰাকক্ষণত সমগ্ৰ ৰাজ্যখনতে কটকটীয়া নিৰাপত্তা বেষ্টনী । আৰক্ষী সঞ্চালক প্ৰধানে নিজেই তদাৰক কৰিছে নিৰাপত্তা ব্যৱস্থা ।

Wild elephant injured in Jorjhat: 14 ঘন্টা পাচতো উদ্ধাৰ হোৱা নাই আঘাতপ্ৰাপ্ত বন্যহস্তীটো

আজিও অব্যাহত আছে খৰিকটিয়াত খালত পৰি আঘাতপ্ৰাপ্ত হোৱা বন্যহস্তীটোৰ আৰ্তনাদ (Wild elephant injured in Jorjhat)৷ 14 ঘন্টা পাৰ হৈ যোৱাৰ পাচতো বন বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আঘাতপ্ৰাপ্ত হাতীটোক ৷ একমাত্ৰ বন বিভাগৰ অকমন্যতাৰ বাবেই বৰ্তমানেও খালত পৰি ৰৈছে হাতীটো ৷ এই অভিযোগ অঞ্চলটোৰ স্থানীয় ৰাইজৰ ৷ আনকি হাতীটোৰ অৱস্থা দেখি খৰ্গহস্ত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ হাতীটোক উদ্ধাৰ কৰাৰ স্বাৰ্থত স্থানীয় ৰাইজে বন বিভাগৰ বিৰুদ্ধে মঙলবাৰে সাব্যস্ত কৰে প্ৰতিবাদ (Protest against forest department in Jorhat) ৷

Python rescued: ৰঙিয়াত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

ৰঙিয়া-বালিসত্ৰৰ দহৰাৰ পথৰ দাঁতিত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ(Big python rescued in Rangia Balisatra) । পথটোৰ দাঁতিত ৰাইজে প্ৰত্যক্ষ কৰে প্ৰকাণ্ড অজগৰ সাপডাল । সাপডাল দেখাৰ লগে লগে হুৱাদুৱা লাগে উপস্থিত ৰাইজৰ মাজত । অজগৰ সাপডাল প্ৰায় ১২ ফুট দৈৰ্ঘ্যৰ আৰু ২৫ কেজি ওজনৰ বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে । এই খবৰ বিয়পি পৰাৰ পিছতে অজগৰডাল চাবলৈ ওচৰ পাজৰৰ গাঁৱৰ কেইবা সহস্ৰাধিক ৰাইজ উপস্থিত হয় সেই স্থানত । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়ে আৰু বন বিভাগৰ লোক সেই স্থানত উপস্থিত হৈ অজগৰ সাপডাল চমজি লয়(Python handed over to forest department)।

Arunachal CM shares beautiful picture of waterfalls: পেমা খাণ্ডুৱে শ্বেয়াৰ কৰিলে বিনন্দীয়া জলপ্ৰপাতৰ দৃশ্য

অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিশেষ টুইটাৰ পোষ্টৰ পাছতে পৰ্যটকৰ মনত বিশেষ কৌতূহলৰ সৃষ্টি হৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিলে এক জলপ্ৰপাতৰ ফটো আৰু ভিডিঅ' (Arunachal CM shares iconic water falls)। প্ৰকৃতিৰ বিনন্দীয়া ৰূপ চাবলৈ পৰ্যটকক আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰীয়ে ।

Delhi Rainfall: নতুন ৰেকৰ্ড গঢ়িলে দিল্লীৰ বৰষুণে

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ(India Meteorological Department) তথ্য অনুসৰি অক্টোবৰ মাহত এতিয়ালৈকে দিল্লীত ১২১.৭ মিলিমিটাৰ বৰষুণ হৈছে, যিটো ২০০৭ চনৰ পিছত এই মাহত দ্বিতীয় সৰ্বাধিক বৰষুণ (Delhi Rainfall so far in October 2nd highest in 16 years )৷

বিটিআৰত প্ৰথমবাৰৰ বাবে আন্তঃৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতা

এক ব্যতিক্ৰমী চিন্তাধাৰাৰে বিটিআৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় আন্তঃৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতা (Premier League Football Tournament held in BTR) ৷ ৯ অক্টোবৰৰ পৰা বিটিচি চৰকাৰৰ উদ্যোগত আৰম্ভ হোৱা এই আন্তঃৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতাখন অহা ২৩ অক্টোবৰলৈকে চলিব ৷

Barpeta Sangeet Samaroh 2022: ড° বীৰেন্দ্ৰ নাথ দত্তলৈ সত্ৰভূষণ ‘জগন্নাথ বায়ন বঁটা'

অহা ২২ আৰু ২৩ অক্টোবৰত অনুষ্ঠিত হ'ব বৰপেটা সংগীত সমাৰোহ ২০২২ (Barpeta Sangeet Samaroh 2022)। একাডেমী অৱ খোলবাদ্যৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় বাৰ্ষিক সমাৰোহত ড° বীৰেন্দ্ৰ নাথ দত্তক প্ৰদান কৰা হ'ব জগন্নাথ বায়ন বঁটা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.