ETV Bharat / state

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Nov 16, 2021, 2:58 PM IST

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি
তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি

তিনি বজাৰ শীৰ্ষ 10 টা বাতৰি...

HSLC Exam : ২৫ নৱেম্বৰৰ পৰা অনলাইন প্ৰ-পত্ৰ পূৰণ

ছেবা(SEBA)ই জাৰি কৰা জাননী অনুসৰি ২৫ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰৰ ভিতৰত শিক্ষাৰ্থীসকেল অনলাইন মাধ্যমত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব ৷ ছমহীয়া পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীকলে প্ৰ-পত্ৰ পূৰণ কৰিব নোৱাৰিব ৷ পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম থকা ছাত্ৰ-ছাত্ৰীৰ বাবে মাচুল ৰেহাই ৷

ৰাঘৱ জুয়ালৰ বিৰুদ্ধে বৰ্ণবৈষম্যৰ অভিযোগ : ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

কালাৰ্চ টিভি(Colours TV)ত সম্প্ৰচাৰিত হোৱা ৰিয়েলিটি শ্ব’ "Dance Diwane"ৰ এংকৰ ৰাঘৱে অসম তথা অসমীয়াক অপমান কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ অসমৰ প্ৰতিযোগীক চাইনীজ বুলি কোৱাৰ অভিযোগ উঠিছে এংকৰগৰাকীৰ বিৰুদ্ধে ৷ ঘটনা সংক্ৰান্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Dr Himanta Biswa Sarma)ৰ টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ ৷

Amguri Excise Department Raid: জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

সোমবাৰে আমগুৰি আৰক্ষী (Amguri Police) আৰু আবকাৰী বিভাগ (Excise Department)এ লালিম চাপৰিৰ ৰূপম গগৈ নামৰ অৰুণাচলী সুৰা ব্যৱসায়ীজনৰ গুডামৰ পৰা 350 কাৰ্টনৰো অধিক অৰুণাচলী সুৰা উদ্ধাৰ কৰে ৷


Superstition : 26 লাখ টকীয়া তাবিজ পিন্ধি সৰ্বস্বান্ত হ’ল মহিলা

আপুনি বেজ-বেজালিত বিশ্বাস কৰে নেকি ? 21 শতিকাত এনে অন্ধবিশ্বাসক আঁকোৱালি লোৱাৰ আগত এশবাৰ চিন্তা কৰক ৷ কাৰণ আপোনাক বেজালি কৰি লুটিবলৈ ৰাজ্যত পিয়াপি দি ফুৰিছে প্ৰৱঞ্চকৰ দলে ৷ শিৱসাগৰত এনে প্ৰৱঞ্চকৰ জালত পৰি সৰ্বস্বান্ত হ’ল এগৰাকী মহিলা ৷

Traffic Rule in Guwahati: দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে পিন্ধিব লাগিব হেলমেট

1 ডিচেম্বৰৰ পৰা গুৱাহাটী মহানগৰীত প্ৰযোজ্য হ’ব নতুন যান-বাহন নীতি ৷ এতিয়াৰে পৰা দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে পিন্ধিব লাগিব হেলমেট ৷ চাৰিচকীয়া বাহনত চিটবেল্ট লগোৱা বাধ্যতামূলক ৷ নহ’লে ভৰিবলাগিব জৰিমণা ৷

মাজুলীত ৰাসৰ কলা-কুশলীক Covid Test স্বাস্থ্য বিভাগৰ

ক’ভিড প্ৰট’কল(Covid Protocol)ৰ মাজেৰে মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ(Raas Mahotsav) উদযাপন কৰিবৰ বাবে সাজু হৈছে মাজুলী জিলা প্ৰশাসন(Majuli District Administration)ৰ লগতে মাজুলীবাসী ৰাইজ । জিলাখনৰ 14 খন ঐতিহাসিক সত্ৰ ৰাসৰ বাবে সজাই-পৰাই তোলা হৈছে । সত্ৰসমূহত ৰাতি দুপৰলৈকে চলিছে ৰাসৰ আখৰা ।

CM Mamata to meet PM Modi : অহা সপ্তাহত প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিব মমতা বেনাৰ্জীয়ে

অহা সপ্তাহৰ মাজভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi)ক পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী(Chief Minister Mamata Banerjee)য়ে সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । এক বিশেষ সূত্ৰই জনোৱা মতে, ২২ নৱেম্বৰত দিল্লী(Delhi)লৈ যাব পাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । ২৫ নৱেম্বৰত তেওঁ দিল্লীৰ পৰা উভতি আহিব বুলিও জানিবলৈ দিছে সূত্ৰটোৱে ৷

Rajkummar-Patralekhaa Wedding: কইনাৰ আকৰ্ষণীয় পোছাকত দৰাৰ বাবে বিশেষ বাৰ্তা

বলীউড অভিনেতা ৰাজকুমাৰ ৰাও(Rajkummar Rao) আৰু পত্ৰলেখা(Patralekaa) 11 বছৰীয়া প্ৰেমে লাভ কৰিলে পূৰ্ণতা ৷ সোমবাৰে এক অন্তৰংগ বিবাহ অনুষ্ঠানেৰে যুগ্ম জীৱনৰ পাতনি মেলে ৰাজকুমাৰ-পত্ৰলেখাই ৷

Income Tax Raid : কৈলাশ লোহিয়াৰ বাসগৃহ-কাৰ্যালয়ত চলিল অভিযান

মহানগৰীত আয়কৰ বিভাগ(Income Tax)ৰ অভিযান ৷ লোহিয়া গ্ৰুপ(Lohia Group)ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত আয়কৰ বিভাগে চলায় তালাচী ৷ প্ৰতিষ্ঠিত ব্যৱসায়ী কৈলাশ লোহিয়া(Kailash Lohia)ৰ বাসগৃহৰ লগত সংলগ্ন কাৰ্যালয়ত মঙলবাৰে আয়কৰ বিভাগে চলালে এই অভিযান ৷ পূৰ্বে লোহিয়াৰ বিৰুদ্ধে বৃহৎ কৰ ফাঁকি(Tax Fraud) ৰ অভিযোগ উত্থাপিত হৈছিল ৷

নিমাতী-মাজুলী ফেৰী সেৱাত পুনঃসংযোজন দুখনকৈ ফেৰীৰ

মাজুলী ৰাইজলৈ ৰাসৰ উপহাৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগ (Majuli Inland Water Transport Department)ৰ ৷ নিমাতী-মাজুলী ফেৰী সেৱাত আজিৰে পৰা নতুনকৈ সংযোজন ঘটিল দুখনকৈ জাহাজৰ । ‘MV PADMA’ আৰু ‘MV INDRA’ নামৰ ফেৰী দুখন নতুনকৈ চলাচল কৰা হৈছে নিমাতী-মাজুলী ফেৰী ঘাটত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.