ETV Bharat / politics

অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ ভেটি বিজেপিয়ে নহয় কংগ্ৰেছে উচন কৰিলে: গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 7:47 PM IST

বিপুল ভোটৰ ব্যৱধানত জয়ী হৈ দিল্লীমুখী গৌৰৱ গগৈ । যাত্ৰাপথত কৰ্মী-সমৰ্থকৰ মৰম বুটলিলে গগৈয়ে । লোকসভা নিৰ্বাচনক ছেমি ফাইনেল আখ্যা দি ২০২৬ ৰ নিৰ্বাচনত কংগ্ৰেছে ফাইনেল খেলিব বুলি মন্তব্য নৱ-নিৰ্বাচিত প্ৰাৰ্থীগৰাকীৰ । পৰৱৰ্তী সময়ত অসমত কংগ্ৰেছৰ ভেটি টনকিয়াল কৰাৰ বাবে আগ্ৰহ গৌৰৱৰ ।

Gaurav Gogoi slams Himanta Biswa Sarma and Pijush Hazarika
বিপুল ভোটৰ ব্যৱধানত জয়ী হৈ দিল্লীমুখী গৌৰৱ গগৈ (ETV Bharat Assam)

গোলাঘাট/বোকাখাত,৬ জুন: সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ পৰা বিপুল ভোটৰ ব্যৱধানত জয়ী হোৱা সাংসদ গৌৰৱ গগৈ বৃহস্পতিবাৰে উপস্থিত হয় বোকাখাতত । ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰা কলিয়াবৰ লোকসভা সমষ্টিৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে গগৈয়ে । এই জয় কেৱল তেওঁৰেই জয় নহয় এই জয় যোৰহাটবাসীৰ জয় বুলি উল্লেখ কৰি যোৰহাটবাসীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে কংগ্ৰেছী নেতাগৰাকীয়ে ।

বোকাখাতত উপস্থিত হৈ ৰাইজৰ সৈতে মত-বিনিময় কৰি সাংসদ গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ একাংশ মন্ত্ৰীক কটাক্ষ কৰে সংবাদ মাধ্যমৰ আগত । পীযুষ হাজৰীকাৰ বিৰুদ্ধে সৰৱ হৈ পৰে যোৰহাটৰ নৱ-নিৰ্বাচিত সাংসদগৰাকী । তেওঁ কয়, "পীযুষ হাজৰীকাই ৰাজনীতি এৰিলে আমাৰেই লোকচান । তেখেতে ৰাজনীতি এৰিব নেলাগে । কংগ্ৰেছৰ বিজয় নিশ্চিত কৰিবলৈকে তেখেত ৰাজনীতিত থকা প্ৰয়োজন । যোৰহাটেই তাৰ উদাহৰণ ।"

মুখ্যমন্ত্ৰীক সমালোচনা কৰি তেওঁ কয়, "মুখ্যমন্ত্ৰী আৰু তেখেতৰ সোঁহাত বাঁওহাত য'তেই যায় তাতেই কংগ্ৰেছৰ ভাল দিন আহে । গতিকে তেখেতসকলক নিমন্ত্ৰণ জনোৱা হৈছে । তেওঁলোক আহিয়ে থাকক, আহিয়ে থাকক । মুখ্যমন্ত্ৰী যোৰহাটলৈ আহি থাকক, বোকাখাতলৈ আহি থাকক, গোলাঘাটলৈ আহি থাকক, ডিব্ৰুগড়লৈ আহি থাকক তেতিয়া ভাল লাগিব ।"

ইফালে লোকসভা নিৰ্বাচনক ছেমি ফাইনেল আখ্যা দি, ২০২৬ ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ফাইনেল খেলিব বুলি ব্যক্ত কৰে গৌৰৱ গগৈয়ে । একেদৰে ৰাজ্যৰ সাম্প্ৰদায়িক ৰাজনৈতিক শক্তিক বিজেপিয়ে নহয়, কংগ্ৰেছ দলেহে ওফৰালে বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে । আনহাতে পৰৱৰ্তী সময়ত অসমত কংগ্ৰেছৰ ভেটি টনকিয়াল কৰাৰ বাবে কাম কৰিবলৈ সুযোগ প্ৰদান কৰাৰ বাবে দলৰ হাইকামাণ্ডক অনুৰোধ জনাব বুলিও গৌৰৱ গগৈয়ে মন্তব্য কৰে ।

লগতে পঢ়ক: যোৰহাটত গৌৰৱ গগৈৰ অভূতপুৰ্ব জয় : জয়ৰ আঁৰৰ ১০টা মূল কাৰণ - Lok Sabha Election 2024

যোৰহাটত কেনেকৈ চক্ৰবেহু ফালিলে অভিমন্যুৱে ? - LOK SABHA ELECTION RESULTS 2024

আমি হাৰি হাৰিও জিকিছো, বিজেপি জিকি জিকিও হাৰিছে: ভূপেন কুমাৰ বৰা - Lok Sabha Election Results 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.