ETV Bharat / state

Mariani labour missing in Arunachal Pradesh: মৰিয়নীৰ 8 জনকৈ শ্ৰমিক আৱদ্ধ হৈ আছে অৰুণাচলত

author img

By

Published : Oct 31, 2022, 2:12 PM IST

Updated : Oct 31, 2022, 2:55 PM IST

মৰিয়নীৰ 8 জনকৈ শ্ৰমিক আৱদ্ধ হৈ আছে অৰুণাচলত (Labour workers stranded in Arunachal Pradesh) ৷ সোণাৰিত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভন দি শ্ৰমিকসকলক অৰুণাচলৰ অজ্ঞাত স্থানলৈ লৈ যায় আৰু তাত আৱদ্ধ কৰি ৰখাৰ অভিযোগ পৰিয়ালবৰ্গৰ ৷ এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷

Labor from Mariani stranded in Arunachal Pradesh
মৰিয়নীৰ 8 জনকৈ শ্ৰমিক আৱদ্ধ হৈ আছে অৰুণাচলত

যোৰহাট, 31 অক্টোবৰ: কৰ্ম সংস্থাপনৰ বাবে গৈ বহিঃৰাজ্যত অসমৰ বহু যুৱক নিৰুদ্দেশ হোৱা নাইবা অকাল মৃত্যুক সাবটি ল’বলগীয়া হোৱা ঘটনা নতুন কোনো কথা নহয় । প্ৰায়েই এনে ঘটনাৰ পুনৰাবৃত্তি ঘটি আহিছে । শেহতীয়াকৈ পুনৰ তেনে এক ঘটনাই সংঘটিত হৈছে মৰিয়নীত । এইবাৰ কৰ্ম সংস্থাপনৰ বাবে গৈ বহিঃৰাজ্যত আৱদ্ধ হৈ আছে মৰিয়নীৰ 8 জনকৈ শ্ৰমিক (Mariani labour missing in outer state) ৷

ঘটনাৰ বিৱৰণী অনুসৰি, মৰিয়নীৰ দিহিঙীয়াপাৰ চাহ বাগিচাৰ পৰা কেইবাদিন পূৰ্বে ১১জন শ্ৰমিক পেটৰ তাড়নাত সুদূৰ অৰুণাচলৰ পাচিঘাটৰ কাটৰ নামৰ এটা স্থানলৈ কোনো ঠিকাদাৰৰ প্ৰলোভনত কামৰ সন্ধানত গৈছিল (Labour workers stranded in Arunachal Pradesh) ৷ কিন্তু যোৱাৰ পিছতেই সলনি হয় সকলো দৃশ্যপট ৷ সেই স্থানত লৈ যোৱাৰ পিছতেই শ্ৰমিক কেইজনৰ ওপৰত আৰম্ভ হয় অত্যাচাৰ ৷ কাম কৰিব লাগে ঠিকেই, কিন্তু খাদ্য বিচাৰিলেই প্ৰহাৰ কৰে শ্ৰমিককেইজনক ৷

মৰিয়নীৰ 8 জনকৈ শ্ৰমিক আৱদ্ধ হৈ আছে অৰুণাচলত

এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি সেই স্থানৰ পৰা কোনো মতে 3 জন শ্ৰমিক পলাই আহিবলৈ সক্ষম হয় ৷ যদিও এতিয়াও আৱদ্ধ হৈ আছে বাকী 8 জন শ্ৰমিক ৷ আৱদ্ধ হৈ থকা শ্ৰমিক কেইজন ক্ৰমে ভলা গোৱালা, বাবা মাল, অজয় মাল, চুনিল মাল, চাহিল ৰজক, অজয় মুণ্ডা, বাবুলাল খাৰিয়া, অনিল মাল বুলি জানিব পৰা গৈছে ৷ আনহাতে দাদু গড়, মন চাহু আৰু দেৱ চৱৰ নামৰ ৩ জন শ্ৰমিক মৰিয়নিৰ নিজ ঘৰলৈ সুকলমে উভতি আহিবলৈ সক্ষম হয় ৷

কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভন দি মৰিয়নীৰ দিহিঙীয়াপাৰ চাহ বাগিচাৰ ১১ জন শ্ৰমিকক জৈনক চাগৰ তাঁতী নামৰ ঠিকাদাৰটোৱে চৰাইদেউৰ সোণাৰিত কৰ্মসংস্থাপনৰ প্ৰলোভন দি শ্ৰমিকসকলক অৰুণাচলৰ অজ্ঞাত স্থানলৈ লৈ যায় আৰু আৱদ্ধ কৰি ৰাখে ৷ আৱদ্ধ শ্ৰমিকৰ পৰিয়ালৰ লোকে স্থানীয় দেবেৰাপাৰ আৰক্ষী বিষয়াক ঘটনা সম্পৰ্কে অৱগত কৰিবলৈ যোৱাত আৰক্ষী বিষয়াগৰাকীয়ে এজাহাৰ দেবেৰাপাৰ থানাৰ পৰিৱৰ্তে শ্ৰমিক আৱদ্ধ হৈ থকা স্থানৰ আৰক্ষী থানাত এজাহাৰ প্ৰদান কৰাৰ কথা কৈ পৰিয়ালবৰ্গক উভতাই পঠিয়ালে ৷

দিক-বিদিক হেৰুৱাই পৰিয়ালবৰ্গই মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰে ৷ বিধায়কগৰাকীয়ে যোৰহাট জিলা আৰক্ষী অধীক্ষকক অৱগত কৰে যদিও জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ বিধায়কগৰাকীৰ ।

উল্লেখযোগ্য যে ধুৰন্ধৰ একাংশ ঠিকাদাৰে চাহ শ্ৰমিকসকলক টাৰ্গেট কৰি স্থানীয় ঠাইত কৰ্মসংস্থাপন দিয়াৰ কথা কৈ অতি চতুৰতাৰে শ্ৰমিকসকলক বহিঃৰাজ্য অৰুণাচল আৰু নাগালেণ্ড লৈ যায় । তাৰ পিছত কম মজুৰিত কামত খটুৱাই ধুৰন্ধৰ ঠিকাদাৰে অধিক মুনাফা অৰ্জন কৰে আৰু বহিঃৰাজ্যত শ্ৰমিকসকলক শাৰীৰিক তথা মানসিক নিযাৰ্তন চলায় ৷ এনে অভিযোগ দীৰ্ঘদিনীয়া ।

লগতে পঢ়ক: বহিঃৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন টিংখাঙৰ এজন ব্যক্তি

Last Updated : Oct 31, 2022, 2:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.