ETV Bharat / state

Kiren Rijiju in Nagaon: তৃণমূল পৰ্যায়ৰ প্ৰতিবেদনৰ ভিত্তিতহে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব পাব অগপই; ৰিজিজু

author img

By

Published : Oct 31, 2022, 4:31 PM IST

Kiren Rijiju visits Nagaon medical college
নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

শাসকীয় দলৰ সাংসদ, বিধায়ক নথকা সমষ্টিৰ ৮০-৯০ শতাংশ কামেই সম্পূৰ্ণ নহয় । অগপ বিজেপিৰ মিত্ৰদল । গ্ৰাউণ্ডৰ ৰিপ’ৰ্টৰ ভিত্তিত অগপ দলক লোকসভা নিৰ্বাচনৰ টিকট প্ৰদান কৰা হ’ব ৷ নগাঁৱত এই মন্তব্য কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুৰ (Kiren Rijiju in Nagaon)।

নগাঁও, 31 অক্টোবৰ : সোমবাৰে কেবাটাও কাৰ্যসূচী হাতত লৈ নগাঁৱত উপস্থিত হয় কেন্দ্ৰীয় আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী কিৰেণ ৰিজিজু । নগাঁৱত উপস্থিত হৈ নিৰ্মীয়মান নগাঁও মেডিকেল কলেজ পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে (Kiren Rijiju visits Nagaon medical college) ।

সুচাৰুৰূপে নগাঁও মেডিকেল কলেজৰ কাম চলি থকা বুলি সংবাদ মাধ্যমক অৱগত কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে । লগতে আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভতো মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Kiren Rijiju on lok Sabha election 2024)। আগন্তুক লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিত অগপ দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ'ব বুলি চলি থকা চৰ্চাৰ মাজত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্য ।

নগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

লোকসভা নিৰ্বাচনত(Lok Sabha election 2024) মিত্ৰজোঁটে প্ৰক্ষেপ কৰিবলগীয়া প্ৰাৰ্থীৰ সন্দ্ৰভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘অগপ দল বিজেপিৰ মিত্ৰদল । সেয়ে গ্ৰাউণ্ডৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব’’ । আনহাতে, বৰ্তমান দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন টীমটোৱে উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট ভাল কাম কৰি থকা বুলিও উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে (Union minister Kiren Rijiju)।

উন্নয়ণৰ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, শাসকীয় দলৰ সাংসদ, বিধায়ক নথকা সমষ্টিসমূহত ৮০-৯০ শতাংশ উন্নয়নেই সম্পূৰ্ণ হোৱা নাই । সমষ্টিসমূহৰ সম্পূৰ্ণ উন্নয়নৰ বাবে শাসকীয় দলৰ সাংসদ, বিধায়কৰ প্ৰয়োজন বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ।

ইয়াৰোপৰি নিজকে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰা এজন জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী হিচাবে উল্লেখ কৰি আটাইকেইখন ৰাজ্যৰে উন্নয়ণৰ দিশটোৰ প্ৰতি গুৰুত্ব আৰোপ কৰা বুলি মন্তব্য কৰে (Central minister from North east)৷ লগতে তেওঁ কয় যে, বিজেপি চৰকাৰ শাসনসৰ অহাৰ পূৰ্বে নগাঁও মেডিকেল কলেজৰ দৰে একোটা প্ৰকল্প সম্পূৰ্ণ হ’বলৈ 20-25 বছৰ লাগিছিল ৷ কিন্তু বিজেপি চৰকাৰৰ দিনত সেয়া 5 বছৰতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : Assam Arunachal Border issue : সোণাৰিত সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ চতুৰ্থ লানি বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.