ETV Bharat / state

বিটিআৰত প্ৰথমবাৰৰ বাবে আন্তঃৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতা

author img

By

Published : Oct 11, 2022, 12:09 PM IST

Inter State Premier League Football Tournament held in BTR
বিটিআৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় আন্তঃৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতা

এক ব্যতিক্ৰমী চিন্তাধাৰাৰে বিটিআৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় আন্তঃৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতা (Premier League Football Tournament held in BTR) ৷ ৯ অক্টোবৰৰ পৰা বিটিচি চৰকাৰৰ উদ্যোগত আৰম্ভ হোৱা এই আন্তঃৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতাখন অহা ২৩ অক্টোবৰলৈকে চলিব ৷

বাক্সা, 11 অক্টোবৰ: এক ব্যতিক্ৰমী চিন্তা ধাৰাৰে বিটিআৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আন্তঃৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতা । উত্তৰ-পূৰ্বাঞ্চলৰ দহখন স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত বহুকেইটা ফুটবল দলক লৈ আয়োজিত হৈছে ফুটবল প্ৰতিযোগিতাখনী (Inter State Premier League Football Tournament held in BTR )।

এই ফুটবল প্ৰতিযোগিতাখনৰ সোমবাৰৰ খেলখন উপভোগ কৰিবলৈ উপস্থিত হয় অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প(বডোলেণ্ড), ভূমি সংৰক্ষণ আৰু ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ৷ বাক্সা জিলাৰ বাথৌপুৰীত অনুষ্ঠিত আন্তঃৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতাখনিত মন্ত্ৰীগৰাকী উপস্থিত থাকি কয় যে, প্ৰথমবাৰৰ বাবে বিটিচিৰ প্ৰশাসনৰ ফালৰ পৰা আন্তঃৰাজ্যিক প্ৰিমিয়াৰ লীগ আয়োজন কৰিছে, এয়া এক ঐতিহাসিক তথা প্ৰশংসনীয় পদক্ষেপ (Minister Urkhao Gwra Brahma)৷

বিটিআৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় আন্তঃৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতা

তেওঁ লগতে কয় যে, খেলৰ আৱশ্যকতা আছে বাবেই বিটিচিত ফুটবল খেলৰ আয়োজন কৰিছে ৷ সমাজ গঠনৰ ক্ষেত্ৰত শিক্ষাৰ লগতে তাৎপর্যপূর্ণ ভুমিকা পালন কৰে বিভিন্ন খেলে ৷ খেলৰ জৰিয়তে এখন প্ৰকৃত সমাজ গঠন কৰিব পাৰি বুলিও উল্লেখ্য কৰে মন্ত্ৰীগৰাকীয়ে । নৱ প্ৰজন্মক বিভিন্ন খেলক কেৰিয়াৰ হিচাপে লবলৈও আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে ৷

মন্ত্ৰী ব্ৰহ্মই লগতে কয় যে ফুটবল খেল এটা সময়ত গাঁৱসমূহতো অধিক জনপ্ৰিয় আছিল যদিও কালক্ৰমত ই লাহে লাহে হেৰাই গৈছিল । কিন্তু‌ এতিয়া পুনৰ ফুটবল খেলক ওভতাই আনিব লাগিব বুলি কয় তেওঁ । লগতে তেওঁ কয় যে, বাক্সাত এইবছৰৰ পৰাই জিলাভিত্তিক এখন ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হ’ব ৷ 50 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব ষ্টেডিয়ামখন ৷

ইয়াৰ পূৰ্বেও ডিমা হাছাও পৰিষদ আৰু কাৰ্বি আংলং পৰিষদৰ মাজত অনুষ্ঠিত খেলখন উদ্বোধন কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই । সোমবাৰে মুছলপুৰৰ বাথৌপুৰিত অনুষ্ঠিত হোৱা খেলখনত ডিমা হাচাও দলে কাৰ্বি আংলং দলক ২-১ গলত পৰাজিত কৰে ৷ খেলখনত ডিমা হাচাও দলৰ বাউৰিংদাও বডোছাক শ্ৰেষ্ঠ খেলুৱৈ হিচাবে নিৰ্বাচিত কৰে ৷

উল্লেখ্য যে, ৯ অক্টোবৰৰ পৰা বিটিচি চৰকাৰৰ উদ্যোগত আৰম্ভ হোৱা এই আন্তঃৰাজ্যিক প্ৰিমিয়াৰ লীগ ফুটবল প্ৰতিযোগিতাখন অহা ২৩ অক্টোবৰলৈ চলিব ৷ এই ফুটবল লীগত মিজোৰামৰ মাৰা স্বায়ত্ব শাসিত জিলা পৰিষদ, লাও স্বায়ত্ব শাসিত জিলা পৰিষদ, চাকমা স্বায়ত্ব শাসিত পৰিষদ, ত্ৰিপুৰাৰ ত্ৰিপুৰা জনজাতি স্বায়ত্ব শাসিত জিলা পৰিষদ, মেঘালয়ৰ খাছি পাৰ্বত্য স্বায়ত্ব শাসিত জিলা পৰিষদ, গাৰো পাৰ্বত্য স্বায়ত্ব শাসিত জিলা পৰিষদ, জয়ন্তীয়া পাৰ্বত্য স্বায়ত্ব শাসিত জিলা পৰিষদ আৰু অসমৰ ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদ, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ আৰু বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদকে আদি কৰি মুঠ দহটা ষষ্ঠ অনুসূচীত স্বায়ত্ব শাসিত পৰিষদৰ ফুটবল দলে অংশগ্ৰহণ কৰিব ৷

যোৱা ৯ অক্টোবৰত ওদালগুৰি জিলাৰ ডিমাকুছিত এই প্ৰথম সংখ্যক আন্তঃষষ্ঠ অনুসূচীত স্বায়ত্ব শাসিত পৰিষদ ফুটবল প্ৰিমিয়াৰ লীগ -২০২২ ৰ উদ্বোধনী খেল অনুষ্ঠিত হয় । ২৩ অক্টোবৰলৈকে চলিবলগীয়া এই ফুটবল প্ৰতিযোগিতাৰ লীগ খেলসমূহ বিটিআৰৰ কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাতো অনুষ্ঠিত হ'ব ৷

তাৰে চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব কোকৰাঝাৰ জিলাৰ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ ষ্টেডিয়ামত । ২৩ অক্টোবৰৰ সামৰণি অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ৷ এই প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ী দলক ক্ৰমে তিনি লাখ, দুই লাখ আৰু এক লাখকৈ নগদ ধনৰ লগতে ট্ৰফী প্ৰদান কৰা হ'ব ৷

লগতে পঢ়ক: সমাপ্ত হ’ল 74 সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল; বিজয় অইল ইণ্ডিয়া দুলিয়াজান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.