ETV Bharat / bharat

কমলা খেতি পুনৰুজ্জীৱিত কৰাৰ বাবে ত্ৰিপুৰা চৰকাৰৰ পদক্ষেপ

author img

By

Published : May 7, 2022, 9:51 AM IST

ত্ৰিপুৰাত কমলা খেতি পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে চৰকাৰৰ উদ্যান শস্য আৰু ভূমি সংৰক্ষণ বিভাগে এক পদক্ষেপ গ্ৰহণ কৰিছে (Tripura govt takes step to revive orange cultivation)। মুম্বাইস্থিত CCRIৰ চাৰিজনীয়া প্ৰতিনিধি দলে ত্ৰিপুৰা ভ্ৰমণ কৰিকমলা খেতিয়কসকলৰ সৈতে বাৰ্তালাপ কৰে । খেতিয়কসকলক এই ক্ষেত্ৰত প্ৰশিক্ষণো দিয়া হয় ।

Orange production
কমলা খেতি পুনৰুজ্জীৱিত কৰাৰ বাবে ত্ৰিপুৰা চৰকাৰৰ পদক্ষেপ

আগৰতলা,৭ মে' : ত্ৰিপুৰাত পূৰ্বতকৈ কমলাৰ উৎপাদন হ্ৰাস পাইছে (Orange production in Tripura has come down)। যাৰবাবে ত্ৰিপুৰা চৰকাৰে কমলা খেতি পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টা হাতত লৈছে । জামপুই পাহাৰৰ কমলা খেতিক পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে চৰকাৰৰ উদ্যান শস্য আৰু ভূমি সংৰক্ষণ বিভাগে এক পদক্ষেপ গ্ৰহণ কৰিছে (Tripura govt takes step to revive orange cultivation)। ইয়াৰ অংশস্বৰূপে ২৭-২৮ এপ্ৰিলত মুম্বাইৰ নাগপুৰস্থিত চেণ্ট্ৰেল চাইট্ৰাছ ৰিচাৰ্চ ইনষ্টিটিউটৰ চাৰিজনীয়া প্ৰতিনিধিৰ এটা দলে জামপুই পাহাৰত কমলা খেতিয়কসকলৰ সৈতে কমলা বাগিচা পৰিদৰ্শন কৰে (4 representatives of CCRI visits Tripura)।

চাৰিজনীয়া প্ৰতিনিধিৰ দলটোত আছিল নাগপুৰস্থিত আইচিএআৰ চিচিআৰআইৰ সঞ্চালক ড০ দিলীপ ঘোষ, প্ৰধান বিজ্ঞানী (উদ্ভিদ ৰোগ বিজ্ঞান) ড০ এ কে দাস, প্ৰধান বিজ্ঞানী (উদ্যান শস্য) ড০ এ এ মুখাৰ্জী আৰু প্ৰধান বিজ্ঞানী (পতঙ্গ বিজ্ঞান) ড০ জি টি বেহেৰ । তেওঁলোকৰ ভ্ৰমণকালত, দলটোৰ দুজন প্ৰতিনিধিয়ে পৰামৰ্শ দিয়া মতে জামপুই পাহাৰত কমলা খেতি পুনৰুজ্জীৱিত কৰা সম্ভৱ । ইয়াৰ বাবে কমলা খেতিয়কসকল অধিক সচেতন, পৰিশ্ৰমী হ'ব লাগিব আৰু খেতিৰ বৈজ্ঞানিক উপায় অনুশীলন কৰিব লাগিব ।

এগৰাকী বিষয়াৰ মতে এই ক্ষেত্ৰত উদ্যান শস্য আৰু ভূমি সংৰক্ষণ বিভাগে প্ৰয়োজনীয় পদক্ষেপ ল'ব লাগিব যাতে উন্নতমানৰ কমলা গছৰ পুলি উৎপাদনৰ বাবে নাৰ্চাৰী স্থাপন কৰিব পৰা যায় । এই ক্ষেত্ৰত উত্তৰ ত্ৰিপুৰা জিলাৰ কৃষক জ্ঞান কেন্দ্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

দলটোৰ ভ্ৰমণৰ দ্বিতীয় দিনা কেন্দ্ৰীয় চাইট্ৰাছ গৱেষণা প্ৰতিষ্ঠান আৰু উদ্যান শস্য আৰু ভূমি সংৰক্ষণ বিভাগৰ উদ্যোগত জামপুই পাহাৰত কমলা খেতিৰ ওপৰত এটা প্ৰশিক্ষণ শিবিৰৰো আয়োজন কৰা হয় (Orange cultivation training in Jampui Hills)। প্ৰশিক্ষণৰ সময়ত উপস্থিত থাকে জামপুই পাহাৰ খণ্ড উপদেষ্টা সমিতিৰ অধ্যক্ষ ৰিয়াকচুংনুঙ্গা, উদ্যান শস্য আৰু ভূমি সংৰক্ষণ বিভাগৰ সঞ্চালক ড০ ফণী ভূষণ জামাতিয়া । মুঠ ৬০ গৰাকী কমলা খেতিয়কে প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । দলটোৰ দুদিনীয়া ভ্ৰমণকালত উত্তৰ ত্ৰিপুৰা জিলাৰ কৃষি গৱেষক আৰু উদ্যান শস্য আৰু ভূমি সংৰক্ষণ বিভাগৰ জিলা বিষয়াসকলো উপস্থিত থাকে ।

ইয়াৰ পাছতে চেণ্ট্ৰেল চাইট্ৰাছ ৰিচাৰ্চ ইনষ্টিটিউটৰ দলটোৱে কিলা খণ্ডৰ উত্তৰ বাৰামুৰা গাঁও অঞ্চলৰ কমলা বাগিচা পৰিদৰ্শন কৰে আৰু তাত কমলা খেতিয়কসকলৰ সৈতে বাৰ্তালাপ কৰে । তেওঁলোকে তাত নাৰ্চাৰীৰ সঠিক তত্বাৱধান, বৰষুণৰ পূৰ্বে আৰু পিছত গছৰ যত্ন, কমলা গছৰ স্বাস্থ্য নিৰীক্ষণ কৰা আৰু পোক-পতংগ প্ৰতিৰোধৰ ওপৰত এখন কৰ্মশালাও অনুষ্ঠিত কৰে । কৰ্মশালাখনত ৫০ গৰাকী কমলা খেতিয়কে অংশগ্ৰহণ কৰে । বিধায়ক ৰামপাদা জামাতিয়া আৰু উদ্যান শস্য আৰু ভূমি সংৰক্ষণ বিভাগৰ সঞ্চালক ড০ ফণী ভূষণ জামাতিয়াও এই কাৰ্যসূচীত উপস্থিত থাকে ।

লগতে পঢ়ক :অৱতাৰ ছবিৰ পাণ্ডোৰালৈ ৰূপান্তৰিত হৈছে অনামালাই টাইগাৰ ৰিজাৰ্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.