ETV Bharat / bharat

World Press Freedom Day : বিশ্বজুৰি পালন কৰা হৈছে বিশ্ব প্ৰেছ স্বাধীনতা দিৱস

author img

By

Published : May 3, 2022, 12:02 PM IST

বিশ্বজুৰি পালন কৰা হৈছে বিশ্ব প্ৰেছ স্বাধীনতা দিৱস (World Press Freedom Day 2022) ৷ সমগ্ৰ বিশ্বতে সাংবাদিকৰ স্বাধীনতাৰ ওপৰত প্ৰশ্ন উদয় হৈছে । এই দিৱসৰ বিষয়বস্তু হৈছে 'ডিজিটেল অৱৰোধৰ অধীনত সাংবাদিকতা' । সাংবাদিকতাৰ বাবে উৎকৃষ্ট নহয় বুলি গণ্য কৰা হৈছে ভাৰতত । ২০১৬ চনৰ পৰা ২০২১ চনৰ শেষলৈকে ৪৫৫ গৰাকী সাংবাদিক হত্যাৰ বলি হৈছে ।

World Press Freedom Day
সাংবাদিকৰ ওপৰত চোৰাংচোৱা বন্ধ কৰক

নেশ্যনেল ডেস্ক,৩ মে’ : আজি বিশ্ব প্ৰেছ স্বাধীনতা দিৱস ২০২২ (World Press Freedom Day 2022) । প্ৰতি বছৰে ৩ মে'ত সংবাদ মাধ্যমৰ স্বাধীনতাৰ মৌলিক অধিকাৰবোৰক স্বীকৃতি দিয়া, সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা মূল্যায়ন কৰা, সংবাদ মাধ্যমক তেওঁলোকৰ স্বাধীনতাৰ ওপৰত আক্ৰমণৰ পৰা ৰক্ষা কৰা আৰু বিভিন্ন সময়ত কামৰ মাজতে প্ৰাণ হেৰুওৱা সাংবাদিকসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় । এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে 'ডিজিটেল অৱৰোধৰ অধীনত সাংবাদিকতা' (Journalism under digital siege) ।

ৰাষ্ট্ৰসংঘৰ মতে, এই বিষয়বস্তুটোৰ জৰিয়তে সাংবাদিকসকলৰ ওপৰত নিৰীক্ষণ আৰু ডিজিটেল মধ্যস্থতাকাৰীৰ আক্ৰমণৰ দ্বাৰা সাংবাদিকতা বিপদাপন্ন হোৱাৰ কেইবাটাও উপায়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । লগতে ডিজিটেল যোগাযোগৰ ওপৰত জনসাধাৰণৰ বিশ্বাসৰ ওপৰত এই সকলোবোৰৰ পৰিণামৰ ওপৰত আলোচনা কৰা হয় । ৰাষ্ট্ৰসংঘই লগতে উল্লেখ কৰা মতে এনে নিৰীক্ষণে সাংবাদিকসকলে সংগ্ৰহ কৰা তথ্য উদঘাটন কৰিব পাৰে লগতে সাংবাদিকসকলৰ সুৰক্ষাৰ ক্ষতি কৰিব পাৰে ।

আইএফজেয়ে সাংবাদিকৰ নিৰীক্ষণৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্বব্যাপী সমাধানৰ আহ্বান জনাইছে

অত্যাধুনিক স্পাইৱেৰ ব্যৱহাৰ কৰি সাংবাদিক আৰু মিডিয়া কৰ্মীৰ ওপৰত চোৰাংচোৱাৰ ঘটনা সমগ্ৰ বিশ্বতে শেহতীয়া বছৰবোৰত বহুগুণে বৃদ্ধি পাইছে (Spying on journalists and media persons increased) । বিশ্ব প্ৰেছ স্বাধীনতা দিৱস উপলক্ষে আন্তৰ্জাতিক সাংবাদিক ফেডাৰেচন (IFJ) আৰু ইয়াৰ সকলো সহযোগী সংস্থাই সমগ্ৰ বিশ্ব আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহক সাংবাদিক সংঘৰ সৈতে একেলগে কাম কৰিবলৈ আহ্বান জনাইছে ৷ যাতে সাংবাদিকসকলৰ ওপৰত নিৰীক্ষণ নিষিদ্ধ কৰিব পৰা যায় ।

