নিমাতী-মাজুলী ফেৰী সেৱাত পুনঃসংযোজন দুখনকৈ ফেৰীৰ

By

Published : Nov 16, 2021, 12:21 PM IST

thumbnail

মাজুলী ৰাইজলৈ ৰাসৰ উপহাৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগ (Majuli Inland Water Transport Department)ৰ ৷ নিমাতী-মাজুলী ফেৰী সেৱাত আজিৰে পৰা নতুনকৈ সংযোজন ঘটিল দুখনকৈ জাহাজৰ । ‘MV PADMA’ আৰু ‘MV INDRA’ নামৰ ফেৰী দুখন নতুনকৈ চলাচল কৰা হৈছে নিমাতী-মাজুলী ফেৰী ঘাটত । এই ফেৰী দুখনৰ শুভাৰম্ভণি কৰে জিলা উপায়ুক্ত পুলক মহন্তই । MV PADMA ফেৰীখন চলাচল কৰিব অফলা আৰু নিমাতি ঘাটৰ মাজত ৷ আনহাতে, MV INDRA ফেৰীখন চলাচল কৰিব কমলাবাৰী আৰু নিমাতি ঘাটৰ মাজত । সমাগত ৰাসোৎসৱৰ সময়ত এই ফেৰী দুখনে দুয়োপাৰৰ ৰাইজক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰিছে মাজুলী জিলা প্ৰশাসন(Majuli District Administration)য়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.