ETV Bharat / entertainment

Assamese film goes to cannes: কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া ছবি ‘বাঘজান’

author img

By

Published : May 6, 2022, 4:49 PM IST

তিনিচুকীয়া জিলাৰ বাঘজানৰ তৈল খাদত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ওপৰত নিৰ্মাণ কৰা অসমীয়া ছবি ‘বাঘজান’ কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব (Assamese film goes to cannes film festival) ৷ ছবিখন পৰিচালনা আৰু প্ৰযোজনা কৰিছে জয়চেং জয় দহোতীয়াই ৷

festival
কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া ছবি ‘বাঘজান’

শদিয়া, 6 মে’: অসমৰ চলচ্চিত্ৰ জগতলৈ এটি সুখবৰ ৷ সন্মানীয় কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হৈছে এখন অসমীয়া ছবি (Assamese film goes to cannes film festival) ৷ খবৰটো বিয়পি পৰাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ চলচ্চিত্ৰ প্ৰেমী দৰ্শক সকল ৷

  • Really honoured to share the news that my film Baghjan বাঘজান is selected for the "Goes to Cannes" section from India. I would like to give my thanks to NFDC for making this possible. I wish I could attend the festival! @himantabiswa help! INDIA TODAY News https://t.co/WQezKGY7XH pic.twitter.com/0gHeAQvb9G

    — Jaicheng Zxai Dohutia (@JaichengDohutia) May 5, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

তিনিচুকীয়া জিলাৰ বাঘজানৰ তৈল খাদত সংঘটিত হোৱা অগ্নিকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ ৷ অসমৰ ইতিহাসত এই ঘটনা এক কলা অধ্যায় হিচাবে চিহ্নিত হৈ ৰ’ব ৷ এই ভয়ংকৰ তথা শোকাৱহ ঘটনাৰ আধাৰতেই নিৰ্মাণ কৰা হৈছে এখন ছবি ৷ ৰজত কমল বঁটা প্ৰাপক তিনিচুকীয়া জিলাৰ কাকপথাৰ টঙনাৰ যুৱক জয়চেং জয় দহোতীয়াই নিৰ্মাণ কৰি উলিয়াইছে ‘বাঘজান’ শীৰ্ষক এখন ছবি ৷

Assamese film goes to cannes: কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া ছবি ‘বাঘজান’

ভাৰতৰ চৰকাৰী সংস্থা NFDC (National Film Development Corporation)য়ে এই ছবিখন নিৰ্বাচন কৰিছে কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ (Baghjan selected to be featured in Cannes Film Festival) ৷ জয়চেং জয় দহোতীয়াৰ প্ৰযোজনা আৰু পৰিচালনাত নিৰ্মিত হৈছে উক্ত বাঘজান চলচিত্ৰখন ৷ বাঘজানৰ লগতে ভাৰতৰ আৰু চাৰিখন ছবি নিৰ্বাচিত হৈছে কাঁ চলচ্চিত্ৰ মহোৎসৱলৈ ৷

cannes film festival
জয়চেং জয় দহোতীয়া

উল্লেখ্য যে, ১৭ মে’ ৰ পৰা ২৮ মে’ৰ লৈকে ফ্ৰান্সৰ পেৰিচত অনুষ্ঠিত হ’ব এই কাঁ চলচিত্ৰ মহোৎসৱ ( Cannes film festival 2022) ৷ অসম সন্তান জয়চেং জয় দহোতীয়াই পূৰ্বেও ৰজত কমল বঁটাকে ধৰি কেইবাখনো চলচিত্ৰৰ বাবে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় বঁটা বুটলিবলৈ সক্ষম হৈছে ৷ কাঁ মহোৎসৱত ছবিখন প্ৰদৰ্শনৰ বাবে অহা যোৱাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অসম চৰকাৰক আহ্বান জনালে বাঘজানৰ পৰিচালক গৰাকীয়ে ৷

লগতে পঢ়ক: উত্তৰ-পূৱ ভাৰতৰ সশস্ত্ৰ বিপ্লৱৰ কথাৰে আহি আছে আয়ুষ্মান খুৰানাৰ 'অনেক'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.