ETV Bharat / state

GMC Scam : জিএমচিৰ বোকা কেলেংকাৰীৰ অন্যতম অভিযুক্ত তছদিকুৰ ৰহমানে প্ৰদান কৰা নাই সম্পত্তি কৰ

author img

By

Published : Oct 31, 2022, 2:28 PM IST

Updated : Oct 31, 2022, 2:50 PM IST

গুৱাহাটী পৌৰ নিগমৰ মাণ্ডলিক কাৰ্যালয়ৰ চকুত পৰে পৌৰ নিগমৰ অৱসৰী মুখ্য অভিযন্তা তছদিকুৰ ৰহমানৰ প্ৰায় ৯ লাখ টকা অনাদায়ৰ কথা । তাৰ পিছতে তছদিকুৰ ৰহমানৰ লাখটকীয়াস্থিত বিলাসবহুল গৃহলৈ প্ৰেৰণ কৰা হয় জাননী । উক্ত জাননীত তছদিকুৰ ৰহমানক (GMC scam main accused Tasdikur Rahman) শীঘ্ৰে অনাদায় হৈ থকা পৌৰ কৌৰ আদায়ৰ কথা কোৱা হয় যদিও তাত কোনো গুৰুত্ব নিদিয়ে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীয়ে ।

Tasdikur
Tasdikur

নিউজ ডেস্ক, ৩১ অক্টোবৰ : গুৱাহাটী পৌৰ নিগমৰ ২০ কোটিটকীয়া বোকা কেলেংকাৰীৰ (GMC fooling disposable scam) অন্যতম অভিযুক্ত তছদিকুৰ ৰহমানে বছৰ বছৰ ধৰি পৰিশোধ কৰা নাই সম্পত্তি কৰ (GMC scam main accused Tasdikur Rahman) । উল্লেখ্য, জিএমচিৰ নীতি নিৰ্ধাৰণ কৰি অহা এইগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়াই নিজেই আদায় দিয়া নাই পৌৰ কৰ ।

এক কথাত ক'বলৈ গ'লে উদক ভেটাৰখীয়া পতাৰ দৰে কথা । পৌৰ নিগমৰ মুখ্য অভিযন্তা পদৰ পৰা শেহতীয়াভাৱে অৱসৰ গ্ৰহণ কৰা তথা পৌৰ নিগমৰ ২০ কোটিটকীয়া বোকা কেলেংকাৰীৰ (GMC 20 crores fooling disposable scam) এক অন্যতম অভিযন্তা তছদিকুৰ ৰহমানে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ বৰ্তমান আত্মগোপন কৰি আছে ।

ইতিমধ্যে গুৱাহাটী পৌৰ নিগমৰ ফাঁচীবজাৰস্থিত মাণ্ডলিক কাৰ্যালয়ে (GMC office fancybazar) নানা দুৰ্নীতি-কেলেংকাৰীত জড়িত হৈ পৰা তছদিকুৰ ৰহমানলৈ সম্পত্তি কৰ (Property tax) আদায়ৰ জাননী জাৰি কৰিছে । উল্লেখ্য, গুৱাহাটী মহানগৰীত বাস কৰা পৌৰ কৰ আদায় নিদিয়া বাসিন্দাসকলৰ পৰা পৌৰ কৰ আদায়ৰ বাবে কঠোৰ হৈছে পৌৰ নিগম কৰ্তৃপক্ষ ।

৩১ অক্টোবৰৰ ভিতৰত পৌৰ কৰ আদায় নিদিয়াসকলৰ বিজুলী সংযোগ কৰ্তনৰো প্ৰকাৰন্তৰে ভাবুকি প্ৰদান কৰা হৈছে । আনহাতে, দুমাহ পূৰ্বে পৌৰ নিগম কৰ্তৃপক্ষই কেৱল সম্পত্তি কৰ আদায়ৰ স্বাৰ্থতেই এ পি ডি চি এলৰ কনজুমাৰ নম্বৰৰ সৈতে মহানগৰীৰ বাসিন্দাসকলক হল্ডিং নম্বৰ সংযোগৰ নিৰ্দেশ দিয়ে ।

উক্ত বিষয়সমূহ পৰীক্ষা-নিৰীক্ষা কৰাৰ সময়তে গুৱাহাটী পৌৰ নিগমৰ মাণ্ডলিক কাৰ্যালয়ৰ চকুত পৰে পৌৰ নিগমৰ অৱসৰী মুখ্য অভিযন্তা তছদিকুৰ ৰহমানৰ প্ৰায় ৯ লাখ টকা অনাদায়ৰ কথা । তাৰ পিছতে তছদিকুৰ ৰহমানৰ লাখটকীয়াস্থিত বিলাসবহুল গৃহলৈ প্ৰেৰণ কৰা হয় জাননী । উক্ত জাননীত তছদিকুৰ ৰহমানক শীঘ্ৰে অনাদায় হৈ থকা পৌৰ কৌৰ আদায়ৰ কথা কোৱা হয় যদিও তাত কোনো গুৰুত্ব নিদিয়ে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীয়ে ।

যাৰ ফলত পুনৰ তেওঁলৈ জাননী প্ৰেৰণ কৰা হয় । শেহতীয়া তথ্যমতে, দুবাৰকৈ জাননী প্ৰেৰণ কৰাৰ পিছতো পৌৰ নিগমৰ সম্পত্তি কৰ আদায় কৰা নাই তছদিকুৰ ৰহমানে । সেয়ে পৰৱৰ্তী সময়ত এইগৰাকী অৱসৰপ্ৰাপ্ত দুৰ্নীতিগ্ৰস্ত পৌৰ নিগমৰ বিষয়াৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :CAA Supreme Court Hearing : ৬ নৱেম্বৰলৈ পিছুৱাল নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহ্বানৰ শুনানি

Last Updated :Oct 31, 2022, 2:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.