ETV Bharat / state

Eid Ul Fitr 2022 : টীয়কৰ কাকজানত সম্পন্ন ঈদৰ সমূহীয়া নামাজ

author img

By

Published : May 3, 2022, 11:22 AM IST

আজি পৱিত্ৰ ঈদ উল ফিতৰ (Today is the holy Eid Ul Fitr) ৷ প্ৰায় দুটা বছৰৰ ক’ভিড সৃষ্ট পৰিৱেশৰ অন্তত ৰাজ্যৰ মছজিদসমূহত পৱিত্ৰ নামাজৰ বাবে ভিৰ কৰিছেহি ইছলামধৰ্মী লোকসকলে ৷ বিশ্ব শান্তিৰ বাবে যোৰহাটৰ কাকজান ৰাজহুৱা ঈদগাহৰ প্ৰাংগণতো সমূহীয়া ঈদৰ নামাজৰ বাবে ভিৰ কৰে বহু লোকে ।

আজি পৱিত্ৰ ঈদ উল ফিতৰ
আজি পৱিত্ৰ ঈদ উল ফিতৰ

টীয়ক, 3 মে’ : পবিত্ৰ ৰমজান মাহৰ অন্ত পেলাই সমগ্ৰ বিশ্ববাসীৰ লগতে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলেও আজি অৰ্থাৎ মঙলবাৰে উদযাপন কৰিছে ঈদ উল ফিতৰ (Eid Ul Fitr 2022) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ বিশ্বৰ অন্যান্য স্থানৰ লগতে যোৰহাট জিলাৰ কাকজানত কাকজান ৰাজহুৱা ঈদগাহৰ প্ৰাংগণত সমূহীয়াকৈ অনুষ্ঠিত কৰা হৈছে ঈদৰ নামাজ ।

টীয়কৰ কাকজানত সম্পন্ন ঈদৰ সমূহীয়া নামাজ
টীয়কৰ কাকজানত সম্পন্ন ঈদৰ সমূহীয়া নামাজ

উক্ত ৰাজহুৱা নামাজৰ ইমামতি কৰে বনগাঁৱৰ জামাতৰ ইমাম মৌলানা হাফিজ নৰুল হকে । উল্লেখ্য যে, বিগত দুটা বছৰ ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে ৰাজহুৱাভাৱে উদযাপন কৰিব পৰা নাছিল পবিত্ৰ ঈদ ৷ কিন্তু পূৰ্বৰ তুলনাত এইবাৰ ক’ভিড পৰিস্থিতি কিছু শাম কাটিছে ৷

আজি পবিত্ৰ ঈদ উল ফিতৰ

যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ দুগুণ উৎসাহেৰে ঈদৰ নামাজত অংশগ্ৰহণ গ্ৰহণ কৰাৰ বাবে ওলাই আহিছে ইছলাম ধৰ্মাৱলম্বী লোকসকল ৷ কেৱল ইছলাম ধৰ্মাৱলম্বী লোকসকলে নহয়, শতবছৰ গৰকা এই কাকজান ৰাজহুৱা ঈদগাহৰত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ৰাইজে একগোট লৈ ঈদৰ এই পবিত্ৰ ক্ষণত বিশ্বশান্তিৰ বাবে নেদেখাজনৰ ওচৰত দোৱা মাগিছে ৷

লগতে পঢ়ক : Eid-ul-fitr-2022 : মৰিগাঁৱৰ আঞ্চলিক ঈদগাহ ময়দানত সম্পন্ন ঈদৰ নামাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.