ETV Bharat / state

পথৰ দাঁতিত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ এজন বৃদ্ধ আৰু এগৰাকী মহিলা

author img

By

Published : May 7, 2022, 11:11 AM IST

বৰপেটা 2 নং বিকল্প ৰাজ্যিক ঘাইপথৰ বৰতাৰিত অঘটন ৷ পথৰ দাঁতিত আহত অৱস্থা উদ্ধাৰ এজন বৃদ্ধ আৰু এগৰাকী মহিলা ৷ পথ দুৰ্ঘটনাৰ ফলতেই ব্যক্তি দুইগৰাকী আহত হোৱাৰ সন্দেহ স্থানীয় লোকৰ ৷

Elderly man and woman found injured on roadside in Barpeta
পথৰ দাঁতিত আঘাত প্ৰাপ্ত অৱস্থাত উদ্ধাৰ এজন বৃদ্ধ আৰু এগৰাকী মহিলাক

জনীয়া, 7 মে’ : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বৰতাৰিত শুকুৰবাৰে নিশা সংঘটিত হয় এক অঘটন । পথৰ দাঁতিত আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে এজন বৃদ্ধ আৰু এগৰাকী মহিলাক (Elderly man and woman found injured on roadside in Barpeta) ৷ উদ্ধাৰ হোৱা দুয়োজন ক্ৰমে খাদাৰতাৰী গাঁৱৰ জয়নাল আবেদিন আৰু মফিদা খাতুন বুলি জানিব পৰা গৈছে ।

বৃদ্ধ লোকজন আৰু মহিলাগৰাকীক সেইস্থানত কেনেদৰে পালেগৈ সেয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত ৷ এইয়া পথ দুৰ্ঘটনা নে আন কোনো ঘটনা সংক্ৰান্তত সেই স্থানত দুয়োগৰাকীক উদ্ধাৰ কৰা হয় এই সন্দৰ্ভত বৰ্তমানলৈ জানিব পৰা হোৱা নাই । প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, শুকুৰবাৰে নিশা দুয়োজনকে আহত অৱস্থাত পথৰ দাঁতিত পৰি থকা প্ৰত্যক্ষ কৰা হয় ৷ তাৰ পাচতে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷

পথৰ দাঁতিত আঘাত প্ৰাপ্ত অৱস্থাত উদ্ধাৰ এজন বৃদ্ধ আৰু এগৰাকী মহিলাক

খবৰ পোৱাৰ মাত্ৰেই ঘটনাস্থলিত উপস্থিত হয় মেৰেৰচৰ আৰক্ষীৰ ৷ আৰক্ষীয়ে আহত লোককেইজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ প্ৰেৰণ কৰে কলগাছিয়া অসামৰিক চিকিৎসালয়লৈ ৷ স্থানীয় লোকৰ সন্দেহ পথ দুৰ্ঘটনাৰ ফলতেই এই ঘটনা সংঘটিত হৈছে (Road accident in Barpeta)৷ এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতি ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়ক : শিৱসাগৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.