এক চৰকাৰী বিবৃতিত আন্তৰ্জাতিক সাংবাদিক ফেডাৰেচনে কয় যে, সাংবাদিকসকলৰ নিৰীক্ষণ হৈছে সংবাদ মাধ্যমৰ স্বাধীনতাৰ বাবে এক মুখ্য আৰু আটাইতকৈ উদ্বেগজনক ভাবুকি । IFJ ৰ মতে এছিয়া প্ৰশান্ত মহাসাগৰৰ পৰা লেটিন আমেৰিকালৈকে ইউৰোপীয় আৰু মধ্য প্ৰাচ্যলৈ চৰকাৰবোৰে স্বতন্ত্ৰ সাংবাদিকক লক্ষ্য কৰি অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা অত্যাধুনিক স্পাইৱেৰ সামগ্ৰী ব্যৱহাৰ কৰিছে বুলি জানিব পৰা গৈছে ।

অপৰাধ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা এই ধৰণৰ স্পাইৱেৰৰ ব্যৱহাৰৰ ওপৰত নিয়ম আৰু নিয়ন্ত্ৰণৰ অভাৱৰ ফলত সাংবাদিক, ৰাজনীতিবিদ, মানৱ অধিকাৰ কৰ্মী আৰু সমাজৰ নেতাসকল ইয়াৰ বলি হৈছে । লগতে সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি, সাংবাদিক আৰু সংবাদ মাধ্যমৰ কৰ্মীসকলৰ ক্ষেত্ৰত এই স্পাইৱেৰটো চোৰাংচোৱাৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হৈছে ।

কেৱল এটা মাত্ৰ লিংকত ক্লিক কৰাৰ ফলত এটা ডিভাইচত থকা পাছৱৰ্ড, একাউণ্ট, কল, ইমেইল আৰু আনকি এনক্ৰিপ্ট কৰা যোগাযোগৰ সম্পূৰ্ণ তথ্য আক্ৰমণকাৰীসকলে লাভ কৰিব পাৰে । ই ব্যৱহাৰকাৰীৰ অজ্ঞাতে ভিডিঅ', অডিঅ' আৰু বাৰ্তা ৰেকৰ্ড কৰিব পাৰে । বিবৃতিত উল্লেখ কৰা মতে, সাংবাদিকৰ মুখ্য কামৰ সঁজুলিৰ ব্যৱহাৰ কৰি চৰকাৰে উৎসবোৰ জানিব পাৰে, গৱেষণাত বাধা পাৰে, সংবাদ মাধ্যমৰ কৰ্মীসকলক ভয় খুৱাব পাৰে আৰু কিছুমান ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিবেদন বন্ধ কৰিব পাৰে ।

বিশ্ব প্ৰেছ স্বাধীনতা তালিকাত ভাৰত (India on World Press Freedom Index)

ভাৰতে ২০২১ চনৰ বিশ্ব প্ৰেছ স্বাধীনতা তালিকাত ১৮০ খন দেশৰ ভিতৰত ১৪২ নম্বৰ স্থানত আছিল । এক প্ৰতিবেদন অনুসৰি সাংবাদিকতাৰ বাবে 'বেয়া' বুলি গণ্য কৰা দেশসমূহৰ শ্ৰেণীত আছে ভাৰত (India on list of countries dangerous to journalism) । এই শ্ৰেণীৰ আন আন দেশবোৰৰ ভিতৰত আছে ব্ৰাজিল, ৰাছিয়া আৰু মেক্সিকো ।

প্ৰতিবেদনখনত কোৱা হৈছে যে, ২০২০ চনত কামৰ মাজতে চাৰিগৰাকী সাংবাদিক নিহত হোৱাৰ লগতে সাংবাদিকসকলৰ স্বাধীনতাৰ ক্ষেত্ৰত ভাৰত হৈছে বিশ্বৰ আটাইতকৈ বিপদজনক দেশসমূহৰ ভিতৰত এখন । বিশ্ব প্ৰেছ স্বাধীনতা তালিকাত শীৰ্ষ স্থানত আছে নৰৱে, ফিনলেণ্ড, চুইডেন আৰু ডেনমাৰ্ক ।

