ETV Bharat / city

শিৱসাগৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

author img

By

Published : May 7, 2022, 8:10 AM IST

Updated : May 7, 2022, 8:48 AM IST

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছে(Assam police campaign against Narcotics) ৷ এইবাৰ শিৱসাগৰৰ হালোৱাটিঙত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা ৷ জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় দুই লক্ষাধিক টকা ।

Huge amount of Arunachali wine seized in Sivasagar
শিৱসাগৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

আমগুৰি, 7 মে’ : শিৱসাগৰ হালোৱাটিঙত শুকুৰবাৰে বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰা হয় । হালোৱাটিং আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে অৰুণাচলী সুৰাখিনি । আৰক্ষীয়ে AS 06 L 0988 নম্বৰৰ বলেৰ' বাহনখনৰ পৰা জব্দ কৰে প্ৰায় ৭৮কাৰ্টন অৰুণাচলী সুৰা(Arunachali wine seized in Sivasagar) ।

হালোৱাটিং আৰক্ষীয়ে অভিযান চলাই মিছাজানলৈ বলেৰ' বাহনখনৰ খেদি খেদি গৈ অৰুণাচলী সুৰাখিনি জব্দ কৰে । আৰক্ষীয়ে খেদি যোৱাৰ সময়তে মিছাজানত দুৰ্ঘটনাগ্ৰস্ত হয় বলেৰ বাহনখন । অৱশ্যে আৰক্ষীয়ে গাড়ীসহ অৰুণাচলী সুৰাখিনি জব্দ কৰে যদিও গাড়ীখনৰ চালকক আটক কৰিবলৈ সক্ষম নহ’ল ।

আৰক্ষী বিষয়া

আৰক্ষীয়ে সদৰি কৰা অনুসৰি, জব্দকৃত অৰুণাচলী সুৰাখিনি মূল্য প্ৰায় দুই লক্ষাধিক টকা হ'ব । অসম নাগালেণ্ড সীমান্তৱৰ্তী(Assam-Nagaland Border) আমগুৰি আৰু হালোৱাটিঙত দীৰ্ঘদিন ধৰি অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল । এই অভিযোগৰ ভিত্তিতেই শনিবাৰে হালোৱাটিং আৰক্ষীয়ে অভিযান চলাই গাড়ীসহ অৰুণাচলী সুৰাখিনি জব্দ কৰে ৷

লগতে পঢ়ক : কাকপথাৰত ব্ৰাউন চুগাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক

Last Updated :May 7, 2022, 8:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.