ETV Bharat / state

Boat accident: জোনাইত নাও দুৰ্ঘটনা, সন্ধানহীন এটি এবছৰীয়া শিশু

author img

By

Published : Oct 11, 2022, 10:10 AM IST

Updated : Oct 11, 2022, 12:44 PM IST

জোনাইত নাও দুৰ্ঘটনা (Boat accident in Jonai) ৷ ছয়গৰাকী যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা ৷ কিন্তু বৰ্তমানেও সন্ধানহীন এটি এবছৰীয়া শিশু ৷ জোনাই চিমেন চাপৰিৰ কাংকান চাপৰিত সংঘটিত হৈছে এই ঘটনা ৷

Boat accident in Jonai
জোনাইত শোকাৱহ নাও দুৰ্ঘটনা

জোনাই, 11 অক্টোবৰ: জোনাইত শোকাৱহ নাও দুৰ্ঘটনা (Boat accident in Jonai) ৷ লালি আৰু চিয়াং নদীৰ সংযোগস্থলত সংঘটিত হয় এই নাও দুৰ্ঘটনা ৷ নাওখনত সাতগৰাকী যাত্ৰী আছিল আছিল যদিও ছয়গৰাকী যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ কিন্তু বৰ্তমানেও সন্ধানহীন হৈ আছে এটি এবছৰীয়া শিশু ৷ সন্ধানহীন হৈ থকা শিশুটি অমিয় দলেৰ কন্যা ঐকনেং দলে ৷ জোনাই চিমেন চাপৰিৰ কাংকান চাপৰিত সংঘটিত হৈছে এই ঘটনাটো ৷

ঘটনাৰ বিৱৰণী অনুসৰি, জোনাই মহকুমাৰ মেচাকি চাপৰিৰ কাংকান চাপৰি গাঁৱৰ অমিয় কুমাৰ দলেৰ এবছৰীয়া কন্যা দেঃনেঃ দলে বিগত কেইবাদিন ধৰি অসুস্থ হৈ আছিল ৷ সেয়ে মাতৃ বিজুলী দলে কন্যা সন্তানটিৰ চিকিৎসাৰ বাবে সোমবাৰে সন্ধিয়া 5 বজাত স্বাস্থ্য উপকেন্দ্ৰলৈ এখন টুলুঙা হাত নাৱেৰে লৈ গৈ আছিল ৷ কিন্তু দুৰ্ভাগ্যবশত লালী নদীৰ পাৰাপাৰ হ'বলৈ লওঁতেই হাত নাওখন পতিত হয় দুৰ্ঘটনাত ।

জোনাইত নাও দুৰ্ঘটনা, সন্ধানহীন এটি এবছৰীয়া শিশু

ইফালে নাৱত আছিল সাতগৰাকী যাত্ৰী ৷ চাৰিজন পুৰুষ, কিশোৰ আৰু এগৰাকী মহিলাসহ শিশু ৷ কিন্তু সৌভাগ্যক্ৰমে পুৰুষ মহিলাসহ এজন কিশোৰ সুকলমে বাচি যায় যদিও বৰ্তমানলৈকে এবছৰীয়া কন্যা সন্তানটি নিখোজ হৈ আছে লালি আৰু চিয়াং নদীৰ বুকুত ।

ইফালে ঘটনাস্থলীত জোনাই মহকুমাৰ আৰক্ষী-প্ৰশাসনৰ লগতে জোনাই আৰু ধেমাজিৰ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ জোৱান উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই আছে যদিও বৰ্তমানেও উদ্ধাৰ কৰিব পৰা নাই নিখোজ হৈ থকা দেঃনেঃ দলেক ।

উল্লেখযোগ্য যে, জোনাই মহকুমাৰ লাইমেকুৰী গাঁও পঞ্চায়তৰ বৃহত্তৰ মেচাকি চাপৰিত এটা স্বাস্থ্য উপকেন্দ্ৰ আছে যদিও ব্ৰহ্মপুত্ৰৰ বানে বিধ্বস্ত কৰি পেলোৱা স্বাস্থ্য উপকেন্দ্ৰটো ডেৰ দশক ধৰি ভূত বাংলাত পৰিণত হৈ আছে ।

যাৰ ফলত বহুকেইখন গাঁও সন্নিৱিষ্ট ক্ষুদ্ৰতম নদী দ্বীপটোৰ গঞা ৰাইজে প্ৰাথমিক চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ থাকিব ল'গা পৰিস্থিতিৰ সৃষ্টি হৈছে । চৰকাৰে টুলুঙা নাৱৰ চলাচল বন্ধ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও প্ৰশাসনৰ অৱহেলা আৰু সোপাঢিলা নীতিৰ ফলতেই সঘনাই এনে ধৰণৰ নাও দুৰ্ঘটনা সংঘটিত হ'বলৈ লৈছে বুলি ৰাইজে অভিযোগ উত্থাপিত কৰিছে ।

লগতে পঢ়ক: নাইজেৰিয়াত শোকাৱহ ঘটনা: নাও দুৰ্ঘটনাত নিহত ৭৬ গৰাকী লোক

Last Updated :Oct 11, 2022, 12:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.