Assam tourism: শিৱসাগৰলৈ আহি অভিভূত এটা বিদেশী দম্পত্তি

author img

By

Published : Oct 31, 2022, 12:10 PM IST

Assam tourism

শিৱসাগৰ বুলিলে মনলৈ আহে আহোম যুগৰ চিৰযুগমীয়া কীৰ্তিচিহ্নৰ কথা ৷ মনলৈ আহে আহোম ৰজাসকলৰ বীৰত্বৰ কাহিনী (History of ahom kingdom) ৷ আহোমৰ এই জাউতি যুগীয়া কীৰ্তিচিহ্ন চাবলৈ প্ৰতিবছৰেই আগমন ঘটে বহু দেশী-বিদেশী পৰ্যটকৰ ৷ ব্যতিক্ৰম নহয় এইবাৰো ৷ শিৱসাগৰলৈ আহি এইবাৰ অভিভূত হৈ পৰিছে এটা বিদেশী দম্পত্তি (Tourists gather in Sivasagar) ৷

শিৱসাগৰ,31 অক্টোবৰ : শিৱসাগৰ ঐতিহাসিকভাৱে অসমৰ এখন গুৰুত্বপূৰ্ণ জিলা । ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এই শিৱসাগৰত সিঁচৰতি হৈ আছে আহোমৰ শাসনকালৰ অলেখ স্থাপত্য, ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি ।

আহোম শাসনৰ প্ৰশাসনীয় কেন্দ্ৰ আছিল ৰংপুৰ নগৰ (History of ahom kingdom) । কাৰেং ঘৰক কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱেই আছিল তাহানিৰ ৰংপুৰ । পৰৱৰ্তী সময়ত বৃটিছসকল আহি প্ৰথমে শিৱসাগৰ পুখুৰীৰ আশে-পাশে স্থাপন কৰিছিল প্ৰশাসনীয় কেন্দ্ৰ । তেনেকৈয়ে কলঞ্চুপাৰ বুলি জনাজাত ঠাইখন লাহে লাহে শিৱসাগৰ নামেৰে পৰিচিত হৈ পৰে ।

পৰ্যটনৰ ক্ষেত্ৰখনত এক বিশেষ গুৰুত্ব লাভ কৰা শিৱসাগৰলৈ প্ৰতি বছৰে আগমন ঘটে বহু দেশী বিদেশী পৰ্যটকৰ ৷

শিৱসাগৰলৈ আহি অভিভূত এটা বিদেশী দম্পত্তি

এই ঐতিহাসিক জিলাখনৰ আছে চাহ, গ্ৰাম্য, আধ্যাত্মিক পৰ্যটনৰ অনেক সুযোগ আৰু সম্ভাৱনা । অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য্যৰ আকৰ দিচাংমুখ, কমলাবাৰী, দিখৌমুখ আদিৰ দৰে স্থান আছে এই জিলাখনতে । তেল, গেছ, চাহ আৰু কৃষিৰ ক্ষেত্ৰতো চহকী শিৱসাগৰলৈ পৰ্যটক সকলক আকৰ্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগেও লৈ আহিছে বিভিন্ন পদক্ষেপ ৷

তাৰোপৰি ঐতিহাসিক জিলাখনৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰসমূহৰ সৈতে পৰিচয় কৰাৰ বাবে পৰ্যটন বিভাগে দেশ বিদেশৰ বিভিন্ন স্থানত স্থাপন কৰিছে তথ্য কেন্দ্ৰ ৷ শেহতীয়াকৈ সুদূৰ নেদাৰলেণ্ডৰ পৰা উত্তৰ-পূৱ ভাৰত ভ্ৰমণ কৰিবলৈ অহা এটা দম্পতিয়ে বিগত দুটা দিন শিৱসাগৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ বিভিন্ন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে ।

এই সময় চোৱাত Jenny আৰু Bernee নামৰ দম্পত্তিটোৱে শিৱসাগৰ জিলাৰ বহুকেইটা প্ৰাচীন কীৰ্তিচিহ্ন দৰ্শন কৰাৰ লগতে কেইবাখন চাহ বাগিচাও ভ্ৰমণ কৰে (Tourists gather in Sivsagar) । ইয়াৰোপৰি এই দম্পতিয়ে জিলাখনৰ নামতি অঞ্চল পৰিভ্ৰমণ কৰি অগৰুৰ পৰা কি দৰে জৈৱিক সুগন্ধি তৈয়াৰ কৰে সেই সন্দৰ্ভটো বুজ লয় ।

এই ভ্ৰমণ কালত দুয়োগৰাকী পৰ্যটকক শিৱসাগৰ জিলাৰ পৰ্যটক তথ্য বিষয়া মাধৱ দাসে সংগ দিয়াৰ লগতে আমাৰ সমৃদ্ধিশালী অতীত, বৰ্তমানৰ সৈতে পৰিচয় কৰাই দিয়ে । এই ভ্ৰমণ কালত দুয়োগৰাকী পৰ্যটকে ৰংঘৰ, কাৰেং ঘৰ, তলাতল ঘৰ আদিৰ লগতে ঘনশ্যাম মন্দিৰ, দিচাংমুখ ইত্যাদি স্থানসমূহ পৰিদৰ্শন কৰে ।

উল্লেখযোগ্য যে, পৰ্যটন বিভাগৰ শিৱসাগৰৰ কাৰ্যালয়ে দেশী বিদেশী পৰ্যটকক ঐতিহাসিক শিৱসাগৰ জিলাৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰসমূহৰ সৈতে পৰিচয় কৰাৰ উদ্দেশ্যে তথ্য কেন্দ্ৰ স্থাপন-প্ৰচাৰ আদিৰ ব্যৱস্থা কৰিছে । এনে ব্যৱস্থাৰ ফলস্বৰূপে আহোম ৰাজত্বৰ সোণালী ইতিহাস বুকুত সাৱটি ৰখা শিৱসাগৰলৈ বিগত কিছু দিনত যথেষ্ট সংখ্যক বিদেশী পৰ্যটকৰ আগমন ঘটা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Nalbari welcome gate inaugurated : নলবাৰীত মুকলি হ’ল আদৰণী তোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.