ETV Bharat / state

President's colour award : বাইক ৰেলীৰ নেতৃত্ব বহনকাৰী আনন্দ মিশ্ৰ নলবাৰীত উপস্থিত

author img

By

Published : May 3, 2022, 10:36 AM IST

ৰাষ্ট্ৰপতি কালাৰ সম্মান(President's colour award) ৰ লগত সংগতি ৰাখি দেওবাৰে অসম আৰক্ষীয়ে ধুবুৰীৰ পৰা শদিয়ালৈ উলিওৱা বাইক ৰেলী সোমবাৰে নিশা উপস্থিত হয় নলবাৰীত (Assam police bike rally) ৷ বাইক ৰেলীৰে নলবাৰীত উপস্থিত হোৱা 'জাতীয় সংহতি মটৰ চাইকেল ৰেলী'টোক বিপুল আদৰণি (Assam police bike rally present in Nalbari) জনোৱা হয় ৷

নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত জাতীয় সংহতি মটৰ চাইকেল ৰেলীৰ দলটো
নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত জাতীয় সংহতি মটৰ চাইকেল ৰেলীৰ দলটো

নলবাৰী, 3 মে’ : ঈদৰ প্ৰাকক্ষণত সোমবাৰে নিশা নলবাৰীত উপস্থিত হয় নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra in Nalbari) । আৰক্ষীৰ এক বাইক ৰেলীৰ নেতৃত্ব দি সোমবাৰে নিশা নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয় অসম আৰক্ষীৰ ক্ৰীড়া বিভাগৰ মহাপৰিদৰ্শক গৰাকী ।

Assam police bike rally
নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত জাতীয় সংহতি মটৰ চাইকেল ৰেলীৰ দলটো

উল্লেখ্য যে, অসম আৰক্ষীলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি কালাৰ সম্মান(President's colour award) ৰ লগত সংগতি ৰাখি 1 মে' অৰ্থাৎ দেওবাৰৰ পৰা উলিওৱা হয় এক বাইক ৰেলী (Assam police bike rally from first may) ।

আনন্দ মিশ্ৰৰ নেতৃত্বত ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৱৰ্তী গোলকগঞ্জৰ পৰা অসম আৰক্ষীয়ে এই বাইক ৰেলী আৰম্ভ কৰে (President's colour Award honored to Assam Police) ৷ দেওবাৰৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলীৰ দলটো সোমবাৰে নিশা উপস্থিত নলবাৰী চহৰত ৷

অসম আৰক্ষীৰ বাইক ৰেলী

প্ৰতিকুল বতৰৰ মাজতে চিৰাঙৰ পৰা নলবাৰীত আহি উপস্থিত হোৱাৰ পাচতে "জাতীয় সংহতি মটৰ চাইকেল ৰেলী" ৰ দলটোক জিলা আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথ সহিতে নলবাৰী আৰক্ষীয়ে বিপুলভাৱে আদৰণি জনায় (Assam police bike rally present in Nalbari) ৷ লগতে তেওঁলোকৰ এনে পদক্ষেপক শলাগ জনাইছে নলবাৰী আৰক্ষীয়ে ৷

লগতে পঢ়ক : অসম আৰক্ষীৰ জাতীয় সংহতি মটৰচাইকেল ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.