ETV Bharat / bharat

CAA Supreme Court Hearing : ৬ নৱেম্বৰলৈ পিছুৱাল নাগৰিকত্ব সংশোধনী আইন প্ৰত্যাহ্বানৰ শুনানি

author img

By

Published : Oct 31, 2022, 1:54 PM IST

নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই ছুপ্ৰিম কোৰ্টত দাখিল কৰা আবেদনৰ শুনানিৰ পৰৱৰ্তী তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ৬ অক্টোবৰ (Supreme Court hearing on CAA) ।

SC
SC

নিউজ ডেস্ক, ৩১ অক্টোবৰ : নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই ছুপ্ৰিম কোৰ্টত দাখিল কৰা আবেদনৰ শুনানিৰ পৰৱৰ্তী তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ৬ অক্টোবৰ (Supreme Court hearing on CAA) । উল্লেখ্য, আজি এই সন্দৰ্ভত ছুপ্ৰিম কোৰ্টৰ এক খণ্ড বিচাৰপীঠে উক্ত আবেদনসমূহৰ ওপৰত শুনানি গ্ৰহণ কৰাৰ কথা আছিল ।

ইতিমধ্যে কেন্দ্ৰই এই সন্দৰ্ভত নিজৰ শপতনামা ছুপ্ৰিম কোৰ্টত দাখিল কৰিছে যদিও অসম আৰু ত্ৰিপুৰাই শপতনামা দিখিলত ব্যৰ্থ হয় (SC hearing on CAA on 6th November) । নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছুপ্ৰিম কোৰ্টত দাখিল কৰা হৈছে কেইবাখনো আবেদন । ইয়াৰে ভিতৰত অসমৰ পৰাও আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি আন কেইবাটাও দল-সংগঠনে দাখিল কৰা আবেদনো আছে ।

উল্লেখ্য, নাগৰিকত্ব সংশোধনী আইন, ২০১৯-ক (Citizenship Amendment Act 2019) প্ৰত্যাহ্বান জনোৱা আবেদনসমূহৰ শুনানি আজি উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰাৰ কথা আছিল । মুখ্য ন্যায়াধীশ ইউইউ ললিত, ন্যায়াধীশ ৰবীন্দ্ৰ ভাট আৰু বেলা এম ত্ৰিবেদীক লৈ গঠিত এখন বিচাৰপীঠে এই বিষয়টোৰ শুনানি গ্ৰহণৰ কথা আছিল (petitions challenging CAA on SC) ।

২০১৯-ৰ এই আইনখনে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অনা মুছলমান প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব প্ৰদানৰ নিয়মবোৰ উদাৰ কৰিবলৈ নাগৰিকত্ব আইন, ১৯৫৫-ৰ সংশোধন কৰিছিল (Citizenship Act 1955) ।

ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগ (আইইউএমএল) আৰু অন্যান্যসকলে দাখিল কৰা আবেদনসমূহত কোৱা হৈছে যে যদিও তেওঁলোকে প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতা নকৰে, তেওঁলোকে ধৰ্মৰ ওপৰত আধাৰিত বৈষম্য আৰু অবৈধ শ্ৰেণী বিভাজনৰ বাবে ক্ষুব্ধ । উক্ত আইনৰ পৰা মুছলমানসকলক বাদ দিয়াটো ধৰ্মভিত্তিক বৈষম্যৰ সমান বুলিও আবেদনত উল্লেখ কৰা হয় ।

আবেদন অনুসৰি, আইনখনে কৰা ধৰ্মীয় পৃথকীকৰণ কোনো যুক্তিসঙ্গত পাৰ্থক্য অবিহনে আৰু ইয়াৰ ফলত অনুচ্ছেদ 14 উলংঘন হৈছে । লগতে সকলো ধৰ্মৰ লোকক সমানভাৱে ব্যৱহাৰ কৰা এখন দেশ হিচাপে ভাৰতৰ ধাৰণাক আঘাত হনা হৈছে । ভাৰতীয় সংবিধানে কেৱল জন্ম, বংশোদ্ভৱ বা অধিগ্ৰহণৰ দ্বাৰা নাগৰিকত্বক স্বীকৃতি দিয়ে । কিন্তু উক্ত আইনখনে ধৰ্মক নাগৰিকত্বৰ বাবে এক চৰ্ত কৰি তুলিছে । ধৰ্মক নাগৰিকত্বৰ সৈতে সংযুক্ত কৰাটোৱে ধৰ্মনিৰপেক্ষতাৰ বিৰোধিতা কৰে, যিটো সংবিধানৰ মৌলিক গাঁথনিৰ এটা অংশ ।

লগতে পঢ়ক :Assam tourism: শিৱসাগৰলৈ আহি অভিভূত এটা বিদেশী দম্পত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.