ETV Bharat / bharat

Morbi Bridge Collapse Update : শতিকা পুৰণি ওলমা দলং ভাঙি মৃত্যু প্ৰায় 132 জনৰ

author img

By

Published : Oct 31, 2022, 9:32 AM IST

Updated : Oct 31, 2022, 11:47 AM IST

দেওবাৰে ভাঙি পৰিল শতিকা পুৰণি গুজৰাটৰ মৰ্বিত মাচু নদীৰ ওপৰত থকা ওলমা দলংখন ৷ চৰকাৰী তথ্য অনুসৰি, বৰ্তমান পৰ্যন্ত উদ্ধাৰ হৈছে 132 টা মৃতদেহ (Many people died in Gujarat Morbi Bridge Collapse Accident) ৷ অৱশ্যে বৰ্তমানো সন্ধানহান হৈ আছে বহু লোক ৷

Morbi Bridge Collapse in Gujarat
শতিকা পুৰণি ওলমা দলং ভাঙি মৃত্যু প্ৰায় 132 জনৰ

নেশ্যনেল ডেস্ক, 31 অক্টোবৰ : চৰ্চাত গুজৰাটৰ মৰ্বিত মাচু নদীৰ ওপৰত এখন ওলমা দলঙৰ প্ৰসংগ (Morbi suspension bridge)৷ এতিয়াও মাৰ যোৱা নাই উত্তেজনা (Gujarat Bridge Collapse)৷ শেহতীয়া তথ্য অনুসৰি, দেওবাৰে সন্ধিয়া গুজৰাটৰ মৰ্বি চহৰৰ মাচু নদীৰ ওপৰত থকা ওলমা দলংখন ভাঙি পৰাত ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাব লগাত পৰিছে ৷ চৰকাৰী তথ্য অনুসৰি, এই দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা 132 জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে (132 people died in Gujarat Bridge Collapse Accident) ৷

অৱশ্যে বৰ্তমানলৈকে সন্ধানহীন হৈ আছে বহু লোক ৷ দেওবাৰৰ পৰাই বৰ্তমান পৰ্যন্ত অব্যাহত আছে উদ্ধাৰ অভিযান ৷ এই ঘটনাৰ পাচতেই এতিয়া বিৰোধীৰ সমালোচনাই থকা সৰকা কৰিছে গুজৰাট চৰকাৰক ৷ উল্লেখ্য যে, দেওবাৰে নিশাৰ পৰাই বৰ্তমান পৰ্যন্ত এই উদ্ধাৰ অভিযানত এন ডি আৰ এফৰ পাঁচটা দল, এছডিআৰএফৰ ছয়টা দল, বায়ু সেনাৰ এটা দল, সেনাৰ দুটা স্তম্ভ আৰু স্থানীয় উদ্ধাৰকাৰী দলৰ উপৰিও ভাৰতীয় নৌসেনাৰ দুটা দল জড়িত আছে ।

Morbi Bridge Collapse in Gujarat
শতিকা পুৰণি ওলমা দলং ভাঙি মৃত্যু প্ৰায় 132 জনৰ

গুজৰাটৰ মৰ্বি চহৰৰ মাচচু নদীৰ ওপৰত থকা ওলমা দলং দুৰ্ঘটনাৰ তদন্ত সন্দৰ্ভত পাঁচজনীয়া উচ্চ ক্ষমতাসম্পন্ন এখন সমিতি গঠন কৰা হৈছে ৷ জানিব পৰা মতে, এই সমিতিখনত পথ আৰু ভৱন বিভাগৰ সম্পাদক সন্দীপ ভাসাভা আৰু আন চাৰিজন জ্যেষ্ঠ বিষয়া অন্তৰ্ভুক্ত আছে । এই ঘটনা সন্দৰ্ভত ৩০৪, ৩০৮ আৰু ১১৪ ধাৰাৰ অধীনত দাখিল কৰা হৈছে এখন এজাহাৰ ৷

আনহাতে, গুজৰাটৰ ওলমা দলং দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা মৃতকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে সাহাৰ্য ঘোষণা কৰিছে ৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা নিহতসকলৰ পৰিয়ালক 2 লাখ টকা, আহতসকলক 50,000 টকাৰ এক তৎকালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে (Gujarat govt declared relief package) ৷

শতিকা পুৰণি ওলমা দলং ভাঙি মৃত্যু প্ৰায় 132 জনৰ

লগতে গুজৰাট চৰকাৰৰ তৰফৰ পৰা মৃতকৰ পৰিয়াললৈ 4 লাখ টকা আৰু আহতসকলক 50,000 টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷ ইফালে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো এই দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৷

উল্লেখ্য যে, প্ৰায় শতিকা পুৰণি এই 230 মিটাৰ দৈঘ্যৰ ওলমা দলংখন (Morbi suspension bridge) ৷ উনবিংশ শতিকাতে ব্ৰিটিছ শাসনকালত নিৰ্মাণ কৰা হৈছিল এই দলংখন ৷ পুৰণি হোৱাৰ হেতুকে নৱীকৰণৰ বাবে প্ৰায় ছয় মাহৰ বাবে বন্ধ হৈ আছিল দলংখন ৷

অৱশ্যে বিগত সম্পাহত পুনৰ ৰাইজৰ বাবে মুকলি কৰি দিয়া হয় এই ওলমা দলংখন ৷ মুকলিৰ পাচতেই সংঘটিত হোৱা এই ঘটনাই এতিয়া থকা সৰকা কৰিছে মুখ্যমন্ত্ৰী পেটেলৰ চৰকাৰক ৷

লগতে পঢ়ক : Gujarat Bridge Collapse : গুজৰাটত দলং খহি প্ৰায় 60 জনৰ মৃত্যু; সন্ধানহীন কেইবাগৰাকীও

Last Updated :Oct 31, 2022, 11:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.