ETV Bharat / city

Superstition : 26 লাখ টকীয়া তাবিজ পিন্ধি সৰ্বস্বান্ত হ’ল মহিলা

author img

By

Published : Nov 16, 2021, 2:16 PM IST

Superstition
26 লাখ টকীয়া তাবিজ পিন্ধি সৰ্বস্বান্ত হ’ল মহিলা

আপুনি বেজ-বেজালিত বিশ্বাস কৰে নেকি ? 21 শতিকাত এনে অন্ধবিশ্বাসক আঁকোৱালি লোৱাৰ আগত এশবাৰ চিন্তা কৰক ৷ কাৰণ আপোনাক বেজালি কৰি লুটিবলৈ ৰাজ্যত পিয়াপি দি ফুৰিছে প্ৰৱঞ্চকৰ দলে ৷ শিৱসাগৰত এনে প্ৰৱঞ্চকৰ জালত পৰি সৰ্বস্বান্ত হ’ল এগৰাকী মহিলা ৷

আমগুৰি, 16 নৱেম্বৰ : কৈ থাকিলে ওৰ নপৰে অসম দেশৰ কথা ৷ কি নঘটে এইখন অসমত ৷ ভাল-বেয়া বিভিন্ন ঘটনাই নিতৌ দখল কৰি আহিছে সংবাদ শিৰোনাম ৷ অসমত পৰোপকাৰীৰো আকাল নাই, ঠগ-প্ৰৱঞ্চকৰো আকাল নাই ৷ কোনোৱে যদি আনক সহায় কৰি সুখ বুটলিছে, আন এচাপে আকৌ পদে পদে চেগ বিচাৰি ফুৰিছে আনক মাৰি ধন ঘটাৰ ৷ তেনে এক ঘটনাই এইবাৰ সংঘটিত হ’ল ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাত ৷

অন্ধবিশ্বাসৰ সুবিধা লৈ শিৱসাগৰ জিলাৰ গৌৰীসাগৰত এটা প্ৰৱঞ্চক চক্ৰই মহিলাৰ পৰা লুটিলে 26 লাখ টকা ৷ বেজালিৰে বেমাৰ আৰু বিঘিনি নাশৰ প্ৰতিশ্ৰুতি দি লুটি নিলে ধনখিনি ৷ ধন লুটকাৰী প্ৰৱঞ্চক আকৌ নিজে বেজ নহয়, বেজৰ এজেন্টহে ৷ এজেন্টৰ মুখত আলফা নেতা আৰু বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত প্ৰণৱ গগৈৰ পুত্ৰৰ নাম ৷

Superstition : 26 লাখ টকীয়া তাবিজ পিন্ধি সৰ্বস্বান্ত হ’ল মহিলা

ঘটনা অনুসৰি, পিংকী দাস আৰু চন্দন দাস নাম এহাল স্বামী-স্ত্ৰীয়ে আৰৱৰ বেজৰ নাম লৈ প্ৰৱঞ্চনাৰ জাল পেলাইছিল গৌৰীসাগৰত ৷ ৰীণামণি বৰা নামৰ মহিলাগৰাকীৰ ঘৰুৱা অশান্তি তথা শাৰীৰিক অসুস্থতা দূৰ কৰাৰ বাবে বেজৰ পৰা সমিধান দিয়াৰ প্ৰতিশ্ৰুতি দিছিল এই দাস দম্পতীয়ে ৷ যাৰ বাবে মহিলা গৰাকীৰ পৰা বিচাৰিছিল মোটা অংকৰ ধন ৷ মহিলাগৰাকীয়েও তেওঁলোকৰ কথাত ভোল গৈ ধন দিছিল পিংকী দাসক ৷ প্ৰথমে 500- 1000 আৰু তাৰ পাচত এই পৰিমাণ হৈছিল গৈ 50- 60 হাজাৰ ৷

লগতে পঢ়ক : Traffic Rule in Guwahati: দুচকীয়া বাহনৰ চালক-আৰোহী উভয়ে পিন্ধিব লাগিব হেলমেট

কেইবাটাও কিস্তিত ধনখিনি আদায় কৰিছিল প্ৰৱঞ্চকৰ চক্ৰটোৱে ৷ বিনিময়ত মহিলাগৰাকীক দিছিল এটা তাবিজ আৰু এডাল ক’লা ৰচী ৷ আশ্চৰ্যজনকভাৱে এই ঘটনাত সাঙোৰ খাই পৰিছে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত প্ৰণৱ গগৈৰ পুত্ৰ প্ৰমীৰ গগৈৰ নাম ৷ প্ৰমীৰ গগৈৰ হৈও ধন বিচাৰি মহিলাগৰাকীক ধন বিচাৰিছিল চক্ৰটোৱে ৷

উপায়হীন হৈ ধাৰ-ঋণ কৰি ধন যোগান ধৰিছিল ৰীণামণি বৰাই ৷ কিন্তু যেতিয়া ধন উভতাই বিচাৰিছিল, তেতিয়াই প্ৰৱঞ্চকৰ দলটোৱে দিছিল অনেকটা বাহানা ৷ আনকি মহিলাগৰাকীক কোৱা হৈছিল যে, যি গৰাকী বেজৰ তাবিজ তেওঁক দিয়া হৈছে সেই বেজজনক লগো কৰিব নোৱাে তেওঁ ৷

পিচে এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ দাস দম্পতীৰো সেই দশাই হ’ল ৷ ধন দি অতিষ্ঠ হৈ পৰা ৰীণামণি বৰাই গৌৰীসাগৰ থানাত দাখিল কৰিলে এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিত গৌৰীসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চন্দন দাস আৰু পিংকী দাস নামৰ বেজৰ এজেন্ট ৰূপী স্বামী-স্ত্ৰীক । আৰক্ষীৰ জেৰাত অভিযুক্ত পিংকী দাসে নামতি বৰছিলাৰ গোপাল বেজ নামৰ এটা বেজক ধন দিয়া বুলি প্ৰকাশ কৰিছে যদিও আৰক্ষীৰ তদন্ততহে সকলো কথা স্পষ্ট হ'ব ।

লগতে পঢ়ক : নিমাতী-মাজুলী ফেৰী সেৱাত পুনঃসংযোজন দুখনকৈ ফেৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.