ETV Bharat / state

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Oct 31, 2022, 5:02 PM IST

news-at-5 pm
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

AAMSU Protest in Delhi: চৰকাৰ বিৰোধী শ্ল’গানেৰে দিল্লীৰ যন্তৰ মন্তৰ কঁপালে আমছুৱে

প্ৰতিবাদী শ্ল'গানেৰে এইবাৰ অসম এৰি দিল্লীৰ যন্তৰ মন্তৰ কপালে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে (All Assam Minority Students Union Protest in Delhi) ৷ অমানবীয় উচ্ছেদ বন্ধ, উচ্ছেদকাৰীসকলক পুনৰ সংস্থাপনৰ দিয়া, ধৰ্মীয় অনুষ্ঠানৰ ওপৰত কৰা উচ্ছেদ বন্ধ কৰাৰ লগতে বিভিন্ন সমস্যাৰ‌ দাবীত সোমবাৰে দিল্লীত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

Kiren Rijiju in Nagaon: তৃণমূল পৰ্যায়ৰ প্ৰতিবেদনৰ ভিত্তিতহে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব পাব অগপই; ৰিজিজু

শাসকীয় দলৰ সাংসদ, বিধায়ক নথকা সমষ্টিৰ ৮০-৯০ শতাংশ কামেই সম্পূৰ্ণ নহয় । অগপ বিজেপিৰ মিত্ৰদল । গ্ৰাউণ্ডৰ ৰিপ’ৰ্টৰ ভিত্তিত অগপ দলক লোকসভা নিৰ্বাচনৰ টিকট প্ৰদান কৰা হ’ব ৷ নগাঁৱত এই মন্তব্য কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুৰ (Kiren Rijiju in Nagaon)।

GMC Scam : জিএমচিৰ বোকা কেলেংকাৰীৰ অন্যতম অভিযুক্ত তছদিকুৰ ৰহমানে প্ৰদান কৰা নাই সম্পত্তি কৰ

গুৱাহাটী পৌৰ নিগমৰ মাণ্ডলিক কাৰ্যালয়ৰ চকুত পৰে পৌৰ নিগমৰ অৱসৰী মুখ্য অভিযন্তা তছদিকুৰ ৰহমানৰ প্ৰায় ৯ লাখ টকা অনাদায়ৰ কথা । তাৰ পিছতে তছদিকুৰ ৰহমানৰ লাখটকীয়াস্থিত বিলাসবহুল গৃহলৈ প্ৰেৰণ কৰা হয় জাননী । উক্ত জাননীত তছদিকুৰ ৰহমানক (GMC scam main accused Tasdikur Rahman) শীঘ্ৰে অনাদায় হৈ থকা পৌৰ কৌৰ আদায়ৰ কথা কোৱা হয় যদিও তাত কোনো গুৰুত্ব নিদিয়ে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীয়ে ।

CAA Supreme Court Hearing : ৬ নৱেম্বৰলৈ পিছুৱাল নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহ্বানৰ শুনানি

নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই ছুপ্ৰিম কোৰ্টত দাখিল কৰা আবেদনৰ শুনানিৰ পৰৱৰ্তী তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ৬ অক্টোবৰ (Supreme Court hearing on CAA) ।

Thief case in nagaon : 12 লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিলে চোৰে

নগাঁৱত সংঘটিত হৈছে চুৰিকাণ্ড (Theft in Nagaon) ৷ নগাঁও চহৰৰ মাজমজিয়াৰ এটা ৱৰ্কশ্ব'পত সংঘটিত হৈছে চুৰিকাণ্ড (Theft in jagriti honda workshop) ৷

Price hike at Jorhat: যোৰহাটৰ পাচলিৰ বজাৰত জুই

বৰ্তমান এসাঁজ সতেজ শাক-পাচলি খাবলৈ আপুনি এশবাৰ চিন্তা কৰিব লাগিব ৷ কাৰণ একাংশ মধ্যভোগীয়ে ব্যাপক হাৰত বৃদ্ধি কৰিছে শাক-পাচলিৰ মূল্য ৷ যোৰহাটৰ বজাৰতো বৃদ্ধি পাইছে শাক-পাচলিৰ মূল্য (Vegetables Price hike at Jorhat)।

Mariani labour missing in Arunachal Pradesh: মৰিয়নীৰ 8 জনকৈ শ্ৰমিক আৱদ্ধ হৈ আছে অৰুণাচলত

মৰিয়নীৰ 8 জনকৈ শ্ৰমিক আৱদ্ধ হৈ আছে অৰুণাচলত (Labour workers stranded in Arunachal Pradesh) ৷ সোণাৰিত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভন দি শ্ৰমিকসকলক অৰুণাচলৰ অজ্ঞাত স্থানলৈ লৈ যায় আৰু তাত আৱদ্ধ কৰি ৰখাৰ অভিযোগ পৰিয়ালবৰ্গৰ ৷ এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷

বিৰাট কোহলীৰ হোটেল ৰূমৰ ভিডিঅ’ ভাইৰেল, ব্যক্তিগত সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন অনুষ্কাৰ

অনুষ্কা শৰ্মাই তেওঁৰ ক্ৰিকেটাৰ স্বামী বিৰাট কোহলীৰ হোটেলৰ শোৱনি কোঠাৰ এটা ভিডিঅ' অনলাইনত ভাইৰেল হৈ পৰাৰ পিছত উদ্বেগ প্ৰকাশ কৰিছে । সামাজিক মাধ্যমত দুয়োৱে ব্যক্তিগত গোপনীয়তাক এইদৰে উলংঘা কৰাৰ ঘটনাক তীব্ৰ সমালোচনা কৰিছে।

Morbi Bridge Collapse Update : শতিকা পুৰণি ওলমা দলং ভাঙি মৃত্যু প্ৰায় 132 জনৰ

দেওবাৰে ভাঙি পৰিল শতিকা পুৰণি গুজৰাটৰ মৰ্বিত মাচু নদীৰ ওপৰত থকা ওলমা দলংখন ৷ চৰকাৰী তথ্য অনুসৰি, বৰ্তমান পৰ্যন্ত উদ্ধাৰ হৈছে 132 টা মৃতদেহ (Many people died in Gujarat Morbi Bridge Collapse Accident) ৷ অৱশ্যে বৰ্তমানো সন্ধানহান হৈ আছে বহু লোক ৷

Assam tourism: শিৱসাগৰলৈ আহি অভিভূত এটা বিদেশী দম্পত্তি

শিৱসাগৰ বুলিলে মনলৈ আহে আহোম যুগৰ চিৰযুগমীয়া কীৰ্তিচিহ্নৰ কথা ৷ মনলৈ আহে আহোম ৰজাসকলৰ বীৰত্বৰ কাহিনী (History of ahom kingdom) ৷ আহোমৰ এই জাউতি যুগীয়া কীৰ্তিচিহ্ন চাবলৈ প্ৰতিবছৰেই আগমন ঘটে বহু দেশী-বিদেশী পৰ্যটকৰ ৷ ব্যতিক্ৰম নহয় এইবাৰো ৷ শিৱসাগৰলৈ আহি এইবাৰ অভিভূত হৈ পৰিছে এটা বিদেশী দম্পত্তি (Tourists gather in Sivasagar) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.