আজি ঈদ উল ফিটৰ, শিৱসাগৰৰ মছজিদে মছজিদে শান্তিৰ দোৱা

By

Published : May 3, 2022, 11:41 AM IST

thumbnail

আজি ঈদ উল ফিটৰ(Eid Ul Fitr celebrations 2022) । সমগ্র বিশ্বত আজিৰ দিনটোত বিশ্বৰ শান্তি-সম্প্ৰীতিৰ বাবে আল্লাৰ আগত মুছলমান সমাজে নামাজ আদায় কৰিছে । বিশ্বৰ মুছলমান সমাজে আজি পবিত্ৰ ৰমজান মাহৰ উপবাসৰ পাছত আনন্দ-স্ফুৰ্তিৰে আল্লাৰ আগত শান্তি আৰু সুস্বাস্থ্যৰ প্ৰাৰ্থনা কৰিছে । ৰমজান মাহত দিনত উপবাসে থাকি আত্মনিয়ন্ত্ৰণৰ জপ কৰাৰ পাছত ছৱল মাহৰ প্ৰথম দিনটোত ইছলাম সমাজে উদযাপন কৰে ঈদ । শিৱসাগৰতো দেখা গৈছে ঈদৰ আনন্দ(Eid Ul Fitr celebrations in Sivasagar) । শিৱসাগৰৰ আমগুৰি গাঁও, আমগুৰি ঘাট, দৰবাৰ ৰোড, জেঙনিকটীয়া, ষ্টেচন চাৰিআলি আদি বিভিন্ন ঠাইৰ মছজিদসমূহ আটক ধুনীয়াকৈ সজাই মঙলবাৰে পুৱা ঈদৰ নামাজ আদায় কৰা হৈছে । ইজনে সিজনক মৰম আৰু চেনেহত আঁকোৱালি লৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে । ঈদৰ ৰাজহুৱা নামাজত বিশ্বৰ শান্তিৰ বাবে দোৱা কৰা হৈছে । মুঠৰ ওপৰত ৰমজানৰ আত্মনিয়ন্ত্ৰণৰ পাছত সংশোধিত ৰূপত বিশ্ব ভাতৃত্ব গঠনেই যেন হৈ পৰিছে ঈদ-উল-ফিটৰৰ লক্ষ্য ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.