ETV Bharat / state

১৫ আগষ্টৰ পৰা নামনি সােৱণশিৰি জলবিদ্যুৎ প্রকল্পই দিব শক্তি : নীৰৱ দল-সংগঠন

author img

By

Published : May 6, 2022, 10:08 PM IST

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত তৎপৰ এন এইচ পি চি । প্রথম পর্যায়ত ২৫০ মেগাৱাট ক্ষমতাসম্পন্ন দুটা গােটৰ জৰিয়তে মুঠ ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হ'ব । ২০২৩ চনৰ আগষ্ট মাহৰ ভিতৰত সমগ্র প্রকল্পটোৰ ৰূপায়ণৰ কার্য সমাপ্ত কৰাৰ লক্ষ্য। প্ৰকল্পটোৰ কাম বন্ধ হৈ থকাৰ ফলত ব্যয়ৰ পৰিমাণ ২২ হাজাৰ কোটি টকালৈ বৃদ্ধি । আশ্চর্যজনকভাৱে প্ৰকল্পটোৰ বিৰােধিতা কৰা দল-সংগঠনসমূহ এতিয়া একপ্ৰকাৰ নীৰৱ (Organizations being silent over NHPC project) ।

NHPC to start  production  from  August 15
১৫ আগষ্টৰ পৰা নামনি সােৱণশিৰি জলবিদ্যুৎ প্রকল্পই দিব শক্তি : নীৰৱ দল-সংগঠন

গুৱাহাটী, ৬ মে': বিভিন্ন দল-সংগঠন তথা ৰাজ্যবাসীৰ প্ৰৱল প্ৰতিবাদৰ পাছতো নিৰ্মাণকাৰ্য চলাই শক্তি উৎপাদনৰ বাবে সাজু কৰি তোলা হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প । ১৫ আগষ্টত অর্থাৎ স্বাধীনতা দিৱসৰ দিনাই নামনি সােৱণশিৰি জলবিদ্যুৎ প্রকল্পটোৰ উৎপাদন কার্য আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে কেন্দ্রীয় চৰকাৰে ।

ইতিমধ্যে কেন্দ্রীয় শক্তি মন্ত্রালয়ে স্বাধীনতা দিৱসৰ দিনাই প্রকল্পটোৰ প্রথম পর্যায়ৰ উৎপাদন কার্য যিকোনাে উপায়েৰে হ'লেও যাতে আৰম্ভ কৰিব পৰা যায় তাৰ বাবে সাজু হ'বলৈ নির্দেশ দিছে প্রকল্প ৰূপায়ণকাৰী প্রতিষ্ঠান এন এইচ পি চিক ।

উল্লেখ্য যে, সম্প্রতি দ্রুতগতিত আগবাঢ়িছে নামনি সােৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ (Lower Subansiri hydroelectric power project) নির্মাণকার্য । ইতিমধ্যে প্ৰকল্পটোৰ মূল বান্ধ নিৰ্মাণৰ কাম সমাপ্ত হৈছে । স্থাপন কৰা হৈছে টার্বাইন । যদিহে বাৰিষাৰ বতৰে বিশেষভাৱে বিধি-পথালি নিদিয়ে তেনেহলে পূর্ব নির্ধাৰিত সময় অনুসৰিয়েই আগষ্ট মাহতে প্রথম পর্যায়ৰ উৎপাদন আৰম্ভ কৰিব পৰা যাব ।

NHPC to start  production  from  August 15
১৫ আগষ্টৰ পৰা নামনি সােৱণশিৰি জলবিদ্যুৎ প্রকল্পই দিব শক্তি : নীৰৱ দল-সংগঠন

ইয়াৰ বাবে সম্প্রতি ২৪ ঘণ্টাই প্ৰকল্পটোৰ নির্মাণকার্য চলাই থকা হৈছে । আনহাতে প্রথম পর্যায়ত ২৫০ মেগাৱাট ক্ষমতাসম্পন্ন দুটা গােটৰ জৰিয়তে মুঠ ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰা হ'ব । ইয়াৰ পাছত ২০২৩ চনৰ আগষ্ট মাহৰ ভিতৰত সমগ্র প্রকল্পটোৰ ৰূপায়ণৰ কার্য সমাপ্ত কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে । ইফালে আৰম্ভণিতে সােৱণশিৰি জলবিদ্যুৎ প্রকল্পটোৰ নির্মাণ ব্যয় ধার্য কৰা হৈছিল ৬,২৮৫ কোটি টকা ।

কিন্তু ২০১১ চনৰ পৰা ২০১৯ চনলৈ প্ৰকল্পটোৰ কাম বন্ধ হৈ থকাৰ ফলত ব্যয়ৰ পৰিমাণ বহু গুণে বৃদ্ধি পায় । সম্প্রতি প্রকল্পটোৰ ব্যয় প্রায় ২২ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। মন কৰিব লগীয়া কথা যে দুহেজাৰ মেগাৱাট শক্তিসম্পন্ন জলবিদ্যুৎ প্ৰকল্পটোৰ ফলত নদীখনৰ নামনি অংশত বিৰূপ প্ৰভাৱ পৰাৰ শংকা ব্যক্ত কৰিছিল ৰাজ্যৰ বহু দল-সংগঠনে । আনকি অসমৰ বহুকেইজন বিশেষজ্ঞই অতি ভূ-কম্পন এলেকাৰ অন্তর্ভুক্ত অৰুণাচল প্রদেশত বৃহৎ নদীবান্ধ নিৰ্মাণৰ বিৰােধিতা কৰিছিল ।

ইয়াৰ পাছতে বৃহৎ নদীবান্ধ-বিৰােধী উক্ত দল-সংগঠনসমূহৰ প্ৰতিবাদৰ ফলত ২০১১ চনত স্তব্ধ হৈ পৰিছিল প্রকল্পটোৰ নির্মাণকার্য । আনহাতে কেইবাটাও দল-সংগঠনে প্রকল্পটোৰ বিৰােধিতাত ন্যায়ালয়ত গােচৰ তৰিছিল । কিন্তু কেইবা বছৰাে ধৰি চলা আইনী যুঁজৰ অন্তত অৱশেষত ন্যায়ালয়ে উক্ত গােচৰকেইটা খাৰিজ কৰাত ২০১৯ চনৰ পৰা প্ৰকল্পটোৰ নির্মাণকার্য পুনৰ আৰম্ভ হয় ।

বিগত তিনিটা বছৰত প্ৰকল্পটোৰ নির্মাণ কার্য দ্রুত গতিত চলি আছে যদিও আশ্চর্যজনকভাৱে প্ৰকল্পটোৰ বিৰােধিতা কৰা দল-সংগঠনসমূহ একপ্ৰকাৰ নীৰৱ হৈ আছে । অসমৰ বিশেষজ্ঞসকলো এতিয়া একপ্ৰকাৰ মৌন । নামনি সােৱণশিৰি প্ৰকল্পটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠাৰ পাছত অনাগত দিনত অসমত ইয়াৰ কি প্ৰভাৱ পৰিব সেয়া সময়েহে ক'ব।

লগতে পঢ়ক :Assamese film goes to cannes: কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া ছবি ‘বাঘজান’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.