ETV Bharat / bharat

Arunachal CM shares beautiful picture of waterfalls: পেমা খাণ্ডুৱে শ্বেয়াৰ কৰিলে বিনন্দীয়া জলপ্ৰপাতৰ দৃশ্য

author img

By

Published : Oct 11, 2022, 10:42 AM IST

অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ বিশেষ টুইটাৰ পোষ্টৰ পাছতে পৰ্যটকৰ মনত বিশেষ কৌতূহলৰ সৃষ্টি হৈছে । মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিলে এক জলপ্ৰপাতৰ ফটো আৰু ভিডিঅ' (Arunachal CM shares iconic water falls)। প্ৰকৃতিৰ বিনন্দীয়া ৰূপ চাবলৈ পৰ্যটকক আমন্ত্ৰণ জনাইছে মুখ্যমন্ত্ৰীয়ে ।

Arunachal CM
পেমা খাণ্ডুৱে শ্বেয়াৰ কৰিলে বিনন্দীয়া জলপ্ৰপাতৰ দৃশ্য

তেজপুৰ,১১ অক্টোবৰ : উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ ভিতৰত অৰুণাচল প্ৰদেশো প্ৰাকৃতিক সম্পদেৰে চহকী (Arunachal is rich in natural resources)। পাহাৰ, জলপ্ৰপাত আদি প্ৰাকৃতিক সম্পদে ৰাজ্যখনক এক বিশেষ সৌন্দৰ্য প্ৰদান কৰিছে । যাৰ বাবে বছৰি লাখ লাখ পৰ্যটকৰ আগমন হয় ৰাজ্যখনলৈ । চৰকাৰেও পৰ্যটকক আকৰ্ষণৰ উদ্দেশ্যে বিভিন্ন পদক্ষেপ লৈ আহিছে ।

আনকি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নিজেই সামাজিক মাধ্যমত নিজৰ ৰাজ্যখনৰ বিনন্দীয়া ৰূপ শ্বেয়াৰ কৰে । ফেচবুক বা টুইটাৰত বহু ছবি আৰু ভিডিঅ' শ্বেয়াৰ কৰি বিশ্ব দৰবাৰত নিজৰ ৰাজ্যখনৰ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এইবাৰ পুনৰ সামাজিক মাধ্যমত কেইখনমান আকৰ্ষণীয় ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে (Arunachal CM twitter post)। হিমালয়ৰ পাদদেশৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ দেখি নিজেও আপ্লুত হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ।

Arunachal CM
পেমা খাণ্ডুৱে শ্বেয়াৰ কৰিলে বিনন্দীয়া জলপ্ৰপাতৰ দৃশ্য

তেওঁ শেহতীয়াকৈ তেওঁৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছে এটা জলপ্ৰপাতৰ এক দৰ্শনীয় ভিডিঅ’ যিয়ে আপোনাকো আকৰ্ষিত কৰি তুলিব (Pema Khandu shares iconic picture of Arunachal)। আনকি ই আপোনাক পাহাৰীয়া ৰাজ্যখন ভ্ৰমণ কৰিবলৈও প্ৰেৰণা দিব পাৰে । সম্প্ৰতি এই ভিডিঅ'টোৱে সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে । মুখ্যমন্ত্ৰীৰ এই ভিডিঅ' আৰু পোষ্টসমূহে পৰ্যটনৰ ক্ষেত্ৰত বহুতকে আকৰ্ষিত কৰা দেখা গৈছে ।

Arunachal CM
পেমা খাণ্ডুৱে শ্বেয়াৰ কৰিলে বিনন্দীয়া জলপ্ৰপাতৰ দৃশ্য

মুখ্যমন্ত্ৰীগৰাকীয়ে এই জলপ্ৰপাতটো য়ামেং বুলি অভিহিত কৰিছে (Arunachal CM shares Yameng waterfalls picture)। তেওঁ উল্লেখ কৰা মতে এই জলপ্ৰপাত অতি মনোমোহা আৰু টায়াঙৰ পৰা মাগোলৈ যোৱা পথত ইয়াক প্ৰত্যক্ষ কৰিব পাৰি ।

পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ অন্তৰ্গত য়ামেং জলপ্ৰপাতটো বৃহৎ আৰু আচৰিত ! টাৱাঙৰ পৰা মাগোলৈ যাওঁতে এই আইকনিক ঠাইখনত পোৱা যায় । চাৰিওফালে সেউজীয়া অঞ্চলটোৰ মনোমোহা দৃশ্যই আপোনাৰ কল্পনাৰো বাহিৰত । যিয়ে প্ৰতিগৰাকী পৰ্যটকক মোহিত কৰিব ।

প্ৰকৃতিৰ এই নান্দনিক দৃশ্য উপভোগ কৰিবলৈ পৰ্যটকৰ ভ্ৰমণৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে স্থানীয় লোকসকলে এই বিশেষ জলপ্ৰপাতটোক চুমি গ্যাট্চে জলপ্ৰপাতৰ অংশ বুলি গণ্য কৰে । যিটো ১০৮ টা জলপ্ৰপাতৰ অংশ ।

লগতে পঢ়ক :১১ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ভূপালৰ মহাকালেশ্বৰ মন্দিৰ কৰিডৰ প্ৰকল্প

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.