ETV Bharat / state

Price hike at Jorhat: যোৰহাটৰ পাচলিৰ বজাৰত জুই

author img

By

Published : Oct 31, 2022, 3:56 PM IST

বৰ্তমান এসাঁজ সতেজ শাক-পাচলি খাবলৈ আপুনি এশবাৰ চিন্তা কৰিব লাগিব ৷ কাৰণ একাংশ মধ্যভোগীয়ে ব্যাপক হাৰত বৃদ্ধি কৰিছে শাক-পাচলিৰ মূল্য ৷ যোৰহাটৰ বজাৰতো বৃদ্ধি পাইছে শাক-পাচলিৰ মূল্য (Vegetables Price hike at Jorhat)।

ক

যোৰহাট, ৩১ অক্টোবৰ: সাধাৰণ জনতাৰ অর্থনৈতিক ভেঁটি থান-বান হোৱাৰ মাজতেই মাত্ৰাধিক হাৰত শাক-পাচলিকে ধৰি নিত্য ব্যৱহার্য সামগ্ৰীৰ দাম বৃদ্ধি হোৱাত ৰাইজৰ জীৱন-যাপনৰ সামগ্ৰীক ব্যৱস্থাটো কোঙা হৈছে ৷ ৰেচন, পাচলি, ইন্ধনজাত সামগ্ৰী আদি সকলোতেই দাম বৃদ্ধি হৈছে (Rising prices of daily uses products) ৷ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে সৰ্বসাধাৰণ ৰাইজৰ ।

নিত্য ব্যৱহাৰ্য সামগ্ৰীকে ধৰি বজাৰৰ প্ৰতিবিধ সামগ্ৰীৰে বাঢ়িছে মূল্য ৷ এক কথাত বজাৰত এতিয়া জুই জ্বলিছে ৷ ইপিনে, মূল্য বৃদ্ধিৰ সুযোগ লৈছে এচাম অসাধু ব্যৱসায়ীয়ে । বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত চৰকাৰখন ব্যৰ্থ হৈছে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।

যোৰহাটৰ পাচলিৰ বজাৰত জুই

ইয়াৰ মাজতেই যোৰহাটৰ বজাৰত (Price hike in Jorhat)অনিয়ন্ত্ৰিত হৈছে শাক-পাচলিৰ দাম । পাইকাৰী ব্যৱসায়ী আৰু বিক্রেতাসকলে নিজৰ ইচ্ছা অনুসৰি শাক-পাচলিৰ মূল্য বৃদ্ধি কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই ব্য়ৱসায়ীসকলক নিয়ন্ত্ৰণ কৰিবলৈ নাই কোনো বিভাগ । এইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যোগান বিভাগ আছে যদিও উক্ত বিভাগটো কমিছনৰ আশাত বন্দী হৈ থকাৰ অভিযোগহে উথাপিত হৈছে ।

যোৰহাটৰ নিউভিল ৰোডৰ (Newville Road in Jorhat) শাক-পাচলি বজাৰত দাম শুনিলে সকলোৰে চকু কপালত উঠিব । সোমবাৰে প্ৰতি কিলোগ্ৰাম মটৰৰ দাম হৈছে ১১০ টকা । একেদৰে প্ৰতি কিলোগ্ৰাম গাজৰ ১১০ পৰা ১২০ টকা ,বন্ধা কবি ৬০ পৰা ৮০ টকা ,ফুলকবি ৫০পৰা ৮০ টকা, পালেং ৮০ পৰা ১০০ টকা, বিলাহী ৬০ৰ পৰা ৮০ টকা, লাই শাক ৪০ পৰা ৬০ টকা পৰ্যন্ত দাম বৃদ্ধি পাইছে ।

Price hike at Jorhat
যোৰহাটৰ পাচলিৰ বজাৰত জুই

উল্লেখ্য় যে, বন্ধা কবি ,ফুল কবি, গাজৰ, বিলাহী, মটৰ আদি শাক-পাচলি যোৰহাট লৈ আহে শ্বিলং, খাৰুপেটীয়া, নাচিক আদি স্থানৰ পৰা । এই সমুহ শাক-পাচলি অনাৰ বাবে যাতায়ত ব্যয় অধিক হোৱাত শাক-পাচলিৰ মূল্যবৃদ্ধি হৈছে । লগতে ইয়াত মধ্যভোগী দালাল সোমাই পৰাৰ ফলতো শাক-পাচলিৰ দাম বৃদ্ধি হোৱা আৰু এটা অন্যতম কাৰণ হিচাপে চিহ্নত হৈছে ।

যোৰহাটৰ বিভিন্ন শাক-পাচলিৰ বজাৰত দাম বৃদ্ধিৰ হাৰ অত্যাধিক হোৱা বাবে এতিয়া সৰ্বসাধাৰণ ৰাইজে অধিক দামত পাচলি ক্ৰয় কৰিবলৈ বাধ্য হৈছে । ইপিনে, গ্ৰাহক ৰাইজে মধ্যভোগী দালালৰ কৱলত পৰিয়েই যোৰহাটত শাক-পাচলিৰ মূল্য় বৃদ্ধি হোৱা বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:MC Scam : জিএমচিৰ বোকা কেলেংকাৰীৰ অন্যতম অভিযুক্ত তছদিকুৰ ৰহমানে প্ৰদান কৰা নাই সম্পত্তি কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.