ETV Bharat / state

সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাসক মৃত্যুদণ্ড আলফা(স্বা)ৰ

author img

By

Published : May 7, 2022, 10:06 AM IST

Updated : May 7, 2022, 12:37 PM IST

চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত মৃত্যুদণ্ড বিহা হৈছে সঞ্জীৱ শৰ্মা ওৰফে ঋষভ অসম আৰু তেওঁৰ সহযোগী ধনজিৎ দাস ওৰফে ৰূপক অসমক(Sanjiv Sarma and Dhanjit Das sentenced to death by ULFA independent) ৷ মৃত্যুৰ পূৰ্বে দুয়োগৰাকীৰ স্বীকাৰোক্তিৰ এক ভিডিঅ’ প্ৰকাশ কৰিছে আলফা(স্বা) য়ে ৷

Sanjiv Sarma and Dhanjit Das sentenced to death by ULFA independent
সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাসক মৃত্যুদণ্ড আলফা(স্বা) ৰ

নিউজ ডেস্ক, 7 মে’ : মৃত্যুদণ্ড বিহা হৈছে আলফা(স্বা) ৰ দুগৰাকী সদস্যক ৷ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত মৃত্যুদণ্ড বিহা হৈছে সঞ্জীৱ শৰ্মা ওৰফে ঋষভ অসম আৰু তেওঁৰ সহযোগী ধনজিৎ দাস ওৰফে ৰূপক অসমক(Sanjiv Sarma and Dhanjit Das sentenced to death by ULFA independent) ৷ মৃত্যুৰ পূৰ্বে দুয়োগৰাকীৰ স্বীকাৰোক্তিৰ এক ভিডিঅ’ প্ৰকাশ কৰিছে আলফা(স্বা) য়ে ৷ এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰি সংগঠনটোৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে এক বিবৃতি ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে বাইহাটাৰ যুৱক সঞ্জীৱ শৰ্মাৰ দ্বাৰা প্ৰকাশিত কেইবাটাও ভিডিঅ’য়ে তোলপাৰ লগাইছিল সমগ্ৰ ৰাজ্য ৷ ভিডিঅ’টোৰ মতে, অসম আৰক্ষী আৰু ভাৰতীয় সেনা বাহিনীৰ গুপ্তচৰ আছিল বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ মুনীন্দ্ৰ শৰ্মাৰ পুত্ৰ সঞ্জীৱ শৰ্মা(Sanjiv Sarma was the spy of Assam Police and Indian Occupation Force) ৷

লগতে চাওক: আলফাৰ ঘাটিত আৰক্ষীৰ চোৰাংচোৱা ! চাঞ্চল্যকৰ ভিডিঅ’ প্ৰকাশ

আলফা(স্বা)ৰ অভিযোগ অনুসৰি, অসম আৰক্ষী আৰু ভাৰতীয় সেনা বাহিনীৰ হৈ আলফা(স্বা)ৰ বিৰুদ্ধে কাম কৰিছিল সঞ্জীৱে ৷ এই কথা স্পষ্ট কৰি দিয়া(Ulfa independent nabs Assam police spy in camp) হৈছিল আলফা(স্বা) ৰ প্ৰচাৰ বিভাগৰ ফালৰ পৰাই ৷

সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাসক মৃত্যুদণ্ড আলফা(স্বা) ৰ

পৰৱৰ্তী সময়ত পুনৰ এটা ভিডিঅ’ প্ৰকাশ পাইছিল ৷ এই ভিডিঅ'টোত সঞ্জীৱ শৰ্মাই তেওঁৰ সৈতে কোন কোন জড়িত হৈ আছিল আৰু তেওঁলোকৰ মিছন কি, কিহৰ বাবে তেওঁক আলফা স্বাধীনলৈ প্ৰেৰণ কৰা হৈছিল, তাৰ বিষয়ে বহু কথাই সদৰি কৰিছিল ৷

লগতে চাওক: New Video of Sanjiv Sarma: গুপ্তচৰ সঞ্জীৱ শৰ্মাৰ নতুন ভিডিঅ' প্ৰকাশ আলফা স্বাধীনৰ

Last Updated :May 7, 2022, 12:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.