ETV Bharat / entertainment

Mithun Chakraborty latest news : চিন্তা নকৰিব, কুশলে আছে অভিনেতা মিথুন চক্ৰৱৰ্তী

author img

By

Published : May 3, 2022, 12:20 PM IST

ইণ্টাৰনেটত ভাইৰেল হৈ পৰা বলীউডৰ প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীৰ শেহতীয়া ফটোসমূহত তেওঁক দেখা গৈছিল চিকিৎসালয়ৰ বিচনাত(Actor Mithun Chakraborty health update) । অভিনেতাগৰাকীক অলপতে তীব্ৰ পেটৰ বিষ, জ্বৰ আদিৰ লক্ষণত ভোগাৰ বাবে বেংগালুৰুৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ।

Mithun Chakraborty
সম্পূৰ্ণ সুস্থ অৱস্থাত আছে অভিনেতা মিথুন চক্ৰৱৰ্তী

চিটাৰা ডেস্ক, 3 মে’: স্বাস্থ্যজনিত কাৰণত বেংগালুৰুৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰবীণ অভিনেতা মিথুন চক্ৰৱৰ্তীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে । অভিনেতাগৰাকীৰ মুখপাত্ৰজনে সোমবাৰে এই বিষয়ত সদৰি কৰা অনুসৰি, চক্ৰৱৰ্তীৰ চিকিৎসালয়লৈ যোৱাটো এটা নিয়মীয়া পৰীক্ষাৰ অংশ আছিল ৷ ইয়াক লৈ চিন্তাৰ কোনো কাৰণ নাই (Actor Mithun Chakraborty health update) ।

তেওঁ নিয়মীয়া পৰীক্ষাৰ বাবে গৈছিল আৰু চিন্তা কৰাৰ একো নাই । ইতিমধ্যেই তেওঁ ঘৰলৈ উভতি গৈছে । এতিয়া তেওঁ সম্পূৰ্ণৰূপে সুস্থ । আতংকিত হোৱাৰ একো কাৰণ নাই ।

বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ড৹ অনুপম হাজৰাই "সোনকালে সুস্থ হৈ উঠক মিথুন দা" বুলি কৰা টুইটটোৰ পিছতেই ৭১ বছৰীয়া অভিনেতাগৰাকীৰ চিকিৎসালয়ত ভৰ্তি হৈ থকা ফটো শনিবাৰে ভাইৰেল হৈ পৰে ৷ অভিনেতাগৰাকীৰ পুত্ৰ মিমোহ চক্ৰৱৰ্তীয়ে এই সন্দৰ্ভত জনোৱা মতে, ইতিমধ্যে কেইবাটাও সংবাদ মাধ্যমৰ বাতৰিত অভিনেতাগৰাকীৰ বৃক্কৰ পাথৰৰ সমস্যা সৃষ্টি হৈছে বুলি খবৰ ওলাইছে । কিন্তু তীব্ৰ পেটৰ বিষ, জ্বৰৰ বাবেহে অভিনেতাগৰাকীক ততাতৈয়াকৈ বেংগালুৰুৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল (Mithun Chakraborty latest news) ।

১৯৭৬ ত চলচ্চিত্ৰ নিৰ্মাতা মৃণাল সেনৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত ছবি মৃগয়াৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰা চক্ৰৱৰ্তীয়ে ডিস্কো ডান্সাৰ, ডান্স ডান্স, কচম পেদা কৰ্ণে ৱালে কি আৰু কমাণ্ডোৰ দৰে হিট ছবিত অভিনয় কৰি দৰ্শকৰ মাজত জনপ্ৰিয় হৈ পৰিছিল । অভিনেতাগৰাকীক শেহতীয়াকৈ দেখা গৈছিল কাশ্মীৰ ফাইলছ নামৰ ছবিখনত ।

লগতে পঢ়ক: Tanzania star Kili Paul:তাঞ্জানিয়াৰ তাৰকা কিলি পলক লাঠি আৰু চুৰিৰে আক্ৰমণ দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.