ETV Bharat / state

1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 7, 2022, 12:59 PM IST

1 বজাৰ শীৰ্ষ 10টা বাতৰি
1 বজাৰ শীৰ্ষ 10টা বাতৰি

1 বজাৰ শীৰ্ষ 10টা বাতৰি

পুনৰ বিকল মাজুলী-নিমাতিৰ মাজৰ ৰ'পেক্স ফেৰী সেৱা

বিপদে লগ নেৰা হৈছে ৰ'পেক্স ফেৰী সেৱাক ৷ পুনৰ বিকল হ’ল মাজুলী পৰা নিমাতি মাজত চলা ৰ'পেক্স ফেৰী (Ro Pax Ferry Service temporarily stopped in majuli)। বিগত 4 টা দিনে বিকল হৈ পৰি ৰৈছে M V Rani Gaidinliu নামৰ ৰ’পেক্স ফেৰীখন । যাৰ ফলত এতিয়া ব্ৰহ্মপুত্ৰ পাৰাপাৰ হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰিছে যাত্ৰীসকল ৷ বিভাগীয় কৰ্তৃপক্ষই এতিয়া জোৰা-টাপলি মাৰি অনলাইন টিকট কৰা যাত্ৰীসকলক কৰিছে পাৰাপাৰ ৷ হাৰাশাস্তি হৈছে এতিয়া বহু যাত্ৰীৰ ৷

সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাসক মৃত্যুদণ্ড আলফা(স্বা)ৰ

চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত মৃত্যুদণ্ড বিহা হৈছে সঞ্জীৱ শৰ্মা ওৰফে ঋষভ অসম আৰু তেওঁৰ সহযোগী ধনজিৎ দাস ওৰফে ৰূপক অসমক(Sanjiv Sarma and Dhanjit Das sentenced to death by ULFA independent) ৷ মৃত্যুৰ পূৰ্বে দুয়োগৰাকীৰ স্বীকাৰোক্তিৰ এক ভিডিঅ’ প্ৰকাশ কৰিছে আলফা(স্বা) য়ে ৷

State of emergency in Sri Lanka : সংকটত শ্ৰীলংকা...

শ্ৰীলংকাত দেখা দিছে তীব্ৰ সংকটে । ৰাষ্ট্ৰপতি আৰু চৰকাৰৰ বিৰুদ্ধে দেশখনত ব্যাপক আন্দোলন দেখিবলৈ পোৱা গৈছে । এনে পৰিস্থিতিৰ মাজতে দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা (Sri Lanka declares state of emergency)। শুকুৰবাৰৰ নিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশখনত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা ।

পথৰ দাঁতিত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ এজন বৃদ্ধ আৰু এগৰাকী মহিলা

বৰপেটা 2 নং বিকল্প ৰাজ্যিক ঘাইপথৰ বৰতাৰিত অঘটন ৷ পথৰ দাঁতিত আহত অৱস্থা উদ্ধাৰ এজন বৃদ্ধ আৰু এগৰাকী মহিলা ৷ পথ দুৰ্ঘটনাৰ ফলতেই ব্যক্তি দুইগৰাকী আহত হোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷

শিৱসাগৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে(Assam police campaign against Narcotics) ৷ এইবাৰ শিৱসাগৰৰ হালোৱাটিঙত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ৷ জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা ।

১৫ আগষ্টৰ পৰা নামনি সােৱণশিৰি জলবিদ্যুৎ প্রকল্পই দিব শক্তি : নীৰৱ দল-সংগঠন

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত তৎপৰ এন এইচ পি চি । প্রথম পর্যায়ত ২৫০ মেগাৱাট ক্ষমতাসম্পন্ন দুটা গােটৰ জৰিয়তে মুঠ ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হ'ব । ২০২৩ চনৰ আগষ্ট মাহৰ ভিতৰত সমগ্র প্রকল্পটোৰ ৰূপায়ণৰ কার্য সমাপ্ত কৰাৰ লক্ষ্য। প্ৰকল্পটোৰ কাম বন্ধ হৈ থকাৰ ফলত ব্যয়ৰ পৰিমাণ ২২ হাজাৰ কোটি টকালৈ বৃদ্ধি । আশ্চর্যজনকভাৱে প্ৰকল্পটোৰ বিৰােধিতা কৰা দল-সংগঠনসমূহ এতিয়া একপ্ৰকাৰ নীৰৱ (Organizations being silent over NHPC project) ।

কমলা খেতি পুনৰুজ্জীৱিত কৰাৰ বাবে ত্ৰিপুৰা চৰকাৰৰ পদক্ষেপ

ত্ৰিপুৰাত কমলা খেতি পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে চৰকাৰৰ উদ্যান শস্য আৰু ভূমি সংৰক্ষণ বিভাগে এক পদক্ষেপ গ্ৰহণ কৰিছে (Tripura govt takes step to revive orange cultivation)। মুম্বাইস্থিত CCRIৰ চাৰিজনীয়া প্ৰতিনিধি দলে ত্ৰিপুৰা ভ্ৰমণ কৰিকমলা খেতিয়কসকলৰ সৈতে বাৰ্তালাপ কৰে । খেতিয়কসকলক এই ক্ষেত্ৰত প্ৰশিক্ষণো দিয়া হয় ।

পিকনিক খোৱা নাই কথা-বতৰা পাতিছো : মুখ্যমন্ত্ৰী

কাজিৰঙাত বিজেপি আৰু মিত্ৰজোঁটৰ মন্ত্ৰী-বিধায়ক-সাংসদৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা (CM meets MLA's in Kaziranga) ৷ কাজিৰঙাৰ অভিজাত আৰু বিলাসী ৰিজ'ৰ্ট "বৰগছ"ত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত মিত্ৰজোঁটৰ মন্ত্ৰী-বিধায়কসকলৰ বিগত এবছৰীয়া কামৰ খতিয়ান লয় মুখ্যমন্ত্ৰীয়ে (Review meeting of CM in Kaziranga) । এই অনুষ্ঠানৰ পিছতে মুখ্যমন্ত্ৰীয়ে জনায় যে, এই সভা ৰাজনৈতিক হোৱাৰ পৰিৱৰ্তে আছিল উন্নয়নমূলক ৷

কামাখ্যা মন্দিৰ প্ৰাংগণত শিশুৰ ভিক্ষা বৃত্তিৰ অৱসানৰ নিৰ্দেশ উপায়ুক্তৰ

শুকুৰবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই কামাখ্যা মন্দিৰ প্ৰাংগণত শিশুৰ ভিক্ষা বৃত্তিৰ অৱসানৰ নিৰ্দেশ জাৰি কৰে (Pallav Gopal Jha gives order to stop child begging at Kamakhya) ৷ লগতে জিলা শিক্ষা বিষয়া প্ৰসন্ন বৰুৱাক কিতাপ-পত্ৰ যোগান ধৰাৰ ব্যৱস্থা ল’বলৈ অনুৰোধ কৰে উপায়ুক্তগৰাকীয়ে ৷

কাকপথাৰত ব্ৰাউন চুগাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক

শেহতীয়াকৈ ৰাজ্যত ধাৰাবাহিকভাৱে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drug mission in Assam) ৷ এইদৰে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Assam police raid against drugs) অব্যাহত থকাৰ সময়তে কাকপথাৰত আৰক্ষীয়ে দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ব্ৰাউন চুগাৰ জব্দ কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.