ETV Bharat / state

Thief case in nagaon : 12 লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিলে চোৰে

author img

By

Published : Oct 31, 2022, 4:33 PM IST

নগাঁৱত সংঘটিত হৈছে চুৰিকাণ্ড (Theft in Nagaon) ৷ নগাঁও চহৰৰ মাজমজিয়াৰ এটা ৱৰ্কশ্ব'পত সংঘটিত হৈছে চুৰিকাণ্ড (Theft in jagriti honda workshop) ৷

Thief case in jagriti honda workshop Nagaon
Thief case in nagaon : 12 লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিলে চোৰে

নগাঁও, 31 অক্টোবৰ: পুনৰ নগাঁও আৰক্ষীৰ ব্যৰ্থতা উদঙালে চোৰে(Theft in Nagaon) । চহৰখনত দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে অপৰাধমূলক কাৰ্য (Thief cases increasing in Nagaon) ৷ নগাঁও চহৰৰ মাজমজিয়াৰ এটা ৱৰ্কশ্ব'পত সংঘটিত চুৰি কার্যক লৈ উদ্বিগ্ন হৈ পৰিছে নগাঁৱৰ সৰ্বসাধাৰণ ।

পুনৰ নগাঁও আৰক্ষীক প্ৰত্যাহ্বান জনালে চোৰে ৷ নিৰাপত্তাৰ সুৰুঙা লৈ চোৰে চলালে চাফাই অভিযান । নগাঁও চহৰৰ কৃষ্ণা হল চাৰিআলিৰ সমীপৰ জাগৃতি হোণ্ডাৰ ৱৰ্কশ্ব'পত নিশা চোৰে চলায় লুটপাত । প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই সন্দেহ কৰা মতে নিশা প্ৰথমে গেটৰ তলা ভাঙি ৱৰ্কশ্ব'প চৌহদত প্ৰৱেশৰ চেষ্টা চলাইছিল চোৰে (Thief case in jagriti honda workshop) ৷

Thief case in nagaon : 12 লক্ষাধিক টকাৰ সামগ্ৰী লুটি নিলে চোৰে

কিন্ত গেটেৰে চৌহদত প্ৰৱেশত ব্যৰ্থ হোৱাত চৌহদৰ দেৱাল পাৰ হৈ টিন ভাঙি ভিতৰত প্ৰৱেশ কৰে চোৰে । তাৰ পিছত ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা নগদ ১২ লাখ 66 হাজাৰ টকাৰ লগতে প্ৰতিষ্ঠানটোৰ দুটাকৈ লেপটপ লুটি নিয়ে চোৰে ।

সোমবাৰে পুৱা প্ৰতিষ্ঠানটোত উপস্থিত হোৱা কৰ্মচাৰীয়ে চুৰি হোৱা সন্দৰ্ভত অৱগত হোৱাৰ পাছতে প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীকো অৱগত কৰে । পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ঘটনাস্থলীত উপস্থিত হৈ নগাঁও আৰক্ষীক অৱগত কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও এই বাতৰি প্ৰস্তুত কৰা সময়লৈকে চোৰৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই ৷

সঘনাই সংঘটিত হোৱা এনে চুৰি কাণ্ডক লৈ সম্প্ৰতি শংকিত হৈ পৰিছে নগাঁৱৰ ৰাইজ । স্মৰ্তব্য যে নগাঁও চহৰৰ মাজমজিয়াত পুনৰ চুৰি কাণ্ড সংঘটিত হোৱাত নগাঁও আৰক্ষীৰ ভূমিকাক লৈ নানা প্ৰশ্ন উত্থাপন কৰিছে সচেতন মহলে । কিয়নো চহৰখনত ক্ৰমাগত হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে চুৰিৰ লগতে বিভিন্ন অপৰাধজনিত ঘটনা ৷

চহৰখনৰ মাজমজিয়াতে আৰক্ষীৰ নিয়মীয়া পেট্ৰলিঙৰ ব্যৱস্থা কৰিবলৈও দাবী উত্থাপন কৰিছে বিভিন্নজনে ।

লগতে পঢ়ক: GMC Scam : জিএমচিৰ বোকা কেলেংকাৰীৰ অন্যতম অভিযুক্ত তছদিকুৰ ৰহমানে প্ৰদান কৰা নাই সম্পত্তি কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.