ETV Bharat / state

পুনৰ গুৱাহাটীৰ মেয়ৰ হ’ল মৃগেন শৰণীয়া

author img

By

Published : May 3, 2022, 12:49 PM IST

গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু ডেপুটি মেয়ৰৰ নাম ঘোষণা(Names of GMC mayor and deputy mayor has announced) ৷ মেয়ৰ হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে বিজেপিয়ে ঘোষণা কৰে মৃগেন শৰণীয়াৰ নাম ৷ ডেপুটি মেয়ৰ হিচাপে বাছনি কৰা হৈছে স্মিতা ৰয়ক ৷

names-of-guwahati-municipal-corporation-mayor-and-deputy-mayor-has-announced
পুনৰ গুৱাহাটীৰ মেয়ৰ হ’ল মৃগেন শৰণীয়া

গুৱাহাটী, 3 মে’ : সকলো জল্পনা-কল্পনাৰ অন্ত পেলায় মঙলবাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু ডেপুটি মেয়ৰৰ নাম ঘোষণা(Names of GMC mayor and deputy mayor has announced) কৰা হয় ৷ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ হিচাপে মৃগেন শৰণীয়া আৰু ডেপুটি মেয়ৰ হিচাপে স্মিতা ৰয়ৰ নাম ইতিমধ্যে ঘোষণা কৰা হৈছে ৷ মঙলবাৰে মহানগৰীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়(Assam state BJP office) ত অনুষ্ঠিত এখন জৰুৰী সভাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ হিচাপে মৃগেন শৰণীয়া আৰু ডেপুটি মেয়ৰ হিচাপে স্মিতা ৰয়ৰ নাম ঘোষণা কৰে ৷

উল্লেখ্য যে, মৃগেন শৰণীয়াই পূৰ্বেও গুৱাহাটী পৌৰ নিগম(Former GMC Mayor Mrigen Sarania)ৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ শৰণীয়াই তিনিবাৰকৈ গুৱাহাটী পৌৰ নিগমৰ কাউন্সিলৰ হিচাপে নিৰ্বাচিত হৈছিল ৷ শৰণীয়াৰ পূৰ্বে বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতিৰ দায়িত্ব পালন কৰা অভিজ্ঞতা আছে ৷ ইপিনে ডেপুটি মেয়ৰ হিচাপে মনোনীত কৰা স্মিতা ৰয় বিজেপিৰ ২২ নং ৱাৰ্ডৰ প্ৰাৰ্থী আছিল ৷ তেওঁ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল ৷ ইয়াৰ পূৰ্বেও ৰয়ৰ এৰিয়া মেম্বাৰ হিচাপে তেওঁৰ দলে বিচৰা অভিজ্ঞতা আছে ৷ তেওঁ বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি আৰু সাধাৰণ সম্পাদকৰ পদত কার্যনিৰ্বাহ কৰিছিল ৷

লগতে চাওক: কংগ্ৰেছৰ শূণ্য প্ৰদৰ্শন: অভিলেখ সৃষ্টি কৰি গেৰুৱা হ’ল গুৱাহাটী পৌৰ নিগম

মন কৰিবলগীয়া যে, পৌৰ নিগমৰ ডেপুটি মেয়ৰৰ পদটো অগপই দাবী কৰিছিল যদিও বিজেপি নেতৃত্বই অগপক কোনো গুৰুত্ব নিদিলে ৷ তাৰ পৰিৱৰ্তে বিজেপিয়ে পশ্চিম গুৱাহাটী সমষ্টিৰ স্মিতা ৰয়ক ডেপুটি মেয়ৰ হিচাপে মনোনীত কৰি সিন্ধি খন্দাৰ ৰাজনীতি আৰম্ভ কৰিছে ৷ পশ্চিম গুৱাহাটী সমষ্টিত আজিলৈকে বিজেপিয়ে এজনো বিধায়ক লাভ কৰা নাই ৷

গতিকে বিজেপিৰ এগৰাকী মহিলা পাৰিষদক উপ-মেয়ৰৰ পদত অধিষ্ঠিত কৰি বিজেপিয়ে উন্নয়নমূলক কাম-কাজৰ জৰিয়তে সমষ্টিটোত কৌশলেৰে বিজেপি সাংগঠনিক ভেটি শক্তিশালীৰ আঁচনি আৰম্ভ হৈছে ৷ এনেবোৰ দিশ বিশ্লেষণ কৰি স্মিতা ৰয়ক বিজেপিয়ে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিৰুদ্ধে সিন্ধি খন্দাৰ বাবে পৌৰ নিগমৰ ডেপুটি মেয়ৰ হিচাপে মনোনীত কৰিছে ৷ অৱশ্যে এইক্ষেত্ৰত অগপ দলে বৰ্তমানলৈ প্ৰকাশ কৰা নাই কোনো মন্তব্য ৷

লগতে চাওক: ৫৮ টা ৱাৰ্ডত বিজয়ধ্বজ্জা উৰুৱাই মিত্ৰজোঁটে আজুৰিলে গুৱাহাটী পৌৰ নিগম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.