দক্ষিণ এছিয়াৰ দেশসমূহৰ ভিতৰত নেপাল ১০৬ নম্বৰত, শ্ৰীলংকা ১২৭, পাকিস্তানৰ স্থান ১৪৫ আৰু বাংলাদেশ ১৫২ নম্বৰত আছে । প্ৰতিবেদনখনত এইটোও উল্লেখ কৰা হৈছে যে তালিকাৰ ১৮০ খন দেশৰ ভিতৰত মাত্ৰ ১২ খন দেশেহে সাংবাদিকতাৰ বাবে অনুকূল পৰিৱেশ আগবঢ়োৱাৰ দাবী কৰিব পাৰে ।

ইণ্ডিয়া প্ৰেছ ফ্ৰীডম ৰিপ'ৰ্ট ২০২১ (India Press Freedom Report 2021)

প্ৰতিবেদনখনত কোৱা হৈছে যে ভাৰতত কমেও ছয়গৰাকী সাংবাদিক নিহত হৈছে (Six journalists were killed in Indiain 2021) আৰু ১২১ গৰাকী সাংবাদিক/মিডিয়া হাউচক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে । জম্মু-কাশ্মীৰত (২৫) সৰ্বাধিক সংখ্যক সাংবাদিক/সংবাদ মাধ্যমক লক্ষ্য কৰি লোৱা হৈছে । তাৰ পাছতে আছে উত্তৰ প্ৰদেশ (২৩) আৰু মধ্য প্ৰদেশ (১৬)। কমেও আঠগৰাকী মহিলা সাংবাদিক গ্ৰেপ্তাৰ, চমন, গোচৰ আৰু যৌন নিৰ্যাতনৰ সন্মুখীন হৈছে ।

সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতাৰ স্থিতি (Press freedom status across the globe)

UNESCO ৰ মত প্ৰকাশৰ স্বাধীনতা আৰু মিডিয়া ডেভেলপমেণ্ট গ্ল’বেল প্ৰতিবেদন ২০২১-২২ (UNESCO's Freedom of expression and Media Development Global Report) অনুসৰি, ২০১৬ চনৰ পৰা ২০২১ চনৰ শেষলৈকে, ৪৫৫ গৰাকী সাংবাদিকক চাকৰিত থকা সময়ত হত্যা কৰা হৈছে (455 journalists were killed for their work) । এই সময়চোৱাত ক্ৰমে মেক্সিকো, আফগানিস্তান আৰু চিৰিয়ান আৰৱ গণৰাজ্যত সৰ্বাধিক সংখ্যক সাংবাদিকক হত্যা কৰা হৈছে ।

সাংবাদিকসকলৰ বিৰুদ্ধে অনলাইন, অফলাইন বা অন্যান্য ভাবুকি বাঢ়ি গৈ আছে (Other threats against journalists continue to grow) । UNESCO আৰু ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ জাৰ্ণালিষ্টৰ জৰীপ অনুসৰি ৭৩ শতাংশ মহিলা সাংবাদিকে তেওঁলোকৰ কামৰ সময়ত অনলাইন হিংসাৰ সন্মুখীন হৈছে (Online violence on women journalists) । তদুপৰি, সংবাদ প্ৰতিষ্ঠানবোৰত নেতৃত্বৰ স্তৰত আৰু ৰাজনীতিৰ দৰে বাতৰিৰ ক্ষেত্ৰত মহিলাসকলক কমকৈ স্থান দিয়া হৈছে । ভি-ডেম প্ৰতিষ্ঠানৰ তথ্য অনুসৰি বিশ্বৰ জনসংখ্যাৰ প্ৰায় ৮৫ শতাংশই বিশ্বাস কৰে যে যোৱা পাঁচ বছৰত তেওঁলোকৰ দেশসমূহত সংবাদ মাধ্যমৰ স্বাধীনতা হ্ৰাস পাইছে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ষড়যন্ত্ৰ কৰি মোক গ্ৰেপ্তাৰ কৰা হৈছিল : জিগনেশ মেৱানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.