ETV Bharat / city

Amguri Excise Department Raid: জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা

author img

By

Published : Nov 16, 2021, 1:51 PM IST

arunachal-liquor-sized-at-amguri
আমগুৰিত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী liquor

সোমবাৰে আমগুৰি আৰক্ষী (Amguri Police) আৰু আবকাৰী বিভাগ (Excise Department)এ লালিম চাপৰিৰ ৰূপম গগৈ নামৰ অৰুণাচলী সুৰা ব্যৱসায়ীজনৰ গুডামৰ পৰা 350 কাৰ্টনৰো অধিক অৰুণাচলী সুৰা উদ্ধাৰ কৰে ৷

আমগুৰি, 16 নৱেম্বৰ : অসম আৰক্ষীয়ে (Assam Police) নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে ‌অভিযান অব্যাহত ৰখাৰ সময়তে সোমবাৰে আমগুৰি আৰক্ষী (Amguri Police) আৰু আবকাৰী বিভাগ (Excise Department)এ এক গোপন সূত্ৰৰ পম খেদি 350 কাৰ্টনৰো অধিক অৰুণাচলী সুৰা উদ্ধাৰ কৰে । জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় ৬ লক্ষাধিক টকা বুলি জানিব পৰা গৈছে ৷

আমগুৰিত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী liquor

লালিম চাপৰিৰ ৰূপম গগৈ নামৰ সুৰা ব্যৱসায়ীজনৰ গুডামৰ পৰা এই বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা উদ্ধাৰ কৰা হৈছে ৷ জানিব পৰা মতে বিগত তিনি বছৰ ধৰি অৰুণাচলী সুৰাৰ অবৈধ ব্যৱসায় চলাই অহাৰ অভিযোগত আৰক্ষী আৰু আবকাৰী বিভাগে অৰুণাচলী ব্যৱসায়ী ৰূপমৰ পিতৃ ডিম্বেশ্বৰ গগৈকো এই অভিযানত আটক কৰা হৈছে ৷

উল্লেখ্য যে, ৰূপম গগৈয়ে আমগুৰিৰ পৰা নাগালেণ্ডলৈ অৰুণাচলী সুৰা সৰবৰাহ কৰি আহিছিল । ৰূপম গগৈৰ পিতৃ ডিম্বেশ্বৰ গগৈৰ ভাষ্য অনুসৰি পুত্ৰই পিতৃৰ কথা অমান্য কৰি গালি-গালাজ কৰি অবৈধ সুৰাৰ এই বৃহৎ ব্যৱসায় চলাই আহিছিল ।

লগতে পঢ়ক : Lumding forest encroachment: অৱশেষত হোজাই আৰক্ষীৰ হাতত ভূ-মাফিয়া নজৰুল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.