ETV Bharat / state

Barpeta Sangeet Samaroh 2022: ড° বীৰেন্দ্ৰ নাথ দত্তলৈ সত্ৰভূষণ ‘জগন্নাথ বায়ন বঁটা'

author img

By

Published : Oct 11, 2022, 11:49 AM IST

অহা ২২ আৰু ২৩ অক্টোবৰত অনুষ্ঠিত হ'ব বৰপেটা সংগীত সমাৰোহ ২০২২ (Barpeta Sangeet Samaroh 2022)। একাডেমী অৱ খোলবাদ্যৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় বাৰ্ষিক সমাৰোহত ড° বীৰেন্দ্ৰ নাথ দত্তক প্ৰদান কৰা হ'ব জগন্নাথ বায়ন বঁটা ।

Barpeta Sangeet Samaroh
ড° বীৰেন্দ্ৰ নাথ দত্তলৈ সত্ৰভূষণ জগন্নাথ বায়ন বঁটা

বৰপেটা, ১১ অক্টোবৰ : বিগত বছৰৰ দৰে এইবাৰো সত্ৰীয়া সংগীত তথা লোক সংগীতৰ পীঠস্থান সত্ৰনগৰী বৰপেটাত অনুষ্ঠিত হ'ব বৰপেটা সংগীত সমাৰোহ (Barpeta Sangeet Samaroh 2022)। অহা ২২ আৰু ২৩ অক্টোবৰত অনুষ্ঠিত হ'ব এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত সমাৰোহ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি খোলবাদ্যৰ প্ৰচাৰ, প্ৰসাৰৰ বাবে কাম কৰি অহা বৰপেটাৰে "একাডেমী অৱ খোলবাদ্য"ৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় বাৰ্ষিক 'বৰপেটা সংগীত সমাৰোহ'ত অসমীয়া সত্ৰীয়া আৰু লোক সংগীতৰ লগতে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ মণিকাঞ্চন সংযোগ ঘটিব (Academy of Kholbadya organized Sangeet Samaroh)৷

বৰপেটা প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সমাৰোহৰ বিষয়ে অৱগত কৰে আয়োজকসকলে । তেওঁলোকে উল্লেখ কৰা মতে সংগীত সমাৰোহখনিত অসমৰ থলুৱা লোক সংস্কৃতিৰ খ্যাতিসম্পন্ন শিল্পীৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কেইবাগৰাকীও শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব ৷

ড° বীৰেন্দ্ৰ নাথ দত্তলৈ সত্ৰভূষণ ‘জগন্নাথ বায়ন বঁটা'

ইফালে সংগীত সমাৰোহৰ সৈতে সংগতি ৰাখি প্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলৈ লোৱা সংগীত নাটক অকাডেমী বঁটা প্ৰাপক ‘সত্ৰভূষণ’ তথা ‘বৰপেটা শিৰোমণি' ৰূপে বিভূষিত প্রয়াত ‘জগন্নাথ বায়ন' বঁটাৰ বাবে ড° বীৰেন্দ্ৰ নাথ দত্তক নিৰ্বাচিত কৰাৰ কথাও সংবাদমেলত সদৰি কৰে (Jagannath Bayan Award to Birendra Nath Dutta) ৷ অন্যান্য ক্ষেত্ৰৰ লগতে বৰগীত আৰু সত্ৰীয়া সংস্কৃতিৰ এজন সেৱক-সাধক হিচাপে আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে ড° বীৰেন্দ্ৰ নাথ দত্তক এই বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি বঁটা প্ৰদান সমিতিয়ে ঘোষণা কৰে ৷

আয়োজকসকলে জনোৱা মতে অসমৰ কেইবাগৰাকী বিশিষ্ট শিল্পীৰ লগতে স্থানীয় শিল্পীসকলেও এই সমাৰোহত অংশগ্ৰহণ কৰিব । প্ৰথম দিনাৰ কাৰ্যসূচীত মন্ত্ৰী ৰণজিৎ দাস আৰু দ্বিতীয় দিনাৰ কাৰ্যসূচীত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকিব বুলি জনাইছে আয়োজকসকলে । সংবাদমেলখনত একাডেমী অৱ খোলবাদ্যৰ অক্ষয় কুমাৰ মিশ্ৰ, ড° ইন্দ্ৰজিৎ ৰায়চৌধুৰী আৰু মনোজ কুমাৰ দাসে অংশগ্ৰহণ কৰে ৷ সংগীত সমাৰোহখনিৰ সফলতাৰ বাবে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে আয়োজকসকলে ৷

লগতে পঢ়ক :Youth beaten by police: ৰিজাৰ্ভ ক্ল'জ কৰাৰ পিছতেই আৰক্ষী বিষয়াক নিলম্বনৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.