ETV Bharat / state

1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : May 3, 2022, 1:02 PM IST

1 বজাৰ শীৰ্ষ 10টা বাতৰি
1 বজাৰ শীৰ্ষ 10টা বাতৰি

1 বজাৰ শীৰ্ষ 10টা বাতৰি

পুনৰ গুৱাহাটীৰ মেয়ৰ হ’ল মৃগেন শৰণীয়া

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু ডেপুটি মেয়ৰৰ নাম ঘোষণা(Names of GMC mayor and deputy mayor has announced) ৷ মেয়ৰ হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে বিজেপিয়ে ঘোষণা কৰে মৃগেন শৰণীয়াৰ নাম ৷ ডেপুটি মেয়ৰ হিচাপে বাছনি কৰা হৈছে স্মিতা ৰয়ক ৷

Eid Ul Fitr 2022 : বিধায়ক অখিল গগৈৰ ঈদৰ শুভেচ্ছা জ্ঞাপন

দেওবাৰে পুৱাই শিৱসাগৰ নগৰৰ জেঙনিকটীয়া জুম্মা মছজিদত উপস্থিত হয় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ । ঈদ উল ফিটৰ (Eid Ul Fitr 2022) উপলক্ষে মছজিদত উপস্থিত হৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে বিধায়ক অখিল গগৈয়ে (Eid Ul Fitr greetings from MLA Akhil Gogoi) ৷

Eid Ul Fitr 2022 : টীয়কৰ কাকজানত সম্পন্ন ঈদৰ সমূহীয়া নামাজ

আজি পৱিত্ৰ ঈদ উল ফিতৰ (Today is the holy Eid Ul Fitr) ৷ প্ৰায় দুটা বছৰৰ ক’ভিড সৃষ্ট পৰিৱেশৰ অন্তত ৰাজ্যৰ মছজিদসমূহত পৱিত্ৰ নামাজৰ বাবে ভিৰ কৰিছেহি ইছলামধৰ্মী লোকসকলে ৷ বিশ্ব শান্তিৰ বাবে যোৰহাটৰ কাকজান ৰাজহুৱা ঈদগাহৰ প্ৰাংগণতো সমূহীয়া ঈদৰ নামাজৰ বাবে ভিৰ কৰে বহু লোকে ।

President's colour award : বাইক ৰেলীৰ নেতৃত্ব বহনকাৰী আনন্দ মিশ্ৰ নলবাৰীত উপস্থিত

ৰাষ্ট্ৰপতি কালাৰ সম্মান(President's colour award) ৰ লগত সংগতি ৰাখি দেওবাৰে অসম আৰক্ষীয়ে ধুবুৰীৰ পৰা শদিয়ালৈ উলিওৱা বাইক ৰেলী সোমবাৰে নিশা উপস্থিত হয় নলবাৰীত (Assam police bike rally) ৷ বাইক ৰেলীৰে নলবাৰীত উপস্থিত হোৱা 'জাতীয় সংহতি মটৰ চাইকেল ৰেলী'টোক বিপুল আদৰণি (Assam police bike rally present in Nalbari) জনোৱা হয় ৷

আজি ঈদ উল ফিটৰ, শিৱসাগৰৰ মছজিদে মছজিদে শান্তিৰ দোৱা

আজি ঈদ উল ফিটৰ(Eid Ul Fitr celebrations 2022) । সমগ্র বিশ্বত আজিৰ দিনটোত বিশ্বৰ শান্তি-সম্প্ৰীতিৰ বাবে আল্লাৰ আগত মুছলমান সমাজে নামাজ আদায় কৰিছে । বিশ্বৰ মুছলমান সমাজে আজি পবিত্ৰ ৰমজান মাহৰ উপবাসৰ পাছত আনন্দ-স্ফুৰ্তিৰে আল্লাৰ আগত শান্তি আৰু সুস্বাস্থ্যৰ প্ৰাৰ্থনা কৰিছে ।

Eid-ul-fitr-2022 : মৰিগাঁৱৰ আঞ্চলিক ঈদগাহ ময়দানত সম্পন্ন ঈদৰ নামাজ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও চহৰৰ আঞ্চলিক ঈদগাহ ময়দানত সম্পন্ন ঈদৰ নামাজ(Eid ul fitr celebrations 2022) ৷ প্ৰায় দহ সহস্ৰাধিক ইছলামধৰ্মী লোকে সমবেত হৈ আদায় কৰে পবিত্ৰ ৰমজানৰ ঈদৰ নামাজ(Eid ul fitr celebrations in Morigaon) ৷

ভণ্ডামি কৰি ৰামপুৰত ৰাইজৰ ৰোষত পৰিল ভণ্ড বাবা বিক্ৰম আলী

সোমবাৰে গ্ৰহ বেয়া আছিল নিজকে বাবা বুলি দাবী কৰা বিক্ৰম আলীৰ ৷ মুকালমুৱাৰ ৰামপুৰত বেজালি কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল অভিযুক্ত ভণ্ড বাবা বিক্ৰম আলী (Fake godman detained by villagers at Nalbari) ৷ ৰামপুৰৰ এজন লোকৰ ঘৰত বিভিন্ন চিকিৎসাৰ নামত ভণ্ডামি কৰি লুটি নিছিল প্ৰায় 5 হাজাৰ টকা ৷

Mithun Chakraborty latest news : চিন্তা নকৰিব, কুশলে আছে অভিনেতা মিথুন চক্ৰৱৰ্তী

ইণ্টাৰনেটত ভাইৰেল হৈ পৰা বলীউডৰ প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীৰ শেহতীয়া ফটোসমূহত তেওঁক দেখা গৈছিল চিকিৎসালয়ৰ বিচনাত(Actor Mithun Chakraborty health update) । অভিনেতাগৰাকীক অলপতে তীব্ৰ পেটৰ বিষ, জ্বৰ আদিৰ লক্ষণত ভোগাৰ বাবে বেংগালুৰুৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ।

World Press Freedom Day : বিশ্বজুৰি পালন কৰা হৈছে বিশ্ব প্ৰেছ স্বাধীনতা দিৱস

বিশ্বজুৰি পালন কৰা হৈছে বিশ্ব প্ৰেছ স্বাধীনতা দিৱস (World Press Freedom Day 2022) ৷ সমগ্ৰ বিশ্বতে সাংবাদিকৰ স্বাধীনতাৰ ওপৰত প্ৰশ্ন উদয় হৈছে । এই দিৱসৰ বিষয়বস্তু হৈছে 'ডিজিটেল অৱৰোধৰ অধীনত সাংবাদিকতা' । সাংবাদিকতাৰ বাবে উৎকৃষ্ট নহয় বুলি গণ্য কৰা হৈছে ভাৰতত । ২০১৬ চনৰ পৰা ২০২১ চনৰ শেষলৈকে ৪৫৫ গৰাকী সাংবাদিক হত্যাৰ বলি হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.