ETV Bharat / bharat

Kedarnath Ransi trek: কেদাৰনাথ দৰ্শনৰ বাবে যোৱা দৰ্শনাৰ্থীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Oct 11, 2022, 11:59 AM IST

কেদাৰনাথ দৰ্শনৰ বাবে যোৱা কেদাৰনাথ ৰান্সী ট্ৰেকত বৰফৰ মাজত আৱদ্ধ হৈছিল দুই পৰ্যটক ৷ এছডিআৰএফৰ দলে অভিযান চলাই উদ্ধাৰ কৰে ইয়াৰে এজনৰ মৃতদেহ (Body rescued on Kedarnath Ransi trek)৷

One dies another rescued on Kedarnath Ransi trek
কেদাৰনাথ দৰ্শন কৰিবলৈ যোৱা এজন দৰ্শনাৰ্থীৰ মৃতদেহ উদ্ধাৰ

নেশ্যনেল ডেস্ক: উত্তৰাখণ্ডত পুনৰ অঘটন ৷ শেহতীয়াতৈ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ হিমস্খলনৰ শোকাৱহ ঘটনাৰ চৰ্চা মাৰ নাযাওঁতেই এইবাৰ কেদাৰনাথ ৰান্সী দূৰ্গম পথেৰে যোৱা দুগৰাকী তীৰ্থযাত্ৰী আৱদ্ধ হ’বলগীয়া হয় পাহাৰৰ মাজত (Kedarnath Ransi trek in Uttarakhand)৷ মঙলবাৰে উদ্ধাৰকাৰী দলে অভিযান চলাই ইয়াৰে এজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Body rescued on Kedarnath Ransi trek)৷

ঘটনা অনুসৰি পশ্চিম বংগৰ এটা 10 জনীয়া দলে কেদাৰনাথ দৰ্শনৰ মানসেৰে কেদাৰনাথ ৰান্সী ট্ৰেকত গৈ থাকোঁতেই স্বাস্থ্যজনিত কাৰণত দুজন লোক পাহাৰৰ মাজত আৱদ্ধ হয় ৷ অৱশ্যে আন আঠজন লোক কুলিৰ সৈতে ঘূৰি অহাৰ পিছত আৱদ্ধ হৈ থকা দুজন লোকৰ বিষয়ে অৱগত কৰিছিল স্থানীয় প্ৰশাসনক ৷

এই তথ্য প্ৰাপ্ত হোৱাৰ পিছতে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ (এছডিআৰএফ) (State Disaster Response Force) উদ্ধাৰকাৰী দলে তৎক্ষণাৎ প্ৰয়োজনীয় উদ্ধাৰ সঁজুলি লৈ ঘটনাস্থলীত উপস্থিত হয় ৷ উদ্ধাৰকাৰী দলে ট্ৰেকত অভিযান চলাই দুয়োজন তীৰ্থযাত্ৰীক কেদাৰনাথৰ পৰা 6 কিলোমিটাৰ দূৰত মহাপন্থৰ ওচৰৰ বৰফৰ শিলৰ মাজত উদ্ধাৰ কৰে (Tourists found amidst icy rocks)৷

অৱশ্যে উদ্ধাৰকাৰী দলে এজন তীৰ্থযাত্ৰীক মৃত অৱস্থাত উদ্ধাৰ কৰাৰ বিপৰীতে আনজনক সংকটজনক অৱস্থাত উদ্ধাৰ কৰে ৷ উদ্ধাৰকাৰী দলটোৱে ঘটনাস্থলীতে ৰোগীজনক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছতেই কেডাৰনাথৰ চিকিৎসালয়ত ভৰ্তি কৰায় ৷

এছডিআৰএফৰ এগৰাকী মুখপাত্ৰই কোৱা অনুসৰি তীৰ্থযাত্ৰী দুজনক কেদাৰনাথৰ পৰা প্ৰায় ৬ কিলোমিটাৰ দূৰত প্ৰচণ্ড তুষাৰপাত হোৱা এটা অঞ্চলত বৰফৰ মাজত পোৱা গৈছিল ৷

উল্লেখ্য যে গ্ৰীষ্ম কালৰ ছয় মাহত তীৰ্থযাত্ৰীসকলে কেদাৰনাথ, তুংনাথ আৰু মদমহেশ্বৰ ধাম দৰ্শন কৰিবলৈ যায় । এতিয়ালৈকে 13 লাখ তীৰ্থযাত্ৰীয়ে কেদাৰনাথ ধাম দৰ্শন কৰিছে । এই সংখ্যাটো নিজেই এক অভিলেখ । কিন্তু এই বছৰৰ যাত্ৰাৰ শেষলৈ এই সংখ্যা 15 লাখ হ'ব পাৰে ।

তাৎপৰ্যপূৰ্ণ যে এই বছৰ চাৰিধামৰ ভিতৰত ৪.৫৬ লাখ লোকে বদ্ৰীনাথ ধাম ১৪.৩৫ লাখ, কেদাৰনাথ ধাম ১৩.২৩ লাখ, গংগোত্ৰী ৫.৮০ লাখ আৰু যমুনোত্ৰী দৰ্শন কৰিছে ।

লগতে পঢ়ক: উত্তৰকাশী হিমস্খলনত আৱদ্ধ হৈ থকা পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.