ETV Bharat / city

কামাখ্যা মন্দিৰ প্ৰাংগণত শিশুৰ ভিক্ষা বৃত্তিৰ অৱসানৰ নিৰ্দেশ উপায়ুক্তৰ

author img

By

Published : May 6, 2022, 9:54 PM IST

শুকুৰবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই কামাখ্যা মন্দিৰ প্ৰাংগণত শিশুৰ ভিক্ষা বৃত্তিৰ অৱসানৰ নিৰ্দেশ জাৰি কৰে (Pallav Gopal Jha gives order to stop child begging at Kamakhya) ৷ লগতে জিলা শিক্ষা বিষয়া প্ৰসন্ন বৰুৱাক কিতাপ-পত্ৰ যোগান ধৰাৰ ব্যৱস্থা ল’বলৈ অনুৰোধ কৰে উপায়ুক্তগৰাকীয়ে ৷

pallav-gopal-jha-gives-order-to-stop-child-begging-at-kamakhya
কামাখ্যা মন্দিৰ প্ৰাংগণত শিশুৰ ভিক্ষা বৃত্তিৰ অৱসানৰ নিৰ্দেশ

গুৱাহাটী, 6মে’: শুকুৰবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনামূলক সভা অনুষ্ঠিত হয় ৷ নেশ্বনেল চাইল্ড লেবাৰ প্ৰজেক্ট’ (এন চি এল পি)ৰ অন্তৰ্গত প্ৰিয়বন্ধু, গণবন্ধু, সুন্দৰম, শৰাইঘাট, আমাৰ প্ৰয়াস আদি বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানে কামৰূপ মহানগৰ জিলাত শিশু শ্ৰমিকসকলৰ কল্যাণৰ হকে চলাই থকা কাম-কাজৰ ওপৰত আলোচনা কৰিবলৈ এই সভাৰ আলোচনা কৰা হয় ৷

সভাত কামাখ্যা মন্দিৰ প্ৰাংগণত শিশুসকলে চলাই থকা ‘ভিক্ষা বৃত্তি’ৰ অৱসান পেলাই শিশুসকলক পঢ়া-শুনাৰ প্ৰতি আকৃষ্ট কৰিবলৈ সমাজ কল্যাণ আৰু শ্ৰম বিষয়াক ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়ে (Kamrup DC Pallav Gopal Jha gives order to stop child begging at Kamakhya ) ৷ লগতে শিশুসকলৰ মানসিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্তগৰাকীয়ে ‘নেশ্বনেল চাইল্ড লেবাৰ প্ৰজেক্ট’ৰ অন্তৰ্গত চলাই থকা শিশুৰ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰসমূহত জিলা শিক্ষা বিষয়া প্ৰসন্ন বৰুৱাক কিতাপ-পত্ৰ যোগান ধৰাৰ ব্যৱস্থা ল’বলৈ অনুৰোধ কৰে ।

তাৰোপৰি জিলাখনত ‘এন চি এল পি’ৰ অন্তৰ্গত বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠানে চলাই থকা কাম-কাজৰ বিষয়ে আলোচনা কৰাৰ পিছত উপায়ুক্তগৰাকীয়ে জিলা শ্ৰম বিষয়া, সমাজ কল্যাণ বিষয়াক প্ৰত্যেক বেচৰকাৰী সংস্থাৰ কেন্দ্ৰসমূহলৈ গৈ ক্ষেত্ৰ অধ্যয়নৰ পিছত মাহিলি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

সহকাৰী আয়ুক্ত ৰিমঝিম কোঁৱৰ, সহকাৰী শ্ৰম আয়ুক্ত, নেশ্যনেল চাইল্ড লেবাৰ প্ৰজেক্ট (কামৰূপ মহানগৰ)ৰ সঞ্চালক মৌচুমী মহন্ত তথা নিয়োজিত আন আন বিষয়া-বৰ্গ, বেচৰকাৰী প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিৰ উপৰি শিক্ষা, সমাজ কল্যাণ, শ্ৰম আদি বিভাগৰ মূৰব্বী বিষয়াসকল এই সভাত উপস্থিত থাকে।

লগতে পঢ়ক : উখল মাখল বৰগছ: কাজিৰঙাত মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.